--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা বহুপ্ৰতীক্ষিত এছেজ৷ ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত টিম ইণ্ডিয়াৰ বিৰুদ্ধে গৌৰৱময় জয়ৰ অন্তত অষ্ট্ৰেলিয়াই বিশ্বৰ আটাইতকৈ পুৰণি ক্ৰিকেট প্ৰতিদ্বন্দ্বিতা — দ্য এছেছৰ পাঁচখন মেচৰ টেষ্ট শৃংখলাত প্ৰৱেশ কৰিব।

১৮৮২ চনৰ পৰা আৰম্ভ হোৱা ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বিতা ১৬ জুনত আৰম্ভ হ’ব আৰু ৩১ জুলাইত শেষ হ’ব। এইবাৰ ইংলেণ্ডত পাঁচটা স্থানত অনুষ্ঠিত হ’ব এই শৃংখলা।

জনবিশ্বাস অনুসৰি ১৮৮২ চনৰ ২৯ আগষ্টত দ্য অ’ভেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে স্প'ৰ্টিং টাইমছত "ইংলিছ ক্ৰিকেটৰ মৃত্যু"ৰ ওপৰত এখন ব্যংগমূলক মৃত্যু বাৰ্তা প্ৰকাশ কৰা হয়। ইয়াত লিখা হৈছিল- "মৃতদেহটো দাহ কৰি ছাইখিনি অষ্ট্ৰেলিয়ালৈ লৈ যোৱা হ'ব"। তাৰ পৰাই "The Ashes" শব্দটো আহে৷

এই শৃংখলাটোৱে ২০২৩–২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চক্ৰও আৰম্ভ কৰিব আৰু ২০২৫ চনত লৰ্ডছত ফাইনেলৰ সৈতে শেষ হ’ব।

১৬ জুনৰ পৰা ৩১ জুলাইলৈ চলিব এছেছ। মেচসমূহ ভাৰতীয় সময় অনুসৰি প্ৰতিদিনা ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ ভাৰতৰ চ’নী স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব এছেছ ২০২৩। অনুৰাগীয়ে SonyLIV আৰু JioTV ত Ashes 2023 ৰ মেচসমূহৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব।

এইবাৰৰ ইংলেণ্ডৰ দলটো : বেন ষ্ট’কছ (অধিনায়ক), অলি পোপ, ম’ইন আলী, জেমছ এণ্ডাৰছন, জনী বেয়াৰষ্ট’ (উইকেটকীপাৰ), ষ্টুয়াৰ্ট ব্ৰড, হেৰী ব্ৰুক, জেক ক্ৰ’লি, বেন ডাকেট, ডেন লৰেন্স, মেথিউ পটছ, অলি ৰবিনছন, জো ৰুট , জোছ টংগু, ক্ৰীছ ৱ'কেছ, মাৰ্ক উড।ড়

অষ্ট্ৰেলিয়াৰ দলটোঃ পেট কামিন্স (অধিনায়ক), স্কট ব’লেণ্ড, এলেক্স কেৰী (উইকেট ৰক্ষক), কেমেৰন গ্ৰীণ, মাৰ্কাছ হেৰিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ (উইকেট ৰক্ষক), উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বাগনে, নাথান লায়ন, মিচেল মাৰ্ছ, মেথিউ ৰেনশ্ব, টড মাৰ্ফি, ষ্টিভ স্মিথ, মিচেল ষ্টাৰক, ডেভিদ ৱাৰ্নাৰ।

এছেজ ২০২৩ৰ মেচসমূহঃ

প্ৰথমখন এছেছ টেষ্ট বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব। ১৬ জুন শুকুৰবাৰ – ২১ জুন মঙলবাৰ।

দ্বিতীয়খন এছেছ টেষ্ট লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ’ব। ২৮ জুন বুধবাৰ – ২ জুলাই দেওবাৰ।

তৃতীয়খন এছেছ টেষ্ট লিডছৰ হেডিংলিত অনুষ্ঠিত হ’ব। ৬ জুলাই বৃহস্পতিবাৰ – ১০ জুলাই সোমবাৰ।

মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হ’ব চতুৰ্থখন এছেছ টেষ্ট। ১৯ জুলাই বুধবাৰ – ২৩ জুলাই দেওবাৰ।

লণ্ডনৰ কেনিংটন অ’ভেলত অনুষ্ঠিত হ’ব পঞ্চমখন এছেছ টেষ্ট। ২৭ জুলাই বৃহস্পতিবাৰ – ৩১ জুলাই সোমবাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ