--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন ছবি 'ৰামায়ণ'ৰ শ্বুটিঙৰ বাবে সাজু হৈছে ৰণবীৰ কাপুৰ। 'ৰামায়ণ'ত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া ৰণবীৰে ইতিমধ্যে মদ-মাংস ত্যাগ কৰিছে।  চলিত বৰ্ষৰ  মাৰ্চ মাহৰ পৰা 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা। একিন্তু জানিব পৰা মতে 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ৰণবীৰৰ 'ৰামায়ণ'ৰ সীতা সলনি হৈছে। ইয়াৰ আগতে এই চৰিত্ৰত দক্ষিণৰ অভিনেত্ৰী চাই পল্লৱীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছিল।   কিন্তু এতিয়া আন এগৰাকী  তাৰকাৰ নামহে সীতাৰ চৰিত্ৰৰ বাবে ওলাইছে। 

তেন্তে ৰণবীৰৰ  বিপৰীতে সীতা হিচাপে কাক দেখা যাব? শুনা গৈছে যে শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰক চাই পল্লৱীৰ পৰিৱৰ্তে সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰা হৈছে। জাহ্নৱীয়ে নীতিশ তিৱাৰীৰ দ্বাৰা পৰিচালিত 'বাৱাল' ছবিখনত সুন্দৰ অভিনয় কৰিছে। সেই অভিনয় চাই পৰিচালকে তেওঁক সীতাৰ চৰিত্ৰৰ বাবে বাছনি কৰা বুলি এটা মহলে প্ৰকাশ কৰিছে। পৰিচালকে  ভাবিছে যে জাহ্নৱীয়েই  সীতাৰ চৰিত্ৰটোৰ বাবে সৰ্বশ্ৰেষ্ঠ উপযুক্ত হ'ব। জানিব পৰা মতে ছবিখনত 'কেজিএফ' তাৰকা যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব। 

বিজয় সেতুপতিয়ে বিভীষণৰ চৰিত্ৰত অভিনয় কৰিব আৰু হনুমানৰ চৰিত্ৰত দেখা যাব  ছানী দেওলক।ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই  তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। 

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ   ১২০  দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নীতিশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা  বিতৰ্কৰ পৰা  বহু কথাই শিকিছে। 
নীতিশৰ ছবি  'ৰামায়ণ'ৰ বেছিভাগ  দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ'ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে  লণ্ডনলৈ উৰা মাৰিব।  দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব।  দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু