--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন শিখ আইপিএছ বিষয়াক 'খলিস্তানী' বুলি কৰা মন্তব্যৰ বিৰুদ্ধে  দেশৰ বহু ঠাইত  প্ৰতিবাদ হৈছে৷ পঞ্জাৱৰ অমৃতসৰৰ শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ সভাপতি হৰজিন্দৰ সিং ধামীয়ে বংগৰ বিজেপি নেতা  শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ বিজেপি নেতা জনেই  জছপ্ৰীত সিঙক "খালিস্তানী " বুলি কোৱাৰ অভিযোগ কৰিছে। তেওঁ অধিকাৰীৰ  বাবে কঠোৰ শাস্তিৰ দাবী জনাইছে৷ 

হৰজিন্দৰ সিং ধামীয়ে তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, "বিজেপি নেতাসকলে ইচ্ছাকৃতভাৱে বংগৰ এজন শিখ আইপিএছ বিষয়া জছপ্ৰীত সিঙৰ চৰিত্ৰক বদনাম কৰিছে। মই গৰিহণা দিছো। এনেদৰে চিন্তা কৰা ৰাজনীতিকসকলে পাহৰিব নালাগে যে শিখসকলে দেশৰ স্বাধীনতা আৰু নিৰাপত্তাৰ বাবে কিমান ত্যাগ কৰিছিল। তেওঁলোকৰ কাকো প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকে জানে  ৰাষ্ট্ৰীয় কৰ্তব্য কেনেদৰে পালন কৰিব লাগে জানে। " কেন্দ্ৰীয় চৰকাৰৰ ফালে আঙুলি টোৱাই  ধামীয়ে অভিযুক্তৰ শাস্তি দাবী কৰে। তেওঁ কয় "এনে লোকসকলে দেশত হিংসাত্মক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু চৰকাৰ নীৰৱ৷’’
 

 
ইফালে, বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে বাৰে বাৰে দাবী কৰিছে যে তেওঁ বা তেওঁৰ দলৰ কোনেও  'খালিস্তানী' বুলি বিষয়া জনক  উপহাস কৰা নাছিল। বিজেপি বিধায়কজনৰ দাবী খণ্ডন কৰি আৰক্ষী বিষয়া জছপ্ৰীত সিঙে কয় যে শুভেন্দুৱে তেওঁক খালিস্তানী বুলি অভিহিত কৰিছিল। টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে সাক্ষাৎকাৰটোৰ ভিডিঅ' তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত পোষ্ট কৰিছিল।উল্লেখ্য খালিস্তানী সন্ত্ৰাসবাদীৰ বিভীষিকাই যেন খেদি ফুৰিছে হিন্দুত্ববাদী সংগঠনৰ একাংশ নেতাক৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই বিশেষ ভিডিঅ’৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি আন বহুতে ভিডিঅ’টো এক্সত আপলোড কৰি কেৱল পাগুৰী পিন্ধাৰ বাবেই শীৰ্ষ আৰক্ষী  বিষয়াগৰাকীক খালিস্তানী আখ্যা দিয়াৰ বাবে সমালোচনা কৰিছে৷  




ভিডিঅ’টোত বংগত কৰ্মৰত  আইপিএছ বিষয়া জছপ্ৰীত সিঙে একাংশ হিন্দুত্ববাদী সংগঠনৰ  কৰ্মীৰ  সৈতে কথা পাতি থকা দেখা গৈছে৷ সেই সময়তে কোনোবাই পাগুৰী মৰাৰ বাবেই শিখ বিষয়া জনক খালিস্তানী বুলি কৈছে৷ তাতেই খং উঠিছে বিষয়াগৰাকীৰ৷ তেওঁ তেওঁক অপবাদ দিয়াসকলক উভতি ধৰা দেখিবলৈ পোৱা গৈছে৷ তেওঁ কৈছে " মই পাগুৰি পিন্ধি আছো,সেয়ে আপোনালোকে  মোক খালিস্তানী বুলি কৈছে৷" ভিডিঅ’টো সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেই এক্সত লিখিছে- মোডীজী, আপোনাৰ একমাত্ৰ লক্ষ্য হৈছে ধৰ্ম  আৰু সম্প্ৰদায়ৰ মাজত শত্ৰুতা, ঘৃণা আৰু হিংসা বিয়পোৱা। আপোনাৰ শাসন হৈছে বিভাজনমূলক ৰাজনীতি "অমৃত কাল"!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু