--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োজন তাৰকাই ক্ৰিকেটত এসময়ত দপদপাই আছিল৷ সেই ৰাহুল দ্ৰাবিড় আৰু বীৰেন্দ্ৰ ছেহৱাগৰ সন্তানেই এই মুহূৰ্তত দুয়ো দুয়োৰে প্ৰতিদ্বন্দ্বী। ১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত ৰাহুলৰ কনিষ্ঠ পুত্ৰ অনয় দ্ৰাবিড়ে কৰ্ণাটক দলৰ অধিনায়কত্ব কৰিছে। দিল্লীৰ হৈ অপেনাৰ বেটাৰ হিচাপে খেলিছে আৰ্যবীৰ সেহৱাগে।

প্ৰথম দিনাই অন্যয় কঠিন পৰীক্ষাৰ সন্মুখীন হৈছিল আৰু শূন্য ৰাণতে ওলাই আহিছিল। কিন্তু আৰ্যবীৰ চিনাকি ছন্দত আছিল। ছেহৱাগৰ ডাঙৰ পুত্ৰই ৫০ ৰানত অপৰাজিত হৈ থাকে।

উল্লেখ্য যে ভাৰতৰ সোণালী যুগৰ তাৰকাৰ সন্তানসকলো এতিয়া খেলপথাৰলৈ আহিছে। ইতিমধ্যে আই পি এলত অভিষেক ঘটালে কিংবদন্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনে। লগতে গোৱাৰ হৈ নিয়মীয়াকৈ খেলি আছে। ৰাহুলৰ জ্যেষ্ঠ পুত্ৰ সমিতে কৰ্ণাটকৰ ১৯ বছৰ অনুৰ্ধৰ হৈ কুচ বিহাৰ ট্ৰফীত খেলিছিল। ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলত স্থান লাভৰ পৰা অলপতে বঞ্চিত হয়৷

মঙলাগিৰিৰ অন্ধ্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অন্যয়ে মাত্ৰ দুটা বলত কোনো ৰান নোহোৱাকৈ বল আউট হয়। কৰ্ণাটক ১৪৪ ৰানত অল আউট হৈছিল। ৯৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে আৰ্যবীৰ। ছেহৱাগ-পুত্ৰই চাৰিটা চাৰি আৰু এটা ছয় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক