--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব এছিয়া কাপ। এছিয়া ক্ৰিকেট কাউন্সিল (এচিচি)-এ এই খবৰ জনাইছে। এই বিষয়ে বহুদিন আলোচনা চলিছিল। শেষত এচিচিয়ে ঘোষণা কৰে যে এই খেলখন হাইব্ৰিড মডেলত খেলা হ’ব।

৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল। পাকিস্তানত মুঠ চাৰিখন খেল অনুষ্ঠিত হ’ব। বাকী সকলো খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব।

১৬ সংখ্যক এছিয়া কাপত মুঠ ছটা দলে খেলিব। ইহঁতক দুটা ভাগত ভাগ কৰা হয়। ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে। তেওঁলোকৰ সৈতে একেটা গ্ৰুপতে আছে কোৱালিফাইং ৰাউণ্ডৰ পৰা ওলাই অহা নেপাল। আনটো গ্ৰুপত আছে বাংলাদেশ, আফগানিস্তান আৰু শ্ৰীলংকা। এই এছিয়া কাপত মুঠ ১৩খন খেল অনুষ্ঠিত হ’ব।


দুটা গ্ৰুপৰ চাৰিটা দলে ছুপাৰ ফোৰ পৰ্যায়ত খেলাৰ সুযোগ পাব। তাত প্ৰতিটো দলে ইজনে সিজনৰ বিৰুদ্ধে খেলিব। তাৰ পৰা দুটা দলে ফাইনেল খেলিব। সেই মেচখন হ’ব ১৭ ছেপ্টেম্বৰত।

যোৱাবাৰ পাকিস্তানক পৰাস্ত কৰি শ্ৰীলংকাই এছিয়া কাপ জয়লাভ কৰিছিল। সেই সময়ত টি-২০ ক্ৰিকেট খেলা হৈছিল। এইবাৰ হ’ব ৫০ অভাৰৰ মেচ। 

উল্লেখ্য যে ১৫ বছৰৰ মূৰত পাকিস্তানত হ’ব এছিয়া কাপ। পাকিস্তানৰ ব’ৰ্ডে কিছু মেচ পাকিস্তানত আৰু বাকী কেইখন শ্ৰীলংকাত খেলাৰ প্ৰস্তাৱ আগবঢ়ায়। এচিচিয়ে সেই কথা মানি লৈছিল। পাকিস্তানৰ মেচ হ’ব পাৰে লাহোৰত। সম্পূৰ্ণ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ