--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব এছিয়া কাপ। এছিয়া ক্ৰিকেট কাউন্সিল (এচিচি)-এ এই খবৰ জনাইছে। এই বিষয়ে বহুদিন আলোচনা চলিছিল। শেষত এচিচিয়ে ঘোষণা কৰে যে এই খেলখন হাইব্ৰিড মডেলত খেলা হ’ব।

৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল। পাকিস্তানত মুঠ চাৰিখন খেল অনুষ্ঠিত হ’ব। বাকী সকলো খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব।

১৬ সংখ্যক এছিয়া কাপত মুঠ ছটা দলে খেলিব। ইহঁতক দুটা ভাগত ভাগ কৰা হয়। ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে। তেওঁলোকৰ সৈতে একেটা গ্ৰুপতে আছে কোৱালিফাইং ৰাউণ্ডৰ পৰা ওলাই অহা নেপাল। আনটো গ্ৰুপত আছে বাংলাদেশ, আফগানিস্তান আৰু শ্ৰীলংকা। এই এছিয়া কাপত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব।


দুটা গ্ৰুপৰ চাৰিটা দলে ছুপাৰ ফোৰ পৰ্যায়ত খেলাৰ সুযোগ পাব। তাত প্ৰতিটো দলে ইজনে সিজনৰ বিৰুদ্ধে খেলিব। তাৰ পৰা দুটা দলে ফাইনেল খেলিব। সেই মেচখন হ’ব ১৭ ছেপ্টেম্বৰত।

যোৱাবাৰ পাকিস্তানক পৰাস্ত কৰি শ্ৰীলংকাই এছিয়া কাপ জয়লাভ কৰিছিল। সেই সময়ত টি-২০ ক্ৰিকেট খেলা হৈছিল। এইবাৰ হ’ব ৫০ অভাৰৰ মেচ। 

উল্লেখ্য যে ১৫ বছৰৰ মূৰত পাকিস্তানত হ’ব এছিয়া কাপ। পাকিস্তানৰ ব’ৰ্ডে কিছু মেচ পাকিস্তানত আৰু বাকী কেইখন শ্ৰীলংকাত খেলাৰ প্ৰস্তাৱ আগবঢ়ায়। এচিচিয়ে সেই কথা মানি লৈছিল। পাকিস্তানৰ মেচ হ’ব পাৰে লাহোৰত। সম্পূৰ্ণ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু