--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাম মন্দিৰৰ প্ৰসংগই বিগত সময়ছোৱাত দেশৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটক ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। দশকৰ পাছত দশক ৰাম মন্দিৰক লৈ বিতৰ্ক চলি থকাৰ পাছত ৰাম মন্দিৰৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত পোৱাৰ পাছতে ইয়াকে লৈ দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছিল। কিন্তু সৰহসংখ্যকেই ৰাম মন্দিৰক লৈ উৎসাহ ব্যক্ত কৰা পৰিলক্ষিত হৈছিল।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজোৰা পুঁজি সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু দেশৰ এক বুজনসংখ্যক লোকে এই অভিযানত অংশগ্ৰহণ কৰাও দেখা গৈছিল। এফালে ৰাম মন্দিৰক দেশৰ গৰ্ব আৰু আৱেগৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলিছিল আৰু এই ৰাম মন্দিৰক লৈয়েই বিগত সময়ছোৱাত অতি ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্যও পোহৰলৈ আহিছিল। ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি কেলেংকাৰী আৰু অৰ্থনৈতিক লেনদেন সম্পৰ্কীয় অস্বচ্ছতাৰ প্ৰসংগই বহু সচেতন লোককে হতচকিত কৰি তুলিছিল।


বিগত বৰ্ষৰ জুন মাহত এটা সংবাদ মাধ্যমে প্ৰকাশ কৰি তথ্যই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। জুন মাহত ২১ তাৰিখে অযোধ্যাৰ লেণ্ড ৰেকৰ্ড বিভাগে জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাক ১৩৫নং দাগৰ ভূমিৰ গৰাকীক চিনাক্ত কৰাৰ নিৰ্দেশ দিছিল। এই সম্পৰ্কীয় তথ্য প্ৰকাশ কৰি সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছিল যে, এই ৮৯০বৰ্গ মিটাৰ ভূমি ২০লাখ টকাত ক্ৰয় কৰিছিল অযোধ্যাৰ বিজেপি দলৰ মেয়ৰ ঋষিকেশ উপাধ্যায়ৰ ভাগিনীয়েক দীপ নাৰায়ণে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত এই ভূমি ক্ৰয় কৰা হৈছিল আৰু মে’ মাহত সেই ভূমি ৰাম জন্মভূমি ন্যাসক বিক্ৰী কৰা হৈছিল ২.৫ কোটি টকাত।

মন্দিৰ ন্যাসৰ সদস্য তথা জিলা দণ্ডাধীশ ঝাই চৰকাৰী নথি পৰীক্ষাৰ পাছত মত পোষণ কৰিছিল যে, এই ভূমি আছিল চৰকাৰী ভূমি। চৰকাৰে এই তথ্য সদৰি কৰি প্ৰস্তুত কৰা এখন প্ৰতিবেদন সংবাদ প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল বুলি বাতৰিটোত কোৱা হৈছিল। প্ৰতিবেদনত কোৱা হৈছিল যে, বিশ্বনাথ প্ৰচডাচাৰ্য নামৰ এজন মহন্তই এই ভূমি ভাৰালৈ লৈছিল কিন্তু তেওঁৰ এই ভূমি বিক্ৰী কৰাৰ কৰ্তৃত্ব নাছিল। প্ৰয়াত বিশ্বনাথ প্ৰচডাচাৰ্য আছিল দেবেন্দ্ৰ প্ৰচডাচাৰ্যৰ গুৰু। এইজন দেবেন্দ্ৰ প্ৰচডাচাৰ্যই ফেব্ৰুৱাৰী মাহত নাৰায়ণলৈ এই ভূমি বিক্ৰী কৰিছিল। পাছত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল দণ্ডাধীশ ঝাই। অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ নিৰ্মাণৰ নামত হোৱা কেলেংকাৰীৰ এটা আছিল এটা উদাহৰণহে।

বিজেপি দলে ৰাম মন্দিৰ নিৰ্মাণ তেওঁলোকৰ নিৰ্বাচনী এজেণ্ডাৰ এটা বিষয় হিচাপে ইমানদিনে উপস্থাপন কৰি আহিছিল আৰু ৰাম মন্দিৰ কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবেও এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ ৰৈছে। দেশৰ এক বুজনসংখ্যক জনগণেও ৰাম মন্দিৰৰ প্ৰতি অকুণ্ঠ বৰঙণি আগবঢ়োৱা দেখা গৈছিল। অৰ্থাৎ ৰাম মন্দিৰৰ দৰে স্পৰ্শকাতৰ বিষয় এটা সাধাৰণ মানুহৰ আৱেগৰ সৈতে জড়িত কৰাত বিজেপি সফল হৈছিল ঠিকেই কিন্তু তেওঁলোকে ইয়াক নিষ্কলংক ৰূপত কিয় ৰূপায়ন কৰিব নোৱাৰিলে সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈছে। খোদ বিজেপি নেতাৰ আত্মীয়ই এনে বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ বাতৰি প্ৰকাশ হোৱাটো নিসন্দেহে অতি নিন্দনীয় কথা হিচাপে বিবেচিত হোৱাৰ যোগ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক