--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোটি কোটি টকা নগদ উদ্ধাৰ হৈছিল কানপুৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা৷ সুগন্ধিৰ বৃহৎ ব্যৱসায়েৰে প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানত বৰ্তমানলৈ উদ্ধাৰ হৈছিল প্ৰায় ২৫৭ কোটি টকা। বিগত সপ্তাহতে আয়কৰ বিভাগে পীয়ুষ জৈনৰ বাসগৃহত আৰম্ভ কৰিছিল অভিযান।

GST ফাঁকিৰ দোষত গ্ৰেপ্তাৰ হোৱা পীয়ুষক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিভিন্ন সামগ্ৰী ভুৱা SGT আৰু E-WAY BILL বিহীনভাৱে ব্যৱসায় চলোৱাৰ বাবে টকাসমূহ মজুত ৰাখিছিল ব্যৱসায়ীজনে। ৩-৪ দিন ধৰি মাৰাথন অভিযান চলিছিল পীয়ুষ জৈনৰ বাসগৃহত। কেইবাটাও টকা গণনা কৰা যন্ত্ৰৰে গণনা কৰা হৈছিল টকাসমূহ। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক।

উল্লেখ্য যে কেমিষ্ট পিতৃৰ পৰা সুগন্ধি তৈয়াৰ কৰাৰ ফৰ্মুলা আয়ত্ত কৰিছিল পীয়ুষে। ১৫ বছৰ পূৰ্বে পীয়ুষ আৰম্ভ কৰিছিল সুগন্ধিৰ ব্যৱসায়। বিগত ১৫ বছৰত ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰে সমগ্ৰ দেশতে। বৰ্তমান মু্ম্বাই আৰু গুজৰাটতো সুগন্ধিৰ ব্যৱসায়েৰে খোপনি পুতিছে পীয়ুষে। ভাতৃ অম্বৰিশৰ সৈতে কণৌজত বৃহৎ ব্যৱসায় পীয়ুষৰ। কিন্তু কণৌজৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি অতি সাধাৰণভাৱে থাকে পীয়ুষ জৈন। পীয়ুষৰ বাসগৃহৰ পৰা ২৫০ কেজি সোণ আৰু ৰূপ, বহু পৰিমাণৰ চন্দন কাঠৰ তেল, সুগন্ধি জব্দ কৰে তদন্তকাৰী দলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত