--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম আৰু অসমীয়াক কৰা প্ৰতাৰণাই আৰু এটা বছৰ সম্পূৰ্ণ কৰিলে! ২০১৪চনত সেইসময়ৰ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে কৈছিল"১৬ মে’ৰ পিছত এই বাংলাদেশীসকলে বেগ পেক কৰি ৰখাই ভাল," ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগৰ শ্ৰীৰামপুৰত এখন সভাত তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে কোৱা কথাষাৰে চুবুৰীয়া ৰাজ্য অসমত গভীৰ প্ৰভাৱ পেলাইছিল। প্ৰায় ডেৰ শতিকা ধৰি অবৈধ প্ৰব্ৰজনকাৰীৰ আগমনৰ ফলত পোৱা কষ্টক নিবাৰণৰ প্ৰসংগ মোদীৰ মুখত শুনি  ৰাজ্যখনে বিজেপিক ১৪খন লোকসভাৰ আসনৰ ভিতৰত ৭খন আসনৰ সৈতে পুৰস্কৃত কৰে।দুবছৰৰ পাছত ২০১৬ চনত বিজেপিয়ে মাটি, ভেটি আৰু জাতি ৰক্ষাৰ আহ্বান জনাইছিল তথা ৰাজ্যত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল বিজেপি৷

কিন্তু সেই সকলোবোৰ যেন সলনি হৈ গ’ল: প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলটোৱে এতিয়া সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে ব্যাপক জনতাৰ ক্ষোভৰ সন্মুখীন হৈছে, কাৰণ তেওঁলোকে উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিয়া একে বাংলাদেশী প্ৰব্ৰজনকাৰীকে “পুনৰ সংস্থাপনৰ ষড়যন্ত্ৰ” কৰাৰ অভিযোগ উত্থাপন হৈছে। 

বাংলাদেশীক টালি-টোপোলা বান্ধি দেশ এৰি যাবলৈ কোৱা নেতাজনৰ নেতৃত্বতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰা হ’ল৷জাতীয় অস্তিত্বৰ বিনাশৰ সন্ধিক্ষণত অসমীয়া জাতিক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতাৰণা কৰিলে নেকি! এই প্ৰশ্ন কিন্তু প্ৰতিজন সচেতন অসমীয়াৰ মনত উদয় হৈছে৷

ঐতিহাসিক অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ,সাংবিধানিক সুৰক্ষাকৱচ অথবা আলোচনাপন্থী আলফাৰ আসন সংৰক্ষণৰ প্ৰস্তুাৱ সকলো এতিয়া মাত্ৰ আলোচনা দ্বাৰা লেহেমীয়া গতিতহে চলি আছে৷ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে মানি চলে এক সুৰক্ষিত দূৰত্ব৷অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা দূৰৰে কথা বানপানীৰ সময়ত অসমৰ জনসাধাৰণৰ খবৰ ল’বলৈয়ো আহৰি প্ৰধানমন্ত্ৰী মোদীৰ নাই৷

অসমৰ সম্পদ কেন্দ্ৰৰ সম্পদ,অসমৰ মাটি কেন্দ্ৰৰো মাটি অসমীয়াৰ ভোট কেন্দ্ৰৰ ভোট কিন্তু অসম আৰু অসমীয়াৰ সমস্যা নিজৰ সমস্যা নহয়৷যদি৷প্ৰকৃততে হ’লহেঁতেন তেন্তে আজি অসম হ’লহেঁতেন বাংলাদেশীমুক্ত৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ