--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে ১৪ ফেব্ৰুৱাৰী। বিশ্বজুৰি পালন কৰা হ’ব প্ৰেমৰ দিন ‘ভেলেণ্টাইন ডে’। পিছে ভাৰতৰ অলেখ অযুত প্ৰেমিক-প্ৰেমিকাই ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ নহয়, গৰুকহে আলিংগন কৰিব লাগিব। কেৱল প্ৰেমিক-প্ৰেমিকা বুলিয়েই নহয়, সমগ্ৰ দেশবাসীয়েই ১৪ ফেব্ৰুৱাৰীত পালন কৰিব 'গৰু আলিংগন দিৱস’!

১৪ ফেব্ৰুৱাৰীত গৰু আলিংগন দিৱস পালন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে। এক বিবৃতি যোগে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰী দিনটো ‘গৰু আলিংগন দিৱস’ হিচাপে উদযাপন কৰিব লাগে বুলি প্ৰকাশ কৰিছে।

বিবৃতিটোত ব’ৰ্ডে কয়, “আমি সকলোৱে জানো যে গৰু ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, আমাৰ জীৱন জীয়াই ৰাখে, গৰু সম্পদ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।” মাতৃৰ দৰে স্বভাৱৰ বাবেই গৰুক ‘কামধেনু’ আৰু ‘গৌমাতা’ বুলি জনা যায় বুলি ব’ৰ্ডে লগতে কয়।



“গৰুৰ অপৰিসীম উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ সৈতে আলিংগন কৰিলে আৱেগিক সমৃদ্ধি আহিব আৰু তেতিয়া আমাৰ ব্যক্তিগত আৰু সামূহিক সুখ বৃদ্ধি পাব।”- বিবৃতিটোত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে লগতে কয়।

যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা আৰু অফিচিয়েল ৱেবছাইটত উপলব্ধ এই বিবৃতিত ব’ৰ্ডে লগতে গৰুক মানুহক ধনৱন্ত কৰি তোলা সকলো দ্ৰব্যৰে দাতা বুলি উল্লেখ কৰিছে। চৰকাৰী সংস্থাটোৰ মতে, পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন।

ব’ৰ্ডৰ মতে, “সেয়েহে সকলো গৰুপ্ৰেমীয়েও ১৪ ফেব্ৰুৱাৰীক গৰু আলিংগন দিৱস হিচাপে উদযাপন কৰিব পাৰে আৰু মাতৃ গৰুৰ গুৰুত্বৰ কথা মনত ৰাখি জীৱনটো সুখী আৰু ইতিবাচক শক্তিৰে ভৰা কৰি তুলিব পাৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক