--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই স্বীকৃতি হৈছে মহাৰাষ্ট্ৰৰ সাহস, স্থাপত্য পৰম্পৰা আৰু স্বৰাজ্যৰ প্ৰমাণ-পত্র

ডিজিটেল ডেস্ক : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে মহাৰাষ্ট্ৰ তথা ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই ছত্রপতি শিৱাজীয়ে নির্মাণ কৰোওৱা ১২টা দুর্গই লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ইয়াৰে ১১টা দুর্গ আছে মহাৰাষ্ট্ৰত আৰু ১টা তামিলনাডুত।


ভাৰতৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত পুৰাতত্ত্ব আৰু সংগ্ৰহালয় সঞ্চালকালয়ে এই স্বীকৃতিৰ বাবে প্ৰেৰণ কৰা প্ৰস্তাৱৰ পাছত এই দুর্গসমূহক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স্থানৰ স্বীকৃতি দিয়া হৈছে।


এই দুৰ্গসমূহৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ ৰায়গড়, প্রতাপগড়, পানহালা, শিৱেনেৰী, লোহগড়, সালহেৰ, সিন্ধুদুর্গ, সুৱৰ্ণদুর্গ, বিজয়দুৰ্গ আৰু খাণ্ডেৰী তথা তামিলনাডুৰ গিংগী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তিত কোৱা হৈছে, 'এই দুৰ্গবোৰক সেইবোৰৰ সামৰিক বৈশিষ্ট্য, স্থাপত্য শৈলী আৰু সাংস্কৃতিক গুৰুত্বকে ধৰি উল্লেখযোগ্য বিশ্বজনীন মূল্যৰ বাবে স্বীকৃতি দিয়া হৈছে। এই স্বীকৃতি হৈছে মহাৰাষ্ট্ৰৰ সাহস, স্থাপত্য পৰম্পৰা আৰু স্বৰাজ্যৰ প্ৰমাণ-পত্র।'


উল্লেখযোগ্য যে 'মাৰাঠা মিলিটেৰী লেণ্ডস্কেপ অব্ ইণ্ডিয়া' ধাৰণাৰ অধীনত ছত্রপতি শিৱাজী মহাৰাজৰ দুৰ্গবোৰৰ বাবে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য স্থানৰ মৰ্যাদা লাভ কৰিবলৈ যোৱা ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু তথ্য-প্রযুক্তি বিভাগৰ মন্ত্ৰী আশিস শেলাৰৰ নেতৃত্বত এটা প্রতিনিধি দল পেৰিছলৈ গৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক