--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আলফা (স্বাধীন)য়ে এক বিবৃতি প্ৰকাশ কৰি, এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱা কথাও নিশ্চিত কৰিছে

ডিজিটেল ডেস্কঃ ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছে ভাৰতীয় সেনাই ।


এই কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে। আলফা (স্বাধীন)য়ে এক বিবৃতি প্ৰকাশ কৰি, এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱা কথাও নিশ্চিত কৰিছে।


বিবৃতিত কোৱা হৈছে যে, ১৩ জুলাই ২০২৫ তাৰিখে নাগালেণ্ড-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” আৰু “আৰ পি এফ/ পি এল এ” সংগঠনৰ বিভিন্ন চলনাম শিবিৰত ড্ৰোণেৰে আক্ৰমণ কৰে সেনাই। সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে৷


আলফা (স্বাধীন)য়ে বিদ্ৰোহী সংগঠনৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সেনাই সংঘটিত কৰা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মৃত্যু হৈছে বুলি জানিবলৈ দিছে । ইয়াৰ লগতে সংগঠনটোৰ বিভিন্ন শিবিৰত থকা প্ৰায় ১৯ গৰাকী বিষয়া-সদস্য আহত হোৱাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে।


বিবৃতিত কোৱা হৈছে যে, সেনাৰ আক্ৰমণৰ প্ৰাৰম্ভিক তথ্য প্ৰকাশ কৰিছে আলফা (স্বাধীন) য়ে ৷ পৰৱৰ্তী পৰ্যায়ত সবিশেষ তথ্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে বিদ্ৰোহী সংগঠনটোৱে।


উল্লেখ্য যে, বিগত সময়ত আলফা (স্বাধীন) ৰ দাবীসমূহ পূৰণৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সৈতে যুক্তিপূৰ্ণ আলোচনাৰ বাবে পৰেশ বৰুৱাই সন্মতি প্ৰকাশ কৰি অহা দেখা গৈছে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীয়েও আলফা (স্বাধীন)ৰ সৈতে বুজাবুজিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এই সন্দৰ্ভত কথা-বতৰা হৈ থকা বুলি বিভিন্ন সময়ত উল্লেখ কৰিছে আহিছে। ইয়াৰ মাজতে আলফা (স্বাধীন)ত ভাৰতীয় সেনাৰ এই আক্ৰমণে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক