--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী বিতৰ্কই তোলপাৰ লগাইছে সদন। চলিত বাজেট অধিৱেশনত শেহতীয়া কিছুদিন ধৰি আদানীৰ জালিয়াতিৰ আলোচনা তথা তদন্ত বিচাৰি বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতা সাংসদ ৰাহুল গান্ধী ধাৰাবাহিকভাৱে এই বিষয় উত্থাপন কৰি সোচ্চাৰ হৈ আহিছে।

আজি সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুটীয়া বৈঠকত দিয়া ভাষণত ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ ধন্যবাদ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে পুনৰ আদানী বিতৰ্কক চৰ্চালৈ আনি সমালোচনাত মুখৰ হৈ পৰে ৰাহুল গান্ধী। মোদীৰ ভাষণত বহু সত্য উন্মোচিত হোৱা বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আদানীক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে নিজ ভাষণত আদানী বিবাদক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যত হতভম্ব হৈ পৰা বুলি উল্লেখ কৰি আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ আহ্বান নকৰাৰ বাবে মোদীক তীব্ৰ সমালোচনা কৰে।

সংসদৰ বাহিৰত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে মোদী সন্দৰ্ভত কয়, “তেওঁ থতমত খাইছিল। মোৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিলে। অৱশ্যে মই কোনো জটিল প্ৰশ্ন কৰা নাই। মই মাত্ৰ সুধিছিলোঁ গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত কিমানবাৰ সাক্ষাৎ হৈছিল।”

গান্ধীয়ে লগতে কয়, “মই প্ৰধানমন্ত্ৰীৰ ভাষণত সন্তুষ্ট নহয় যদিও তেওঁৰ ভাষণত সত্য উন্মোচিত হৈছে। এতিয়ালৈকে তদন্তৰ কথাও কোৱা হোৱা নাই। দুয়ো বন্ধু নহয় যদি প্ৰধানমন্ত্ৰীয়ে তদন্ত হ’ব বুলি এবাৰ হ’লেও ক’ব লাগিছিল। প্ৰতিৰক্ষা খণ্ডৰ বেনামি একাউণ্ট আৰু শ্বেল কোম্পানীসমূহৰ জৰিয়তে প্ৰচলিত ধনৰ কথা কোৱা নাছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।”

গতিকে এই ভাষণটোৰ পৰাই প্ৰধানমন্ত্ৰীয়ে আদানীক সুৰক্ষা দিয়া দেখিবলৈ পোৱা গৈছে বুলি ৰাহুল গান্ধীয়ে লগতে দাবী কৰে। বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সম্পৰ্কিত বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয়, ‘এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় আৰু ইয়াত দেশৰ আন্তঃগাঁথনি জড়িত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে মাত্ৰ ক’ব লাগিছিল যে তদন্ত হ’ব। কিন্তু তেওঁ কিয় সেয়া নক’লে বুজি পাইছো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ