--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই স্বীকৃতি হৈছে মহাৰাষ্ট্ৰৰ সাহস, স্থাপত্য পৰম্পৰা আৰু স্বৰাজ্যৰ প্ৰমাণ-পত্র

ডিজিটেল ডেস্ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে মহাৰাষ্ট্ৰ তথা ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই ছত্রপতি শিৱাজীয়ে নির্মাণ কৰোওৱা ১২টা দুর্গই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ইয়াৰে ১১টা দুর্গ আছে মহাৰাষ্ট্ৰত আৰু ১টা তামিলনাডুত।


ভাৰতৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত পুৰাতত্ত্ব আৰু সংগ্ৰহালয় সঞ্চালকালয়ে এই স্বীকৃতিৰ বাবে প্ৰেৰণ কৰা প্ৰস্তাৱৰ পাছত এই দুর্গসমূহক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স্থানৰ স্বীকৃতি দিয়া হৈছে।


এই দুৰ্গসমূহৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ ৰায়গড়, প্রতাপগড়, পানহালা, শিৱেনেৰী, লোহগড়, সালহেৰ, সিন্ধুদুর্গ, সুৱৰ্ণদুর্গ, বিজয়দুৰ্গ আৰু খাণ্ডেৰী তথা তামিলনাডুৰ গিংগী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তিত কোৱা হৈছে, 'এই দুৰ্গবোৰক সেইবোৰৰ সামৰিক বৈশিষ্ট্য, স্থাপত্য শৈলী আৰু সাংস্কৃতিক গুৰুত্বকে ধৰি উল্লেখযোগ্য বিশ্বজনীন মূল্যৰ বাবে স্বীকৃতি দিয়া হৈছে। এই স্বীকৃতি হৈছে মহাৰাষ্ট্ৰৰ সাহস, স্থাপত্য পৰম্পৰা আৰু স্বৰাজ্যৰ প্ৰমাণ-পত্র।'


উল্লেখযোগ্য যে 'মাৰাঠা মিলিটেৰী লেণ্ডস্কেপ অব্ ইণ্ডিয়া' ধাৰণাৰ অধীনত ছত্রপতি শিৱাজী মহাৰাজৰ দুৰ্গবোৰৰ বাবে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স্থানৰ মৰ্যাদা লাভ কৰিবলৈ যোৱা ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু তথ্য-প্রযুক্তি বিভাগৰ মন্ত্ৰী আশিস শেলাৰৰ নেতৃত্বত এটা প্রতিনিধি দল পেৰিছলৈ গৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক