--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ ফেইলেৰে খ্যাতি লাভ কৰা বিক্ৰান্ত মেছি বৰ্তমান চৰ্চাত আছে।চলচ্চিত্ৰখনৰ অভিনেতাগৰাকীৰ অভিনয়ক সকলোতে প্ৰশংসা কৰা হৈছে। ইতিমধ্যে নিজৰ ছবিখনৰ সফলতাত বিক্ৰান্ত অতি সুখী। ইফালে অভিনেতাগৰাকীৰ বাবে আহিছে এক সুখৰ খবৰ। বিবাহৰ ২ বছৰৰ পাছত পিতৃ হোৱাৰ গৌৰৱ লাভ কৰিছে বিক্ৰান্তে। অভিনেতাগৰাকীৰ পত্নী শীতল ঠাকুৰে এটি পুত্ৰ সন্তান জন্ম দিছে।


ছচিয়েল মিডিয়া একাউণ্টত বিক্ৰান্ত মেছি আৰু শীতলে প্ৰথম সন্তানক আদৰণি জনোৱাৰ কথা ঘোষণা কৰিছে। বিক্ৰান্তৰ এই পোষ্টটোৰ পাছত এতিয়া সকলোৱে অভিনেতাগৰাকীক অভিনন্দন জনোৱা দেখা গৈছে। পোষ্টটোৰ ওপৰত মন্তব্য কৰি অভিনেত্ৰী ৰাশি খান্নাই লিখিছে - অভিনন্দন মেছি। ইফালে আৰ জে কৃষ্ণাই লিখিছে – বহুত বহুত অভিনন্দন। ইয়াৰ উপৰিও টিভি অভিনেত্ৰী সুৰভি জ্যোতিয়ে মন্তব্য- অভিনন্দ। অভিনেত্ৰী শোভিতা দাস,ডিজাইনাৰ মণীষ মালহোত্ৰাকে ধৰি বহু চেলিব্ৰীটিয়ে দম্পতীহালক পিতৃ-মাতৃ হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।


উল্লেখ্য যে বিক্ৰান্ত মেছি ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত শীতল ঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পাহাৰীয়া ৰীতি-নীতিৰে সম্পন্ন হৈছিল দম্পতীহালৰ বিবাহ। ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ বিক্ৰান্ত মেছীক ১২ ফেইল ছবিখনত দেখা গৈছিল। দৰ্শকে এই ছবিখন বহুত ভাল পাইছে। কম বাজেটত নিৰ্মিত এই ছবিখনৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। ছবিখনত বিক্ৰান্তৰ অভিনয় প্ৰশংসনীয়। আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন। ১২ ফেইলক ফিল্মফেয়াৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে। একে সময়তে ছবিখনৰ পৰিচালক বিধু বিনোদ চোপ্ৰাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও এই ছবিখনৰ বাবে বিক্ৰান্ত মেছীয়ে সমালোচকৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক