--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ইউটিউব জগত উপাৰ্জনৰ এক আহিলা হিচাপে সমাজত খ্যাতি অৰ্জন কৰিছে৷ ভাৰতত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী আৰু ইউটিউবাৰৰ বিস্তৃত বৈচিত্ৰ্য আছে যদিও ভিৰৰ মাজৰ পৰা আঁতৰি থকা এজন ইউটিউবাৰ হৈছে ভুৱন বাম, যাৰ সফলতাৰ কাহিনী আছে আৰু তেওঁ নিজকে ভাৰতৰ আটাইতকৈ ধনী ইউটিউবাৰ হিচাপে গঢ়ি তুলিছে।

মনোৰঞ্জন জগতত এজন উদীয়মান সংগীতজ্ঞ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ভূৱন বামে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আৰম্ভণি কৰিছিল৷ অৱশ্যে এতিয়া ইউটিউবত সৰ্বাধিক নেট ৱৰ্থ থকা ভাৰতৰ অন্যতম শীৰ্ষ ইউটিউবাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে বামে।

ভূৱন বাম মূলতঃ গুজৰাটৰ বৰোদাৰ আৰু সংগ্ৰামী সংগীত কেৰিয়াৰৰ পৰাই খ্যাতি আৰু সফলতাৰ দিশত যাত্ৰা আৰম্ভ কৰিছিল। এজন উচ্চাকাংক্ষী সংগীতজ্ঞ ভুৱন বামে আগতে দিল্লীৰ সৰু সৰু কেফে আৰু ৰেষ্টুৰেণ্টত গান গাইছিল আৰু ৰিয়েলিটি টিভি শ্ব’ৰ গায়ক প্ৰতিযোগিতাৰ বাবে শাৰী পাতি থিয় হৈছিল।

সংবাদ মাধ্যমৰ বাতৰি আৰু পূৰ্বৰ সাক্ষাৎকাৰ অনুসৰি ভুৱন বামে আগতে কেফে-ৰেষ্টুৰেণ্টত সংগীতজ্ঞ হিচাপে গান গাইছিল আৰু মাহে মাত্ৰ ৫০০০ টকাহে উপাৰ্জন কৰিছিল।সেয়েহে তেওঁ আৰম্ভণিতে নিজৰ গীতৰ কেৰিয়াৰ এৰি দিয়াৰ সিদ্ধান্ত লৈ কন্টেন্ট ক্ৰিয়েচনৰ বাবে ইউটিউবলৈ যোৱাৰ সাহস কৰে।

ইউটিউবত বামৰ প্ৰথমটো ভিডিঅ’ আছিল কাশ্মীৰৰ ভাইৰেল ভিডিঅ’ৰ পেৰ’ডী, য’ত এজন সাংবাদিকে বানত ঘৰ হেৰুৱাই পেলোৱা এজন ব্যক্তিক সংবেদনহীন প্ৰশ্ন কৰিছিল। তেওঁৰ প্ৰথম ভিডিঅ’টোত তেওঁৰ কমেডিয়ান হিচাপে দক্ষতা সকলোৱে দেখিছিল, আৰু তেওঁ অতি সোনকালেই এইক্ষেত্ৰত সফল হ’ব পাৰিছিল৷

ভুৱন বামে অতি সোনকালেই বি বি কি ভাইনছ নামৰ তেওঁৰ ইউটিউব চেনেলটো মুকলি কৰে, য’ত তেওঁ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ কিছুমান চৰিত্ৰৰ অভিনয় কৰি চুটি ভিডিঅ’ পোষ্ট কৰিছিল, স্পুফ ভিডিঅ’ আৰু হাস্যকৰ মন্তব্য তৈয়াৰ কৰিছিল। বি বি কি ভিনছৰ অতি সোনকালেই মানুহৰ মাজত বিয়পি পৰিল আৰু আজিলৈকে ইয়াৰ ২.৬ কোটিতকৈ অধিক ছাবচক্ৰাইবাৰ আছে।

বৰ্তমান জানিব পৰা মতে ভূৱন বামৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫ মিলিয়ন মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১২২ কোটি টকা। তেওঁৰ নেট ৱৰ্থ তেওঁৰ ব্ৰেণ্ড আৰু এণ্ডাৰছমেণ্ট চুক্তিৰ পৰাই উদ্ভৱ হৈছে, লগতে তেওঁৰ ৱেব ছিৰিজ, চিনেমাৰ চৰিত্ৰ আৰু ইউটিউবৰ পৰা পোৱা ৰাজহৰ সৈতে সন্নিৱিষ্ট হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?