--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজন তাৰকাই ক্ৰিকেটত এসময়ত দপদপাই আছিল৷ সেই ৰাহুল দ্ৰাবিড় আৰু বীৰেন্দ্ৰ ছেহৱাগৰ সন্তানেই এই মুহূৰ্তত দুয়ো দুয়োৰে প্ৰতিদ্বন্দ্বী। ১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত ৰাহুলৰ কনিষ্ঠ পুত্ৰ অনয় দ্ৰাবিড়ে কৰ্ণাটক দলৰ অধিনায়কত্ব কৰিছে। দিল্লীৰ হৈ অপেনাৰ বেটাৰ হিচাপে খেলিছে আৰ্যবীৰ সেহৱাগে।

প্ৰথম দিনাই অন্যয় কঠিন পৰীক্ষাৰ সন্মুখীন হৈছিল আৰু শূন্য ৰাণতে ওলাই আহিছিল। কিন্তু আৰ্যবীৰ চিনাকি ছন্দত আছিল। ছেহৱাগৰ ডাঙৰ পুত্ৰই ৫০ ৰানত অপৰাজিত হৈ থাকে।

উল্লেখ্য যে ভাৰতৰ সোণালী যুগৰ তাৰকাৰ সন্তানসকলো এতিয়া খেলপথাৰলৈ আহিছে। ইতিমধ্যে আই পি এলত অভিষেক ঘটালে কিংবদন্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে। লগতে গোৱাৰ হৈ নিয়মীয়াকৈ খেলি আছে। ৰাহুলৰ জ্যেষ্ঠ পুত্ৰ সমিতে কৰ্ণাটকৰ ১৯ বছৰ অনুৰ্ধৰ হৈ কুচ বিহাৰ ট্ৰফীত খেলিছিল। ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত স্থান লাভৰ পৰা অলপতে বঞ্চিত হয়৷

মঙলাগিৰিৰ অন্ধ্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অন্যয়ে মাত্ৰ দুটা বলত কোনো ৰান নোহোৱাকৈ বল আউট হয়। কৰ্ণাটক ১৪৪ ৰানত অল আউট হৈছিল। ৯৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে আৰ্যবীৰ। ছেহৱাগ-পুত্ৰই চাৰিটা চাৰি আৰু এটা ছয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু