--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৰিদ্ৰতা, বৰ্তমান সমাজৰ এক জলন্ত সমস্য। জনসংখ্যা বৃদ্ধিৰ লগে-লগে দৰিদ্ৰতাৰ কেতবোৰ ভয়লগা ছবি আমি দেখিবলৈ পাওঁ। এই সমস্যই ইমানেই চূড়ান্ত ৰূপ ধাৰণ কৰিছে যে অনাগত দিনত ই যে গুৰুত্বৰ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত৷ দৰিদ্ৰতাৰ সন্মুখীন হৈ বহুতো মানুহে জীৱনত চৰম সিদ্ধান্ত লোৱাও দেখা যায়৷

দৰিদ্ৰতাৰ ফলত তেনে এক কৰুণ সিদ্ধান্ত গ্ৰহণ কৰা এটা খবৰে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, মহাৰাষ্ট্ৰৰ আহমেদ নগৰৰ এগৰাকী মহিলাই তেওঁৰ মাত্ৰ ৩ দিনীয়া পুত্ৰ সন্তানক ১.৭৮ লাখ টকাত বিক্ৰী কৰিছে৷ জন্মৰ পৰা মাত্ৰ ৩ দিন নৌহওঁতেই মাতৃ গৰাকীয়ে সন্তানৰ প্ৰতি কৰা এনে কাণ্ডৰ প্ৰতি সকলো লোকে গৰিহণা দিয়াৰ লগতে সেই একে সময়তে কিন্তু দৰিদ্ৰতাৰ ভয়াৱহ ছবিখনো উদঙাই দিছে।

দৰিদ্ৰ পৰিয়ালটোৱে আজি কিছুদিনৰ পৰা অভাৱত ভূগি আছিল আৰু তেওঁলোকৰ অভাৱৰ মাত্ৰা ইমানেই বাঢ়ি গৈছিল যে, নিজ সন্তানক বিক্ৰী কৰাৰ দৰে চৰম সিদ্ধান্ত ল’ব লগা হ’ল৷ অৱশ্যে পৰিয়ালটোৱে কোনো আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ সন্তান বিক্ৰী নকৰা কাৰ্যক লৈ এতিয়া সৰৱ হৈ পৰিছে অঞ্চলবাসী লগতে পৰিয়ালটোৰ বিৰুদ্ধে আৰক্ষীক অভিয়োগ উত্থাপন কৰিছে৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সন্তানটোৰ পিতৃ-মাতৃসহ আন তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে