--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ বিবাহে এটা সময়ত বিশেষ চৰ্চা লাভ কৰিছিল। আম্বানী পৰিয়ালৰ পুত্ৰৰ নামি দামি বাহন সংগ্ৰহৰ ভিতৰত কেইবাখনো বাহন চৰ্চিত

ডিজিটেল ডেস্ক : মুকেশ আম্বানীৰ আটাইতকৈ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ দৈনন্দিন বৃদ্ধি পাব ধৰিছে ইখনত কৈ সিখন বিলাসী গাড়ীৰ সংখ্যা ।


অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ বিবাহে এটা সময়ত বিশেষ চৰ্চা লাভ কৰিছিল। আম্বানী পৰিয়ালৰ পুত্ৰৰ নামি দামি বাহন সংগ্ৰহৰ ভিতৰত কেইবাখনো বাহন চৰ্চিত। আহক জানো চৰ্চিত এই বিলাসী বাহন সমুহৰ নাম।


Rolls-Royce Cullinan


শেহতীয়াকৈ অনন্ত আম্বানীক তেওঁৰ ৰ’লছ ৰয়েচ কুলিনান ব্লেক বেজ গাড়ীত গাড়ী চলাই ঘূৰি ফুৰা দেখা গৈছিল। আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰই ৰ’লছ ৰয়ছ গাড়ীত বহি বন্ধু-বান্ধৱীক বিয়াৰ কাৰ্ড বিতৰণ কৰা দেখা পোৱা গৈছিল । অনন্ত আম্বানীক অজয় দেৱগন আৰু কাজোলৰ ঘৰৰ পৰা তেওঁৰ ৰ’লছ ৰয়েছ গাড়ীৰে ওলাই যোৱাও দেখা গৈছিল।


Mercedes-Benz S Class


মাৰ্চিডিজ বেঞ্জ এছ ক্লাছ এখন আচৰিত ধৰনৰ বিলাসী গাড়ী। এই গাড়ীখনত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই গাড়ীৰ ভিতৰৰ অংশ অত্যন্ত উন্নত মানদণ্ডৰ । এই গাড়ীখনৰ এক্স শ্ব’ৰুমৰ মূল্য ১.৭৭ কোটি টকাৰ পৰা আৰম্ভ হৈ ১.৮৬ কোটি টকালৈ বৃদ্ধি পায়।


Range Rover Vogue


ৰেঞ্জ ৰভাৰ ভোগত ২৯৯৬ চিচি, ৬ চিলিণ্ডাৰ ইনলাইন, ৪ ভালভ, ডিঅ’এইচচি ইঞ্জিন আছে যিয়ে ৫,৫০০ আৰপিএমত ৩৯৪ বিএইচপি শক্তি আৰু ২,০০০ আৰপিএমত ৫৫০ এনএম টৰ্ক উৎপাদন কৰে। এই গাড়ীৰ মূল্য ২.২৬ কোটি টকা।


Mercedes-Benz G63 AMG


মাৰ্চিডিজ-বেঞ্জ G63 AMG শক্তিশালী প্ৰদৰ্শনৰ বাবে পৰিচিত। এই মাৰ্চিডিজ বেঞ্জ গাড়ীখনৰ ইঞ্জিন ৩৯৮২ চিচি। এই গাড়ীখনত পাঁচজন লোকৰ বহাৰ ক্ষমতা আছে। এই গাড়ীৰ মূল্য ২.৪৫ কোটি টকাৰ পৰা আৰম্ভ হৈ ৩.৩০ কোটি টকালৈ বৃদ্ধি পায়।


BMW i8


অটোমোটিভ উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত গাড়ী BMW i8। এই গাড়ীখনৰ ডিজাইন যথেষ্ট আচৰিত। লগতে এই গাড়ীখনত হাইব্ৰিড প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই গাড়ীৰ মূল্য ২.১৪ কোটি টকা।


এনেদৰেই চলি আছে আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিলাসী জীৱন । য'ত এখন গাড়ীৰ ক্ৰয়ৰ বাবে সাধাৰন মানুহে বহু বাৰ ভাবে তেনে স্থলত আম্বানী পুত্ৰ কোটিৰ ঘৰত হে চৰ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক