--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত এতিয়াও উৎসুকতা একেই আছে। কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ বৃহস্পতিবাৰে (১৮ মে’) হ’ব পাৰে। মুখ্যমন্ত্ৰী পদৰ দৌৰত নেতৃত্ব দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰামায়া আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰে।

অনুমান কৰা হৈছে যে চিদ্দাৰামায়াক প্ৰায়বোৰ বিধায়কে সমৰ্থন কৰিলেও কিন্তু ডি কে শিৱকুমাৰে যদি অধিক সমৰ্থন পাই তেন্তে সিদ্ধান্ত তেওঁৰ পক্ষত যাব পাৰে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি দলৰ নেতৃত্বই ভাবিছে যে আজি বা কাইলৈৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰি বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব লাগে। এজন মুখ্যমন্ত্ৰী আৰু মাত্ৰ এজন উপ-মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ ২৪-২৫জন মন্ত্ৰীয়েও একেলগে শপত গ্ৰহণ কৰিব পাৰিব।

সূত্ৰ অনুসৰি ডি কে শিৱকুমাৰৰ লগত আন বহু সমস্যা আছে যিবোৰ মনত ৰাখিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যিকোনো ধৰণৰ অভিযোগৰ পৰা পৰিষ্কাৰ হ’ব লাগে। সূত্ৰৰ পৰা জানিব পৰা মতে ডি কে শিৱকুমাৰক মুখ্যমন্ত্রী নিৰূপণ নকৰিলেও দলত বিভাজনৰ কোনো পৰিসৰ নাই যদিও চিদ্দাৰামায়াক নিদিয়াৰ বাবে দলত যথেষ্ট ক্ষোভৰ সৃষ্টি হ’ব পাৰে৷

কংগ্ৰেছে নিযুক্তি দিয়া তিনিজন পৰ্যবেক্ষকে নৱনিৰ্বাচিত বিধায়কৰ সৈতে পৃথকে পৃথকে কথা পাতি সোমবাৰে দিল্লীলৈ উভতি আহে। তেওঁ এই প্ৰতিবেদন দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক দাখিল কৰিব। চিদ্দাৰামায়া দিল্লীলৈ ৰাওনা হৈছে, আনহাতে শিৱকুমাৰে কয় যে দিল্লীলৈ আহিবলৈ তেওঁলৈ ফোন অহা নাই। দেওবাৰে চিএলপিৰ বৈঠকৰ সময়ত নৱনিৰ্বাচিত বিধায়কসকলে পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ মল্লিকাৰ্জুন খাৰ্গেৰ হাতত এৰি দিয়ে।

দিল্লীত উপস্থিত হোৱাৰ লগে লগে কৰ্ণাটকৰ কংগ্ৰেছ প্ৰভাৰী ৰনদীপ সিং সুৰজেৱালাই কয় যে কালি বৈঠকত দুটা প্ৰস্তাৱ গৃহীত হৈছে। ধন্যবাদৰ প্ৰস্তাৱ আৰু আন এটা প্ৰস্তাৱত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে পৰৱৰ্তী কংগ্ৰেছ বিধানসভা দলৰ পৰৱৰ্তী নেতা বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হয়। তত্বাৱধায়কসকলে সকলোৰে সৈতে আলোচনা কৰি আজি ৰাতিৰ ভিতৰত মল্লিকাৰ্জুন খৰ্গেক তেওঁলোকৰ প্ৰতিবেদন দিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক