--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰণা কৰা হৈছিল যে সেই বিশেষ প্ৰজাতিৰ মেকুৰীবিধ ১৫ নিযুত বছৰ পূৰ্বেই পৃথিৱীৰ পৰা হেৰাই গৈছিল। কিন্তু শেহতীয়াকৈ স্পেইনৰ বিজ্ঞানীসকলে সেইবিধ মেকুৰীৰে  এবিধ  নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে।

এই প্ৰজাতিটোৱে  প্ৰায় ১৫.৫ নিযুত বছৰ আগতে পৃথিৱীত বাস কৰিছিল বুলি ধাৰণা কৰা হৈছিল।

স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়ৰ গৱেষকসকলে মাদ্ৰিদ চহৰৰ ওচৰত পোৱা জন্তুৰ হাড়ৰ ওপৰত ভিত্তি  কৰি নতুন প্ৰজাতিৰ মেকুৰীবিধ চিনাক্ত কৰিবলৈ সক্ষম হৈছে। 

নতুন প্ৰজাতিৰ মেকুৰী বিধৰ নাম হৈছে মেগেৰিফেলিছ পেইগনেই । বিজ্ঞানীসকলে ধাৰণা কৰিছে যে  মেগেৰিফেলিছ পেইগনেই নামৰ এই মেকুৰীবিধে  "চিকাৰ কৰোঁতে শক্তিশালী দাঁত" ব্যৱহাৰ কৰিছিল। এনে মেকুৰীয়ে প্ৰথমে চিকাৰক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল আৰু তাৰ পিছত ভক্ষণ কৰিছিল। 

গৱেষকসকলে বিশ্বাস কৰে যে মেকুৰীবিধে  দক্ষিণ পশ্চিম ইউৰোপৰ স্থানীয় প্ৰাণী  আইবেৰিয়ান লিংক্সৰ দৰেই আচৰণ কৰিলেহেঁতেন। আইবেৰিয়ান লিংক্স বৰ্তমান এক বিপদাপন্ন প্ৰজাতি। 
 গৱেষক ড০ চিলিচিঅ'ই কয় , "আমি এটা  হনু উদ্ধাৰ কৰিছিলো,  য’ত প্ৰায় সকলো বোৰ দাঁত অক্ষত অৱস্থাত আছিল।" সেই হনুৰ অধ্যয়নৰ পৰাই নতুনকৈ পোৱা মেকুৰী বিধ প্ৰায় ১৫ নিযুত বছৰ আগতে পৃথিৱীৰ পৰা হেৰাই যোৱা মেকুৰী বিধেই হ’ব বুলি বিজ্ঞানীসকল এক প্ৰকাৰ নিশ্চিত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক