--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে ১৪ ফেব্ৰুৱাৰী। বিশ্বজুৰি পালন কৰা হ’ব প্ৰেমৰ দিন ‘ভেলেণ্টাইন ডে’। পিছে ভাৰতৰ অলেখ অযুত প্ৰেমিক-প্ৰেমিকাই ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ নহয়, গৰুকহে আলিংগন কৰিব লাগিব। কেৱল প্ৰেমিক-প্ৰেমিকা বুলিয়েই নহয়, সমগ্ৰ দেশবাসীয়েই ১৪ ফেব্ৰুৱাৰীত পালন কৰিব 'গৰু আলিংগন দিৱস’!

১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন দিৱস পালন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে। এক বিবৃতি যোগে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰী দিনটো ‘গৰু আলিংগন দিৱস’ হিচাপে উদযাপন কৰিব লাগে বুলি প্ৰকাশ কৰিছে।

বিবৃতিটোত ব’ৰ্ডে কয়, “আমি সকলোৱে জানো যে গৰু ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, আমাৰ জীৱন জীয়াই ৰাখে, গৰু সম্পদ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।” মাতৃৰ দৰে স্বভাৱৰ বাবেই গৰুক ‘কামধেনু’ আৰু ‘গৌমাতা’ বুলি জনা যায় বুলি ব’ৰ্ডে লগতে কয়।



“গৰুৰ অপৰিসীম উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ সৈতে আলিংগন কৰিলে আৱেগিক সমৃদ্ধি আহিব আৰু তেতিয়া আমাৰ ব্যক্তিগত আৰু সামূহিক সুখ বৃদ্ধি পাব।”- বিবৃতিটোত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে লগতে কয়।

যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা আৰু অফিচিয়েল ৱেবছাইটত উপলব্ধ এই বিবৃতিত ব’ৰ্ডে লগতে গৰুক মানুহক ধনৱন্ত কৰি তোলা সকলো দ্ৰব্যৰে দাতা বুলি উল্লেখ কৰিছে। চৰকাৰী সংস্থাটোৰ মতে, পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন।

ব’ৰ্ডৰ মতে, “সেয়েহে সকলো গৰুপ্ৰেমীয়েও ১৪ ফেব্ৰুৱাৰীক গৰু আলিংগন দিৱস হিচাপে উদযাপন কৰিব পাৰে আৰু মাতৃ গৰুৰ গুৰুত্বৰ কথা মনত ৰাখি জীৱনটো সুখী আৰু ইতিবাচক শক্তিৰে ভৰা কৰি তুলিব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ