--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অপহৰণ কৰি আনি ১৬ মাহে বন্দী অৱস্থাত বলাৎকাৰ কৰিলে এগৰাকী মহিলাক। তেওঁক গৰ্ভধাৰণৰ বাবে বাধ্য কৰি তোলা হ’ল আৰু সন্তান জন্ম হোৱাৰ পাছত মাৰ-ধৰ কৰি পেলাই দিয়া হ’ল এটা বাছ আস্থানত। নাৰী নিৰ্যাতনৰ এই শিহৰণকাৰী ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু ই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনী মহানগৰত। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ পৰা ২১বছৰীয়া এগৰাকী যুৱতীক অপৰহণ কৰি অনাৰ পাছত ১৬মাহে বন্দী কৰি ৰাখিছিল ৰাজপাল সিং নামৰ ৩৮বছৰীয়া এজন লোকে।

তেওঁ ১৬মাহে নিজৰ পত্নীৰ সহযোগতে বলাৎকাৰ কৰি গৈছিল লোকজনে। গৰ্ভধাৰণৰ বাবে তেওঁ বাধ্য কৰি তোলা হৈছিল। আৰু যেতিয়া তেওঁ এটা সন্তান জন্ম দিছিল তাৰ পাছত তেওঁক কোনো বৰ্জ্য পদাৰ্থৰ দৰে পেলাই দিয়া হৈছিল এটা বাছ আস্থানত। উজ্জয়িনীৰ দেৱাস গেট বাছ আস্থানত অচেতন অৱস্থাত ৬ নৱেম্বৰত মহিলাগৰাকীৰ উদ্ধাৰ কৰাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। মহিলাগৰাকী নাগপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজপাল সিঙেই তেওঁক অচেতন অৱস্থাত বাছ আস্থানটোত পেলাই দিছিল বুলি সংজ্ঞা ঘূৰাই পোৱাৰ পাছত আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।


তেওঁ আৰক্ষীৰ আগত সমস্ত ঘটনা বৰ্ণনা কৰি কৈছে যে, ১৬ মাহৰ আগেয়ে এগৰাকী মহিলাৰ সহযোগত উজ্জয়িনীলৈ তেওঁক লৈ অহা হৈছিল। তাৰ পাছত সিংঙে তেওঁৰ পত্নী চন্দ্ৰকান্তাৰ সৈতে মিলি তেওঁক বন্দী কৰি ৰাখিছিল আৰু একপ্ৰকাৰ যৌনদাসীৰ দৰে ব্যৱহাৰ কৰি এটা সন্তানৰ বাবে তেওঁক বাৰে বাৰে বলাৎকাৰ কৰি যোৱা হৈছিল। দম্পতীটোৱে তেওঁলোকৰ দুটা সন্তান হেৰুৱাবলগীয়া হৈছিল বাবে এনেদৰে তেওঁক বন্দী বনাই ৰাখি সন্তান জন্ম দিয়াব বিচাৰিছিল। বলাৎকাৰৰ পৰিণতিতে তেওঁ গৰ্ভৱতী হয় আৰু ২৫ অক্টোবৰত এটা সন্তান জন্ম দিয়ে। তাৰ পাছত ৬ নৱেম্বৰত তেওঁক অত্যাচাৰ কৰি অচেতন অৱস্থাত এটা বাছ আস্থানত পেলাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ৰাজপাল সিং, তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ লগতে এই ঘটনাৰে জড়িত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক