--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃত আৰু আন স্থানলৈ যোৱা ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন কাৰণত আন বহু লোক বাদ পৰিব।

ডিজিটেল ডেস্ক : পশ্চিম বংগত চলি থকা বিশেষ ব্যাপক পুনৰীক্ষণৰ (এছ আই আৰ) বাবে ভোটাৰ তালিকাৰ পৰা ৫০ লাখতকৈ অধিক লোকৰ নাম বাদ পৰিব। নির্বাচন আয়োগে অহা ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰিব। বৰ্তমানৰ গণনা মতে, ৫২,৯৯,৬৬৩ ভোটাৰৰ নাম খচৰা তালিকাত নাথাকিব। 


মৃত আৰু আন স্থানলৈ যোৱা ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও বিভিন্ন কাৰণত আন বহু লোক বাদ পৰিব। নির্বাচন আয়োগৰ মতে, ২৩,৪৮,০৯৫জন ভোটাৰ মৃত বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ নাম বাদ দিয়া হৈছে। 


আন ১৮,৫৫,৩০২ জন আন স্থানলৈ যোৱাৰ বাবে তেওঁলোকৰ নাম বাদ দিয়া হৈছে। ভোটাৰ তালিকাত 'সন্ধানহীন' বুলি শ্রেণীবদ্ধ শিতানতো ভোটাৰৰ নাম বাদ পৰিব। এইসকল হৈছে যিবোৰ ভোটাৰক তালিকাভুক্তকৰণ (ইনুমেৰাশ্যন) প্ৰ-পত্ৰ দিয়া হৈছে, কিন্তু তেওঁলোকে ঘূৰাই দিয়া নাই আৰু ভোটগ্রহণ পৰ্যায়ৰ বিষয়াই (বি এল অ') তেওঁলোকক বিচাৰি পোৱা নাই। তেনে ভোটাৰৰ সংখ্যা হৈছে ৯,৪২,১৬২জন। ইয়াৰ বাহিৰেও একাধিক ঠাইত থকা এক লাখ নাম চিনাক্ত কৰা হৈছে। 


আয়োগে তেনে ১,২২,৩০৩ ভোটাৰৰ নাম চিনাক্ত কৰিছে। তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ দিয়া হ'ব। ইয়াৰ বাহিৰেও 'অন্যান্য' শীর্ষক এটা শ্রেণীত ৩১,৮০১ ভোটাৰক তালিকাৰ পৰা বাদ দিয়া হৈছে। আয়োগৰ বিষয়াসকলৰ মতে, এইসকল হৈছে যি হয়তো এছ আই আৰক গুৰুত্বসহকাৰে লোৱা নাই অথবা তেওঁলোকৰ প্ৰ-পত্র দাখিল কৰা নাই। 


উল্লেখযোগ্য যে পশ্চিম বংগত ৩৪ নৱেম্বৰত এছ আই আৰ আৰম্ভ হৈছিল। ৰাজ্যখনত নির্বাচন আয়োগৰ প'র্টে লত তালিকাভুক্তকৰণ প্র-পত্র আপল'ড কৰাৰ শেষ দিন হৈছে ১১ ডিচেম্বৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ