--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আলফা (স্বাধীন)য়ে এক বিবৃতি প্ৰকাশ কৰি, এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱা কথাও নিশ্চিত কৰিছে

ডিজিটেল ডেস্কঃ ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছে ভাৰতীয় সেনাই ।


এই কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে। আলফা (স্বাধীন)য়ে এক বিবৃতি প্ৰকাশ কৰি, এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱা কথাও নিশ্চিত কৰিছে।


বিবৃতিত কোৱা হৈছে যে, ১৩ জুলাই ২০২৫ তাৰিখে নাগালেণ্ড-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” আৰু “আৰ পি এফ/ পি এল এ” সংগঠনৰ বিভিন্ন চলনাম শিবিৰত ড্ৰোণেৰে আক্ৰমণ কৰে সেনাই। সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে৷


আলফা (স্বাধীন)য়ে বিদ্ৰোহী সংগঠনৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সেনাই সংঘটিত কৰা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মৃত্যু হৈছে বুলি জানিবলৈ দিছে । ইয়াৰ লগতে সংগঠনটোৰ বিভিন্ন শিবিৰত থকা প্ৰায় ১৯ গৰাকী বিষয়া-সদস্য আহত হোৱাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে।


বিবৃতিত কোৱা হৈছে যে, সেনাৰ আক্ৰমণৰ প্ৰাৰম্ভিক তথ্য প্ৰকাশ কৰিছে আলফা (স্বাধীন) য়ে ৷ পৰৱৰ্তী পৰ্যায়ত সবিশেষ তথ্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে বিদ্ৰোহী সংগঠনটোৱে।


উল্লেখ্য যে, বিগত সময়ত আলফা (স্বাধীন) ৰ দাবীসমূহ পূৰণৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সৈতে যুক্তিপূৰ্ণ আলোচনাৰ বাবে পৰেশ বৰুৱাই সন্মতি প্ৰকাশ কৰি অহা দেখা গৈছে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীয়েও আলফা (স্বাধীন)ৰ সৈতে বুজাবুজিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এই সন্দৰ্ভত কথা-বতৰা হৈ থকা বুলি বিভিন্ন সময়ত উল্লেখ কৰিছে আহিছে। ইয়াৰ মাজতে আলফা (স্বাধীন)ত ভাৰতীয় সেনাৰ এই আক্ৰমণে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা