--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুড ব্লগাৰ নাটাছা ডিড্ডীৰ ৫০ বছৰ বয়সতে মৃত্যু হয়। ২৪ মাৰ্চত নাটাছাৰ মৃত্যু হয়। বহুদিন তেওঁ অসুস্থ হৈ আছিল। খাদ্যৰ পৰীক্ষা-নিৰীক্ষা কৰি তেওঁ ভাল পাইছিল। নাটাছাই আগতে নতুন নতুন ৰেচিপি বনাইছিল আৰু সেই ৰেচিপিবোৰ ছ’চিয়েল মিডিয়াত দেখুৱাইছিল। নাটাছাৰ পেটৰ টিউমাৰ ধৰা পৰিছিল। তেতিয়াৰ পৰাই আৰম্ভ হ’ল ফুড ব্লগাৰজনৰ শাৰিৰীক সমস্যা।

নাটাছাৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে স্বামীয়ে। তেওঁ ইনষ্টাগ্ৰামত লিখিছে, "দুখৰেই মোৰ পত্নী নাটাছা দিদীৰ মৃত্যুৰ কথা আপোনালোকক অৱগত কৰিছোঁ। ২৪ তাৰিখে পুৱা পুনেত তেওঁৰ মৃত্যু হয়। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট ‘The GutlessFoodie’ খোলা থাকিব। কাৰণ মই জানো তাইৰ কাহিনীবোৰে আপোনালোকৰ বহুতকে অনুপ্ৰাণিত কৰে। মই জানো যে আপুনি বাৰে বাৰে তাইৰ ইনষ্টাগ্ৰাম পেজলৈ আহিব বিভিন্ন ৰেচিপিৰ বাবে।’’

নাটাছাৰ ভাতৃ ছেম দিডিয়ে কয় যে প্ৰায় ১২ বছৰ ধৰি নাটাছাৰ শৰীৰত পাকস্থলী নাছিল। টিউমাৰৰ বাবে চিকিৎসকে তেওঁৰ পেট আঁতৰাই পেলায়। কিন্তু এই ঘটনাৰ পিছতো নাটাছাই জীৱনত হাৰ মানিবলৈ অস্বীকাৰ কৰিছিল। শাৰীৰিক অক্ষমতাৰ মাজতো তেওঁ ইটোৰ পিছত সিটো নতুন নতুন ৰেচিপিৰে অনুৰাগীৰ হৃদয় জয় কৰি আহিছে।

ছ’চিয়েল মিডিয়াত ‘দ্য গাটলেছ ফুডি’ নামেৰে পৰিচিত আছিল তিনিওজন। পাৰিবাৰিক সমস্যাৰ বাবে নাটাছাৰ চেফ হোৱাৰ সপোন সফল নহ’ল। পিছলৈ তেওঁ নিজৰ সপোন পূৰণৰ বাবে ছ’চিয়েল মিডিয়াক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল, আৰু তেওঁ বিপুল সফলতা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement