--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃত আৰু আন স্থানলৈ যোৱা ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন কাৰণত আন বহু লোক বাদ পৰিব।

ডিজিটেল ডেস্ক : পশ্চিম বংগত চলি থকা বিশেষ ব্যাপক পুনৰীক্ষণৰ (এছ আই আৰ) বাবে ভোটাৰ তালিকাৰ পৰা ৫০ লাখতকৈ অধিক লোকৰ নাম বাদ পৰিব। নির্বাচন আয়োগে অহা ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰিব। বৰ্তমানৰ গণনা মতে, ৫২,৯৯,৬৬৩ ভোটাৰৰ নাম খচৰা তালিকাত নাথাকিব। 


মৃত আৰু আন স্থানলৈ যোৱা ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন কাৰণত আন বহু লোক বাদ পৰিব। নির্বাচন আয়োগৰ মতে, ২৩,৪৮,০৯৫জন ভোটাৰ মৃত বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ নাম বাদ দিয়া হৈছে। 


আন ১৮,৫৫,৩০২ জন আন স্থানলৈ যোৱাৰ বাবে তেওঁলোকৰ নাম বাদ দিয়া হৈছে। ভোটাৰ তালিকাত 'সন্ধানহীন' বুলি শ্রেণীবদ্ধ শিতানতো ভোটাৰৰ নাম বাদ পৰিব। এইসকল হৈছে যিবোৰ ভোটাৰক তালিকাভুক্তকৰণ (ইনুমেৰাশ্যন) প্ৰ-পত্ৰ দিয়া হৈছে, কিন্তু তেওঁলোকে ঘূৰাই দিয়া নাই আৰু ভোটগ্রহণ পৰ্যায়ৰ বিষয়াই (বি এল অ') তেওঁলোকক বিচাৰি পোৱা নাই। তেনে ভোটাৰৰ সংখ্যা হৈছে ৯,৪২,১৬২জন। ইয়াৰ বাহিৰেও একাধিক ঠাইত থকা এক লাখ নাম চিনাক্ত কৰা হৈছে। 


আয়োগে তেনে ১,২২,৩০৩ ভোটাৰৰ নাম চিনাক্ত কৰিছে। তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও 'অন্যান্য' শীর্ষক এটা শ্রেণীত ৩১,৮০১ ভোটাৰক তালিকাৰ পৰা বাদ দিয়া হৈছে। আয়োগৰ বিষয়াসকলৰ মতে, এইসকল হৈছে যি হয়তো এছ আই আৰক গুৰুত্বসহকাৰে লোৱা নাই অথবা তেওঁলোকৰ প্ৰ-পত্র দাখিল কৰা নাই। 


উল্লেখযোগ্য যে পশ্চিম বংগত ৩৪ নৱেম্বৰত এছ আই আৰ আৰম্ভ হৈছিল। ৰাজ্যখনত নির্বাচন আয়োগৰ প'র্টে লত তালিকাভুক্তকৰণ প্র-পত্র আপল'ড কৰাৰ শেষ দিন হৈছে ১১ ডিচেম্বৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু