--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ ফেইলেৰে খ্যাতি লাভ কৰা বিক্ৰান্ত মেছি বৰ্তমান চৰ্চাত আছে।চলচ্চিত্ৰখনৰ অভিনেতাগৰাকীৰ অভিনয়ক সকলোতে প্ৰশংসা কৰা হৈছে। ইতিমধ্যে নিজৰ ছবিখনৰ সফলতাত বিক্ৰান্ত অতি সুখী। ইফালে অভিনেতাগৰাকীৰ বাবে আহিছে এক সুখৰ খবৰ। বিবাহৰ ২ বছৰৰ পাছত পিতৃ হোৱাৰ গৌৰৱ লাভ কৰিছে বিক্ৰান্তে। অভিনেতাগৰাকীৰ পত্নী শীতল ঠাকুৰে এটি পুত্ৰ সন্তান জন্ম দিছে।


ছচিয়েল মিডিয়া একাউণ্টত বিক্ৰান্ত মেছি আৰু শীতলে প্ৰথম সন্তানক আদৰণি জনোৱাৰ কথা ঘোষণা কৰিছে। বিক্ৰান্তৰ এই পোষ্টটোৰ পাছত এতিয়া সকলোৱে অভিনেতাগৰাকীক অভিনন্দন জনোৱা দেখা গৈছে। পোষ্টটোৰ ওপৰত মন্তব্য কৰি অভিনেত্ৰী ৰাশি খান্নাই লিখিছে - অভিনন্দন মেছি। ইফালে আৰ জে কৃষ্ণাই লিখিছে – বহুত বহুত অভিনন্দন। ইয়াৰ উপৰিও টিভি অভিনেত্ৰী সুৰভি জ্যোতিয়ে মন্তব্য- অভিনন্দ। অভিনেত্ৰী শোভিতা দাস,ডিজাইনাৰ মণীষ মালহোত্ৰাকে ধৰি বহু চেলিব্ৰীটিয়ে দম্পতীহালক পিতৃ-মাতৃ হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।


উল্লেখ্য যে বিক্ৰান্ত মেছি ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত শীতল ঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পাহাৰীয়া ৰীতি-নীতিৰে সম্পন্ন হৈছিল দম্পতীহালৰ বিবাহ। ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ বিক্ৰান্ত মেছীক ১২ ফেইল ছবিখনত দেখা গৈছিল। দৰ্শকে এই ছবিখন বহুত ভাল পাইছে। কম বাজেটত নিৰ্মিত এই ছবিখনৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। ছবিখনত বিক্ৰান্তৰ অভিনয় প্ৰশংসনীয়। আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ১২ ফেইলক ফিল্মফেয়াৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে। একে সময়তে ছবিখনৰ পৰিচালক বিধু বিনোদ চোপ্ৰাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও এই ছবিখনৰ বাবে বিক্ৰান্ত মেছীয়ে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু