--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ২৮ ডিচেম্বৰ। ভাৰতৰ বাবে এই তাৰিখটো বিশেষ কাৰণ আজি বিশিষ্ট উদ্যোগপতি ধীৰুভাই আম্বানী আৰু ৰতন টাটাৰ জন্মদিন। দেশৰ দুয়োজন প্ৰসিদ্ধ ব্যৱসায়ীৰ জন্ম একে তাৰিখতে হৈছিল। ১৯৩২ চনৰ ২৮ ডিচেম্বৰত গুজৰাটৰ চৰৱাৰ্ডত ধীৰুভাই আম্বানীৰ জন্ম হৈছিল আৰু ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাই। ৰতন টাটাই আজি ৮৩ বছৰত ভৰি দিলে। ধীৰুভাই আম্বানী আমাৰ মাজত নাই যদিও আজি তেওঁৰ ৮৯ সংখ্যক জন্মজয়ন্তী। ২০০২ চনৰ ৬ জুলাইত মুম্বাইত ইহলীলা সম্বৰণ কৰে ধীৰুভাই আম্বানীয়ে। ৰিলায়েন্স গ্ৰুপ আৰু টাটা গ্ৰুপ দেশৰ দুটা বৃহৎ কোম্পানী। এই দুটা কোম্পানীক বেলেগকৈ পৰিচয় কৰাৰ দিয়াৰ প্ৰয়োজন নাই। এই দুয়োটা কোম্পানীয়ে দেশক আগুৱাই নিয়াত যথেষ্ট অৱদান আগবঢ়াইছে। দুয়োৰে আছে নিজা নিজা ইতিহাস। এই দুই প্ৰখ্যাত কোম্পানীৰ জন্মদাতা ধীৰুভাই আম্বানী আৰু ৰতন টাটাৰ জন্মদিন একে দিনাই হোৱাতো নিশ্চয়কৈ এক কাকতলীয় সংযোগ বুলিয়েই কব লাগিব। আহকচোন এই দুই বিশিষ্ট উদ্যোগপতিৰ জন্মদিনত তেওঁলোকৰ বিষয়ে কিছু কথাৰ গম লওঁ।

সাধাৰণ পৰিয়াল, উচ্চ চিন্তা

এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিও মানুহ অসাধাৰণ হব পাৰি, তাৰে জলন্ত উদাহৰণ ধীৰুভাই আম্বানী। পিতৃ-মাতৃৰ তৃতীয় সন্তান ধীৰুভাই মাত্ৰ ১৭ বছৰ বয়সত এডেনলৈ গৈছিল আৰু এটা কোম্পানীত কেৰাণীৰ চাকৰিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাত থাকোঁতে তেওঁ ব্যৱসায়ৰ সূক্ষ্ম তাৎপৰ্যবোৰ লক্ষ্য কৰিছিল আৰু ইয়াক নিজৰ মনলৈ আনি আয়ত্ব কৰিছিল। যেতিয়া ধীৰুভাই উভতি আহে তেতিয়া তেওঁ ১৯৫০ চনত মচলাৰ ব্যৱসায় আৰম্ভ কৰে। তাৰপাছত সমগ্ৰ দেশৰ ব্যৱসায়িক নীতি নিশ্চিত কৰে ধীৰুভাই আম্বানীয়ে।পৰৱৰ্তী পৰ্যায়ত তেওঁ ৰিলায়েন্স গ্ৰুপৰ আধাৰশিলা স্থাপন কৰে, যি পেট্ৰ'কেমিকেল, যোগাযোগ, শক্তি আৰু বস্ত্ৰকে ধৰি কেইবাটাও খণ্ডত ব্যৱসায় কৰি আহিছে। বৰ্তমান সময়ত কোম্পানীটো দুটা ভাগত ডাঙৰ পুত্ৰ মুকেশ আম্বানী আৰু সৰু পুত্ৰ অনিল আম্বানীৰ হাতত আছে। মুকেশ আম্বানী এছিয়াৰ অন্যতম ধনী ব্যক্তি।

ৰতন টাটা সমাজৰ অনুপ্ৰেৰণাৰ অন্য এক নাম

টাটা গ্ৰুপে বছৰ বছৰ ধৰি দেশ আৰু দেশৰ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। দেশৰ আটাইতকৈ আগশাৰীৰ কোম্পানী হোৱাৰ কিছু সুবিধা আৰু কিছুমান প্ৰত্যাহ্বান আছে। ১৯৯১ চত ৰতন টাটা গ্ৰুপটোৰ দায়িত্বত আছিল। এই সময়ছোৱা আছিল মনমোহন সিঙৰ উদাৰীকৰণ। য'ত দেশলৈ বাহিৰৰ কোম্পানী আহিবলৈ আৰম্ভ কৰিছিল। নতুন প্ৰযুক্তি আৰু বিদেশী কোম্পানীয়ে ভাৰতীয় বজাৰ দখল কৰিব বিচাৰিছিল। ৰতন টাটাই সেই সময়ত কোম্পানীটোক নেতৃত্ব প্ৰদান সফলতাৰ নতুন মাত্ৰা প্ৰদান কৰিছিল। তেওঁ সেই কঠিন পৰ্যায়ৰ সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু সফলতাৰে কোম্পানীটোক আগুৱাই লৈ গৈছিল। ইয়াৰ লগতে টাটা গ্ৰুপৰ ঐতিহ্য আৰু সোণালী ইতিহাস কলুষিত হ'বলৈ দিয়া হোৱা নাছিল। যেতিয়ালৈকে তেওঁ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল, কোম্পানীটোৰ লাভ বাঢ়ি গৈ আছিল। আজিও যেতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে, তেওঁ সৰু ষ্টাৰ্টআপৰ জৰিয়তে যুৱসকলক সমৰ্থন কৰি আছে। তেওঁ ওলা, পেটিএম, আৰ্বান ক্লেপ, ফাৰ্ষ্ট ক্ৰাই আৰু কাৰ্ডেখোৰ দৰে কেব প্ৰদানকাৰীত বিনিয়োগ কৰিছে।

ধীৰুভাই আম্বানীয়ে কয় দুখীয়া হৈ জন্ম লোৱাটো একো ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈয়ে মৃত্যুবৰণ কৰে তেন্তে সেয়া নিশ্চয়কৈ আপোনাৰ ভুল। আনহাতে ৰতন টাটাই কয় যদি আপুনি দ্ৰুতগতিত আগুৱাব বিচাৰে তেন্তে অকলে আগবাঢ়ক কিন্তু যদি আপুনি দীৰ্ঘসময়ৰ বাবে আগুৱাই গৈ থাকিব বিচাৰে তেন্তে সকলোকে লগত লৈ আগবাঢ়ক।

এই দুয়োজন মহান উদ্যোগপতিৰ জন্মদিনত প্ৰাগ নিউজৰ ফালৰ পৰাও শ্ৰদ্ধা যাঁচিলো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি