--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাম মন্দিৰৰ প্ৰসংগই বিগত সময়ছোৱাত দেশৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটক ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। দশকৰ পাছত দশক ৰাম মন্দিৰক লৈ বিতৰ্ক চলি থকাৰ পাছত ৰাম মন্দিৰৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত পোৱাৰ পাছতে ইয়াকে লৈ দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছিল। কিন্তু সৰহসংখ্যকেই ৰাম মন্দিৰক লৈ উৎসাহ ব্যক্ত কৰা পৰিলক্ষিত হৈছিল।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজোৰা পুঁজি সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু দেশৰ এক বুজনসংখ্যক লোকে এই অভিযানত অংশগ্ৰহণ কৰাও দেখা গৈছিল। এফালে ৰাম মন্দিৰক দেশৰ গৰ্ব আৰু আৱেগৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলিছিল আৰু এই ৰাম মন্দিৰক লৈয়েই বিগত সময়ছোৱাত অতি ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্যও পোহৰলৈ আহিছিল। ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি কেলেংকাৰী আৰু অৰ্থনৈতিক লেনদেন সম্পৰ্কীয় অস্বচ্ছতাৰ প্ৰসংগই বহু সচেতন লোককে হতচকিত কৰি তুলিছিল।


বিগত বৰ্ষৰ জুন মাহত এটা সংবাদ মাধ্যমে প্ৰকাশ কৰি তথ্যই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। জুন মাহত ২১ তাৰিখে অযোধ্যাৰ লেণ্ড ৰেকৰ্ড বিভাগে জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাক ১৩৫নং দাগৰ ভূমিৰ গৰাকীক চিনাক্ত কৰাৰ নিৰ্দেশ দিছিল। এই সম্পৰ্কীয় তথ্য প্ৰকাশ কৰি সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছিল যে, এই ৮৯০বৰ্গ মিটাৰ ভূমি ২০লাখ টকাত ক্ৰয় কৰিছিল অযোধ্যাৰ বিজেপি দলৰ মেয়ৰ ঋষিকেশ উপাধ্যায়ৰ ভাগিনীয়েক দীপ নাৰায়ণে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত এই ভূমি ক্ৰয় কৰা হৈছিল আৰু মে’ মাহত সেই ভূমি ৰাম জন্মভূমি ন্যাসক বিক্ৰী কৰা হৈছিল ২.৫ কোটি টকাত।

মন্দিৰ ন্যাসৰ সদস্য তথা জিলা দণ্ডাধীশ ঝাই চৰকাৰী নথি পৰীক্ষাৰ পাছত মত পোষণ কৰিছিল যে, এই ভূমি আছিল চৰকাৰী ভূমি। চৰকাৰে এই তথ্য সদৰি কৰি প্ৰস্তুত কৰা এখন প্ৰতিবেদন সংবাদ প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল বুলি বাতৰিটোত কোৱা হৈছিল। প্ৰতিবেদনত কোৱা হৈছিল যে, বিশ্বনাথ প্ৰচডাচাৰ্য নামৰ এজন মহন্তই এই ভূমি ভাৰালৈ লৈছিল কিন্তু তেওঁৰ এই ভূমি বিক্ৰী কৰাৰ কৰ্তৃত্ব নাছিল। প্ৰয়াত বিশ্বনাথ প্ৰচডাচাৰ্য আছিল দেবেন্দ্ৰ প্ৰচডাচাৰ্যৰ গুৰু। এইজন দেবেন্দ্ৰ প্ৰচডাচাৰ্যই ফেব্ৰুৱাৰী মাহত নাৰায়ণলৈ এই ভূমি বিক্ৰী কৰিছিল। পাছত এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল দণ্ডাধীশ ঝাই। অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ নিৰ্মাণৰ নামত হোৱা কেলেংকাৰীৰ এটা আছিল এটা উদাহৰণহে।

বিজেপি দলে ৰাম মন্দিৰ নিৰ্মাণ তেওঁলোকৰ নিৰ্বাচনী এজেণ্ডাৰ এটা বিষয় হিচাপে ইমানদিনে উপস্থাপন কৰি আহিছিল আৰু ৰাম মন্দিৰ কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবেও এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ ৰৈছে। দেশৰ এক বুজনসংখ্যক জনগণেও ৰাম মন্দিৰৰ প্ৰতি অকুণ্ঠ বৰঙণি আগবঢ়োৱা দেখা গৈছিল। অৰ্থাৎ ৰাম মন্দিৰৰ দৰে স্পৰ্শকাতৰ বিষয় এটা সাধাৰণ মানুহৰ আৱেগৰ সৈতে জড়িত কৰাত বিজেপি সফল হৈছিল ঠিকেই কিন্তু তেওঁলোকে ইয়াক নিষ্কলংক ৰূপত কিয় ৰূপায়ন কৰিব নোৱাৰিলে সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈছে। খোদ বিজেপি নেতাৰ আত্মীয়ই এনে বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ বাতৰি প্ৰকাশ হোৱাটো নিসন্দেহে অতি নিন্দনীয় কথা হিচাপে বিবেচিত হোৱাৰ যোগ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি