--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনৈতিক সংস্কাৰৰ নায়ক মনমোহন সিঙে বৃহস্পতিবাৰে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰিকল্পনা আয়োগৰ উপ অধ্যক্ষ, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্ত সচিব আৰু বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মনমোহন সিং সৰলতাৰ নিদৰ্শন আছিল। তেওঁৰ মৃত্যুৰ পিছত এতিয়া সকলোৱে জানিব বিচাৰে তেওঁৰ কিমান সম্পত্তি আছিল।
Manmohan Singh, the reformist leader who transformed India's economy |  Latest News India - Hindustan Times


মনমোহন সিঙে পত্নী গুৰুশৰণ কৌৰ আৰু ৩ গৰাকী কন্যা সন্তানক এৰি থৈ যায়। প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত তেওঁ ৰাজনীতিত বিশেষ সক্ৰিয় নাছিল। বেছিভাগ সময় তেওঁ পৰিয়ালৰ সৈতে কটাইছিল। ছয় বাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কৰ্মৰত মনমোহন সিঙৰ হাতত কোটি টকাৰ সম্পত্তি আছে। ২০১৮ চনত মনমোহন সিঙে ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিছিল। মনোনয়ন দাখিল কৰাৰ সময়ত মনমোহন সিঙে নিজৰ মুঠ সম্পত্তি ১৫.৭৭ কোটি টকা বুলি ঘোষণা কৰিছিল। শপতনামা অনুসৰি ২০১৮-১৯ বৰ্ষত তেওঁৰ মুঠ উপাৰ্জন প্ৰায় ৯০ লাখ টকা।

তেওঁৰ আৱাসিক সম্পত্তি আৰু বেংকত জমা ধনৰ উপৰিও চণ্ডীগড় আৰু দিল্লীত তেওঁৰ এপাৰ্টমেণ্টৰ মূল্য আছিল ১১ বছৰ পূৰ্বে ৭.২৭ কোটি টকা। তেতিয়াৰ পৰাই তেওঁলোকৰ দাম যথেষ্ট বৃদ্ধি পাইছে। ২০১৩ চনত তেওঁৰ এছবিআই একাউণ্টত মুঠ ৩.৪৬ কোটি টকা জমা আৰু বিনিয়োগ আছিল।

শপতনামাত তেওঁৰ কোনো ঋণ নাই বুলিও উল্লেখ কৰা হৈছিল। তেওঁৰ হাতত আছিল ৩০ হাজাৰ টকাৰ নগদ ধন আৰু ৩.৮৬ লাখ টকাৰ গহনা। ডাক সঞ্চয় আঁচনিত তেওঁৰ জমা আছিল ১২ লাখ ৭৬ হাজাৰ টকা। ২০১৩ চনত তেওঁৰ এখন মাৰুতি ৮০০ গাড়ী ক্ৰয় কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু