--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৰিদ্ৰতা, বৰ্তমান সমাজৰ এক জলন্ত সমস্য। জনসংখ্যা বৃদ্ধিৰ লগে-লগে দৰিদ্ৰতাৰ কেতবোৰ ভয়লগা ছবি আমি দেখিবলৈ পাওঁ। এই সমস্যই ইমানেই চূড়ান্ত ৰূপ ধাৰণ কৰিছে যে অনাগত দিনত ই যে গুৰুত্বৰ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত৷ দৰিদ্ৰতাৰ সন্মুখীন হৈ বহুতো মানুহে জীৱনত চৰম সিদ্ধান্ত লোৱাও দেখা যায়৷

দৰিদ্ৰতাৰ ফলত তেনে এক কৰুণ সিদ্ধান্ত গ্ৰহণ কৰা এটা খবৰে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, মহাৰাষ্ট্ৰৰ আহমেদ নগৰৰ এগৰাকী মহিলাই তেওঁৰ মাত্ৰ ৩ দিনীয়া পুত্ৰ সন্তানক ১.৭৮ লাখ টকাত বিক্ৰী কৰিছে৷ জন্মৰ পৰা মাত্ৰ ৩ দিন নৌহওঁতেই মাতৃ গৰাকীয়ে সন্তানৰ প্ৰতি কৰা এনে কাণ্ডৰ প্ৰতি সকলো লোকে গৰিহণা দিয়াৰ লগতে সেই একে সময়তে কিন্তু দৰিদ্ৰতাৰ ভয়াৱহ ছবিখনো উদঙাই দিছে।

দৰিদ্ৰ পৰিয়ালটোৱে আজি কিছুদিনৰ পৰা অভাৱত ভূগি আছিল আৰু তেওঁলোকৰ অভাৱৰ মাত্ৰা ইমানেই বাঢ়ি গৈছিল যে, নিজ সন্তানক বিক্ৰী কৰাৰ দৰে চৰম সিদ্ধান্ত ল’ব লগা হ’ল৷ অৱশ্যে পৰিয়ালটোৱে কোনো আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ সন্তান বিক্ৰী নকৰা কাৰ্যক লৈ এতিয়া সৰৱ হৈ পৰিছে অঞ্চলবাসী লগতে পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীক অভিয়োগ উত্থাপন কৰিছে৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সন্তানটোৰ পিতৃ-মাতৃসহ আন তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক