--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনৈতিক সংস্কাৰৰ নায়ক মনমোহন সিঙে বৃহস্পতিবাৰে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰিকল্পনা আয়োগৰ উপ অধ্যক্ষ, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্ত সচিব আৰু বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মনমোহন সিং সৰলতাৰ নিদৰ্শন আছিল। তেওঁৰ মৃত্যুৰ পিছত এতিয়া সকলোৱে জানিব বিচাৰে তেওঁৰ কিমান সম্পত্তি আছিল।
Manmohan Singh, the reformist leader who transformed India's economy |  Latest News India - Hindustan Times


মনমোহন সিঙে পত্নী গুৰুশৰণ কৌৰ আৰু ৩ গৰাকী কন্যা সন্তানক এৰি থৈ যায়। প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত তেওঁ ৰাজনীতিত বিশেষ সক্ৰিয় নাছিল। বেছিভাগ সময় তেওঁ পৰিয়ালৰ সৈতে কটাইছিল। ছয় বাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কৰ্মৰত মনমোহন সিঙৰ হাতত কোটি টকাৰ সম্পত্তি আছে। ২০১৮ চনত মনমোহন সিঙে ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিছিল। মনোনয়ন দাখিল কৰাৰ সময়ত মনমোহন সিঙে নিজৰ মুঠ সম্পত্তি ১৫.৭৭ কোটি টকা বুলি ঘোষণা কৰিছিল। শপতনামা অনুসৰি ২০১৮-১৯ বৰ্ষত তেওঁৰ মুঠ উপাৰ্জন প্ৰায় ৯০ লাখ টকা।

তেওঁৰ আৱাসিক সম্পত্তি আৰু বেংকত জমা ধনৰ উপৰিও চণ্ডীগড় আৰু দিল্লীত তেওঁৰ এপাৰ্টমেণ্টৰ মূল্য আছিল ১১ বছৰ পূৰ্বে ৭.২৭ কোটি টকা। তেতিয়াৰ পৰাই তেওঁলোকৰ দাম যথেষ্ট বৃদ্ধি পাইছে। ২০১৩ চনত তেওঁৰ এছবিআই একাউণ্টত মুঠ ৩.৪৬ কোটি টকা জমা আৰু বিনিয়োগ আছিল।

শপতনামাত তেওঁৰ কোনো ঋণ নাই বুলিও উল্লেখ কৰা হৈছিল। তেওঁৰ হাতত আছিল ৩০ হাজাৰ টকাৰ নগদ ধন আৰু ৩.৮৬ লাখ টকাৰ গহনা। ডাক সঞ্চয় আঁচনিত তেওঁৰ জমা আছিল ১২ লাখ ৭৬ হাজাৰ টকা। ২০১৩ চনত তেওঁৰ এখন মাৰুতি ৮০০ গাড়ী ক্ৰয় কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ