--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী বোৱাৰীয়ে মছলা বতা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুক

ডিজিটেল ডেস্ক : চ'তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ কথা হয়তো আপোনালোকে শুনিছে কিন্তু এইবাৰ মাকৰ ঘৰলৈ যাবলৈ ওলাওতেই লাগিল কেনা ।এগৰাকী বোৱাৰীয়ে মছলা বতা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুক ।


এই ঘটনা মঙলদৈ ৫ নং ওৱাৰ্ডৰ ।শাহুক প্ৰহাৰ কৰি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত শাহুৰ কাষতে ৬ মহীয়া শিশুক এৰি থৈ মাকৰ ঘৰলৈ গুচি গল বোৱাৰী। ঘটনা অনুসৰি মঙলদৈ ৫ নং ওৱাৰ্ডৰ বাসিন্দা কৰিম আলিৰ পত্নী জৰিফুল বেগমে পিতৃ সহ কেইবাজনো ব্যক্তিৰ সহায়ত শনিবাৰে প্ৰায় ৯/১০ মান বজাত শাহুৱেক কৰিমা বেগমক মচলা পিসা শিলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ।


বোৱাৰী জৰিফুল বেগমে শাহুক মাৰপিট কৰি নিজৰে ৬ মহীয়া কন্যা সন্তানটিক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত শাহুয়েকৰ কাষতে পেলাই থৈ মাকৰ ঘৰলৈ গুচি যায়। স্বামী কৰিম আলি ঘৰত নথকাৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰে পত্নীয়ে। পিছত স্বামী কৰিম আলি ঘৰত উপস্থিত হৈ লগে লগে আঘাতপ্ৰাপ্ত মাতৃক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।


এইক্ষেত্ৰত কৰিম আলিয়ে পত্নীসহ আনকেইজন সহযোগীৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।মাৰপিতৰ ঘটনা কিয় সংঘটিত হল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও বোৱাৰী জনী সঘনাই মাতৃ গৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰাই শাহু বোৱাৰীৰ মাজত মতানক্য চলি থকা বুলি জানিব দিয়ে স্বামী কৰিম আলিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ