--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অপহৰণ কৰি আনি ১৬ মাহে বন্দী অৱস্থাত বলাৎকাৰ কৰিলে এগৰাকী মহিলাক। তেওঁক গৰ্ভধাৰণৰ বাবে বাধ্য কৰি তোলা হ’ল আৰু সন্তান জন্ম হোৱাৰ পাছত মাৰ-ধৰ কৰি পেলাই দিয়া হ’ল এটা বাছ আস্থানত। নাৰী নিৰ্যাতনৰ এই শিহৰণকাৰী ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু ই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনী মহানগৰত। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ পৰা ২১বছৰীয়া এগৰাকী যুৱতীক অপৰহণ কৰি অনাৰ পাছত ১৬মাহে বন্দী কৰি ৰাখিছিল ৰাজপাল সিং নামৰ ৩৮বছৰীয়া এজন লোকে।

তেওঁ ১৬মাহে নিজৰ পত্নীৰ সহযোগতে বলাৎকাৰ কৰি গৈছিল লোকজনে। গৰ্ভধাৰণৰ বাবে তেওঁ বাধ্য কৰি তোলা হৈছিল। আৰু যেতিয়া তেওঁ এটা সন্তান জন্ম দিছিল তাৰ পাছত তেওঁক কোনো বৰ্জ্য পদাৰ্থৰ দৰে পেলাই দিয়া হৈছিল এটা বাছ আস্থানত। উজ্জয়িনীৰ দেৱাস গেট বাছ আস্থানত অচেতন অৱস্থাত ৬ নৱেম্বৰত মহিলাগৰাকীৰ উদ্ধাৰ কৰাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। মহিলাগৰাকী নাগপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজপাল সিঙেই তেওঁক অচেতন অৱস্থাত বাছ আস্থানটোত পেলাই দিছিল বুলি সংজ্ঞা ঘূৰাই পোৱাৰ পাছত আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

তেওঁ আৰক্ষীৰ আগত সমস্ত ঘটনা বৰ্ণনা কৰি কৈছে যে, ১৬ মাহৰ আগেয়ে এগৰাকী মহিলাৰ সহযোগত উজ্জয়িনীলৈ তেওঁক লৈ অহা হৈছিল। তাৰ পাছত সিংঙে তেওঁৰ পত্নী চন্দ্ৰকান্তাৰ সৈতে মিলি তেওঁক বন্দী কৰি ৰাখিছিল আৰু একপ্ৰকাৰ যৌনদাসীৰ দৰে ব্যৱহাৰ কৰি এটা সন্তানৰ বাবে তেওঁক বাৰে বাৰে বলাৎকাৰ কৰি যোৱা হৈছিল। দম্পতীটোৱে তেওঁলোকৰ দুটা সন্তান হেৰুৱাবলগীয়া হৈছিল বাবে এনেদৰে তেওঁক বন্দী বনাই ৰাখি সন্তান জন্ম দিয়াব বিচাৰিছিল। বলাৎকাৰৰ পৰিণতিতে তেওঁ গৰ্ভৱতী হয় আৰু ২৫ অক্টোবৰত এটা সন্তান জন্ম দিয়ে। তাৰ পাছত ৬ নৱেম্বৰত তেওঁক অত্যাচাৰ কৰি অচেতন অৱস্থাত এটা বাছ আস্থানত পেলাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ৰাজপাল সিং, তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ লগতে এই ঘটনাৰে জড়িত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা