--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী বিতৰ্কই তোলপাৰ লগাইছে সদন। চলিত বাজেট অধিৱেশনত শেহতীয়া কিছুদিন ধৰি আদানীৰ জালিয়াতিৰ আলোচনা তথা তদন্ত বিচাৰি বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতা সাংসদ ৰাহুল গান্ধী ধাৰাবাহিকভাৱে এই বিষয় উত্থাপন কৰি সোচ্চাৰ হৈ আহিছে।

আজি সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুটীয়া বৈঠকত দিয়া ভাষণত ৰাষ্ট্ৰপতিলৈ প্ৰধানমন্ত্ৰীৰ ধন্যবাদ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে পুনৰ আদানী বিতৰ্কক চৰ্চালৈ আনি সমালোচনাত মুখৰ হৈ পৰে ৰাহুল গান্ধী। মোদীৰ ভাষণত বহু সত্য উন্মোচিত হোৱা বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আদানীক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে নিজ ভাষণত আদানী বিবাদক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যত হতভম্ব হৈ পৰা বুলি উল্লেখ কৰি আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ আহ্বান নকৰাৰ বাবে মোদীক তীব্ৰ সমালোচনা কৰে।

সংসদৰ বাহিৰত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে মোদী সন্দৰ্ভত কয়, “তেওঁ থতমত খাইছিল। মোৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিলে। অৱশ্যে মই কোনো জটিল প্ৰশ্ন কৰা নাই। মই মাত্ৰ সুধিছিলোঁ গৌতম আদানী আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত কিমানবাৰ সাক্ষাৎ হৈছিল।”

গান্ধীয়ে লগতে কয়, “মই প্ৰধানমন্ত্ৰীৰ ভাষণত সন্তুষ্ট নহয় যদিও তেওঁৰ ভাষণত সত্য উন্মোচিত হৈছে। এতিয়ালৈকে তদন্তৰ কথাও কোৱা হোৱা নাই। দুয়ো বন্ধু নহয় যদি প্ৰধানমন্ত্ৰীয়ে তদন্ত হ’ব বুলি এবাৰ হ’লেও ক’ব লাগিছিল। প্ৰতিৰক্ষা খণ্ডৰ বেনামি একাউণ্ট আৰু শ্বেল কোম্পানীসমূহৰ জৰিয়তে প্ৰচলিত ধনৰ কথা কোৱা নাছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।”

গতিকে এই ভাষণটোৰ পৰাই প্ৰধানমন্ত্ৰীয়ে আদানীক সুৰক্ষা দিয়া দেখিবলৈ পোৱা গৈছে বুলি ৰাহুল গান্ধীয়ে লগতে দাবী কৰে। বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে সম্পৰ্কিত বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয়, ‘এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় আৰু ইয়াত দেশৰ আন্তঃগাঁথনি জড়িত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে মাত্ৰ ক’ব লাগিছিল যে তদন্ত হ’ব। কিন্তু তেওঁ কিয় সেয়া নক’লে বুজি পাইছো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই