--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্নদাতা অধিক ক্ষোভিত হৈ পৰিছে। চৰকাৰে দিয়া প্ৰস্তাৱ নাকচ কৰাৰ পিছত বুধবাৰে প্ৰতিবাদী ১৪ হাজাৰ কৃষকে  তেওঁলোকৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰক জনোৱাৰ বাবে  পুনৰ তেওঁলোকৰ আন্দোলন তীব্ৰতৰ কৰি তুলিছে।  বুধবাৰে পুৱা প্ৰায় ১৪,০০০ কৃষকে ১২ হাজাৰ ট্ৰেক্টৰ লগত লৈ  শম্ভু সীমান্ত পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছে। সীমান্তত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে কৃষকসকলক সীমান্ত পাৰ হৈ ৰাজধানীলৈ যাবলৈ অনুমতি দিয়া নাই।  প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে। আনহাতে, কৃষকসকলে ট্ৰেক্টৰসমূহক  'অস্থায়ী টেংক'লৈ পৰিৱৰ্তন কৰি সীমান্তৰ ফালে আগবাঢ়িছে। 

 কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বাৰে বাৰে "সমাধান" বিচাৰিবলৈ চেষ্টা কৰিছে। কিন্তু পাঁচখন বৈঠকৰ পিছতো কোনো সমাধান সূত্ৰ ওলোৱা নাই। আন্দোলনকাৰী কৃষক সংগঠনবোৰে কৈছে যে তেওঁলোকে কেন্দ্ৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনিচ্ছুক। 

প্ৰতিবাদকাৰীসকলে জানিছিল যে আৰক্ষীয়ে তেওঁলোকক দিল্লীত প্ৰৱেশ কৰিবলৈ শম্ভু সীমান্ত পাৰ হোৱাত বাধা দিব। গতিকে তেওঁলোকে সেই বাধাৰ সৈতে মোকাবিলা কৰিবলৈ এটা বেলেগ ৰণনীতি লৈছে। কৃষকসকলে ট্ৰেক্টৰবোৰ 'অস্থায়ী টেংক' হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। তাত লোৰ শ্বীট স্থাপন কৰা হৈছে। কৃষকসকলে আৰক্ষীয়ে  নিক্ষেপ কৰা কন্দুৱা গেছৰ শেলৰ পৰা ৰক্ষা পৰিবলৈ ট্ৰেক্টৰৰ ভিতৰত  আশ্ৰয় লৈ আছে। একে সময়তে তেওঁলোকে আৰক্ষীৰ পানী কামান প্ৰতিৰোধ কৰিবলৈও সাজু হৈ উঠিছে। 

আনহাতে, কৃষকসকলক 'দিল্লী চলো' কাৰ্যসূচীত বাধা দিবলৈ   আৰক্ষীয়েও বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছে। পথত চিমেণ্ট বেৰিকেড স্থাপন কৰা হৈছে। ইয়াৰ উপৰি  কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে।  ৰাজপথত পুতি থোৱা হৈছে জোঙা শেল। 

আৰক্ষীয়ে আম্বালাৰ ঘৰঘৰা নদীৰ দুয়োফালে 'দুৰ্গ ' নিৰ্মাণ কৰিছে। কৃষকসকলে যাতে সেই পথৰেৰে শম্ভু সীমান্ত পাৰ হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ট্ৰলীত মাটিৰে ভৰ্তি বস্তাও আনিছে আৰু সেই বস্তাৰে   নদীৰ ওপৰত অস্থায়ী দলং নিৰ্মাণ কৰিছে।

গৃহ মন্ত্ৰালয়ে হাৰিয়ানা চৰকাৰক আন্দোলন প্ৰতিহত কৰিবলৈ "কঠোৰ" নীতি গ্ৰহণ কৰিবলৈ  নিৰ্দেশ দিছে। হাৰিয়ানাৰ ডিজিপিয়ে কয়, "যদি কৃষকসকলে বলপূৰ্বক বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে, তেন্তে আইনী ব্যৱস্থা লোৱাৰ বাহিৰে আৰক্ষীৰ ওচৰত কোনো বিকল্প নাই।" হাৰিয়ানা আৰক্ষীয়ে মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।

দিল্লী আৰক্ষীয়েও নিজে প্ৰস্তুতি চলাই আছে। ৰাজধানীৰ ঘাইপথত যান-জঁটৰ সম্ভাৱনা আছে। সেয়েহে, দিল্লী আৰক্ষীয়ে সাধাৰণ ৰাইজক কিছুমান পথ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ তিনিটা সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে।


প্ৰতিবাদী কৃষকসকলে কোনো পধ্যে মানি ল’ব খোজা নাই চৰকাৰৰ প্ৰস্তাৱ৷ চৰকাৰ কৃষকসকলক পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম মূল্য দিব বুলি প্ৰস্তাৱ দিছিল যদিও সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ এনে প্ৰস্তাৱ কোনোপধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে৷ কৃষকসকলে চৰকাৰৰ  পাঁচ বছৰৰ বাবে নূন্যতম  সমৰ্থন মূল্যত শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ নাকচ কৰি ২১ ফেব্ৰুৱাৰীত দিল্লী চলো অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। কৃষকসকলৰ মতে তেওঁলোকৰ সকলো দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব।

 কেন্দ্ৰই অহা পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম  সমৰ্থন মূল্যত কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰিব বুলি কথা দিছিল৷  কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এখন বৈঠকত এই কথা প্ৰকাশ কৰিছিল৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো বৈঠকত  উপস্থিত আছিল। দেওবাৰে মাজনিশালৈকে দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছিল। কিন্তু পিছদিনাই, কৃষকসকলে প্ৰস্তাৱটো নাকচ কৰে। এজন কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয়, "চৰকাৰে আমি দিল্লী পোৱাটো নিবিচাৰে। কিন্তু যদি আলোচনাৰ জৰিয়তে কোনো সমাধান নাথাকে, আমি দিল্লীলৈ যাম। এতিয়া আমাক কন্দুৱা  গেছ  প্ৰয়োগ কৰিও ৰখাব নোৱাৰিব৷  হাৰিয়ানাত কাশ্মীৰৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। "

একে সময়তে, কৃষকসকলৰ ফালৰ পৰা এইটো স্পষ্ট কৰা হৈছে  যে শস্যৰ বাবে নূন্যতম  সমৰ্থন মূল্যৰ বাবে চৰকাৰৰ প্ৰস্তাৱ কৃষকসকলৰ বাবে লাভজনক নহয়। দৰাচলতে, চৰকাৰে কৃষকসকলৰ মনোযোগ আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ এনে  প্ৰস্তাৱ দিয়া বুলি কৃষকসকলে মন্তব্য কৰিছে৷  পান্ধেৰে সতৰ্ক কৰি দিছিল যে এইবাৰ যি ঘটিব তাৰ বাবে চৰকাৰ দায়বদ্ধ হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু