--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ২৫ বছৰীয়া ৰাজনৈতিক যাত্ৰাকালত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা NDAৰ সন্মুখত এইবাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিৰাট প্ৰত্যাহ্বান। 

কিয়নো ইতিমধ্যে একত্ৰিত হৈছে দেশৰ ১৫টা বিৰোধী ৰাজনৈতিক দল। উদ্দেশ্য- ২০২৪ত NDAক পৰাজিত কৰাৰ। ইতিমধ্যে পাটনাত মিলিত হোৱা প্ৰথম বৈঠকৰ পাছত ১৭ আৰু ১৮ জুলাইত বেংগালুৰুত বিৰোধী ঐক্যমঞ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব। য’ত ১৫টা নহয়, অংশগ্ৰহণৰ সম্ভাৱনা মুঠ ২১টা বিৰোধী দলৰ। তেনেস্থলত, বিৰোধীৰ ঐক্যক যথোচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে NDA নেতৃত্ব। 

সেই উদ্দেশ্যে ১৮ জুলাইত নতুন দিল্লীত শক্তি প্ৰদৰ্শন কৰিব NDAই। কিয়নো ১৮ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ’ব NDAৰ সহযোগী দলৰ গুৰুত্বপূৰ্ণ বৈঠক। যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে NDA নেতৃত্বই। ১৯৯৮ চনৰ ১৫ মে’ত গঠন হৈছিল NDAৰ। প্ৰথমগৰাকী অধ্যক্ষ আছিল বিজেপিৰ প্ৰয়াত নেতা অটল বিহাৰী বাজপেয়ী। বৰ্তমান NDA অধ্যক্ষৰ দায়িত্বত আছে দেশৰ গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহ। 

গঠনৰ পাছত এতিয়ালৈকে দেশৰ মুঠ ৪১টা ৰাজনৈতিক দলৰ বিভিন্ন সময়ত সদস্য হৈছিল NDAৰ। যাৰ ভিতৰত আছে, এতিয়া বিৰোধী শিবিৰত অৱস্থান কৰা মমতা বেনাৰ্জীৰ TMC, তামিলনাডুৰ DMK, নেচনেল কনফাৰেন্স তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল JDU। কিন্তু বৰ্তমান সলনি হৈছে ৰাজনৈতিক সমীকৰণ। যাৰ বাবে পূৰ্বৰ সহযোগীৰ লগতে বহুকেইটা নতুন দললৈকো প্ৰেৰণ কৰা হৈছে ১৮ জুলাইৰ বৈঠকত অংশগ্ৰহণৰ আমন্ত্ৰণ। 

NDAৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৮ জুলাইৰ বৈঠকত বিজেপিৰ উপৰিও অংশগ্ৰহণ কৰিবলগীয়া হাৰিয়ানাৰ জননায়ক জনতা পাৰ্টী, উত্তৰ প্ৰদেশৰ অপনা দল, তামিলনাডুৰ AIADMK, উত্তৰ প্ৰদেশৰ নিষাদ পাৰ্টী, মেঘালয়ৰ কনৰাড চাংমাৰ NPP, নাগালেণ্ডৰ নেফিউ ৰিঅ’ৰ NDPP, ছিকিমৰ SKF, মিজোৰামৰ MNF তথা অসমৰ অসম গণ পৰিষদ হৈছে NDAত পূৰ্বৰে পৰা থকা সহযোগী দল। ইতিমধ্যে এই আটাইকেইটা ৰাজনৈতিক দললৈ NDA নেতৃত্বই প্ৰেৰণ কৰিছে বৈঠকত অংশগ্ৰহণৰ নিয়ন্ত্ৰণ পত্ৰ। 

আনহাতে, ১৮ জুলাইৰ বৈঠকত অংশগ্ৰহণৰ বাবে NDAৰ নেতৃত্বই বহুকেইটা  ৰাজনৈতিক দললৈ বৈঠকত অংশগ্ৰহণৰ আমন্ত্ৰণ জনাইছে। ২০২৪ৰ পূৰ্বে চৰ্চালৈ অহা NDAৰ এই নতুন সহযোগী দলকেইটা হৈছে- শিৱসেনাৰ সিন্দে গোট, NCPৰ অজিত পাৱাৰ গোট, উত্তৰ প্ৰদেশৰ চুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টী, অন্ধ্ৰপ্ৰদেশৰ জনসেনা পাৰ্টী, বিহাৰৰ  LJP(R), লোক সমতা পাৰ্টী, ঝাৰখণ্ডৰ আজসু, তামিল মনিলা কংগ্ৰেছ তথা IMKMKৰ ৰাজনৈতিক দল। তেনেস্থলত, ১৮ জুলাই পূৰ্বৰ আৰু নতুন সহযোগীৰ উপস্থিতিৰে ২০২৪ৰ পূৰ্বে শক্তি প্ৰদৰ্শনৰ দিশে অগ্ৰসৰ হৈছে NDA নেতৃত্ব। এফালে বিৰোধীৰ নতুন ৰণচালি, আনফালে NDAৰ নতুন শক্তি আহৰণ। যিয়ে আকৰ্ষণীয় কৰি তুলিব ২০২৪ৰ লোকসভাৰ ৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু