--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ২৫ বছৰীয়া ৰাজনৈতিক যাত্ৰাকালত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা NDAৰ সন্মুখত এইবাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিৰাট প্ৰত্যাহ্বান। 

কিয়নো ইতিমধ্যে একত্ৰিত হৈছে দেশৰ ১৫টা বিৰোধী ৰাজনৈতিক দল। উদ্দেশ্য- ২০২৪ত NDAক পৰাজিত কৰাৰ। ইতিমধ্যে পাটনাত মিলিত হোৱা প্ৰথম বৈঠকৰ পাছত ১৭ আৰু ১৮ জুলাইত বেংগালুৰুত বিৰোধী ঐক্যমঞ্চৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব। য’ত ১৫টা নহয়, অংশগ্ৰহণৰ সম্ভাৱনা মুঠ ২১টা বিৰোধী দলৰ। তেনেস্থলত, বিৰোধীৰ ঐক্যক যথোচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে NDA নেতৃত্ব। 

সেই উদ্দেশ্যে ১৮ জুলাইত নতুন দিল্লীত শক্তি প্ৰদৰ্শন কৰিব NDAই। কিয়নো ১৮ জুলাইত নতুন দিল্লীত অনুষ্ঠিত হ’ব NDAৰ সহযোগী দলৰ গুৰুত্বপূৰ্ণ বৈঠক। যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে NDA নেতৃত্বই। ১৯৯৮ চনৰ ১৫ মে’ত গঠন হৈছিল NDAৰ। প্ৰথমগৰাকী অধ্যক্ষ আছিল বিজেপিৰ প্ৰয়াত নেতা অটল বিহাৰী বাজপেয়ী। বৰ্তমান NDA অধ্যক্ষৰ দায়িত্বত আছে দেশৰ গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহ। 

গঠনৰ পাছত এতিয়ালৈকে দেশৰ মুঠ ৪১টা ৰাজনৈতিক দলৰ বিভিন্ন সময়ত সদস্য হৈছিল NDAৰ। যাৰ ভিতৰত আছে, এতিয়া বিৰোধী শিবিৰত অৱস্থান কৰা মমতা বেনাৰ্জীৰ TMC, তামিলনাডুৰ DMK, নেচনেল কনফাৰেন্স তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল JDU। কিন্তু বৰ্তমান সলনি হৈছে ৰাজনৈতিক সমীকৰণ। যাৰ বাবে পূৰ্বৰ সহযোগীৰ লগতে বহুকেইটা নতুন দললৈকো প্ৰেৰণ কৰা হৈছে ১৮ জুলাইৰ বৈঠকত অংশগ্ৰহণৰ আমন্ত্ৰণ। 

NDAৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৮ জুলাইৰ বৈঠকত বিজেপিৰ উপৰিও অংশগ্ৰহণ কৰিবলগীয়া হাৰিয়ানাৰ জননায়ক জনতা পাৰ্টী, উত্তৰ প্ৰদেশৰ অপনা দল, তামিলনাডুৰ AIADMK, উত্তৰ প্ৰদেশৰ নিষাদ পাৰ্টী, মেঘালয়ৰ কনৰাড চাংমাৰ NPP, নাগালেণ্ডৰ নেফিউ ৰিঅ’ৰ NDPP, ছিকিমৰ SKF, মিজোৰামৰ MNF তথা অসমৰ অসম গণ পৰিষদ হৈছে NDAত পূৰ্বৰে পৰা থকা সহযোগী দল। ইতিমধ্যে এই আটাইকেইটা ৰাজনৈতিক দললৈ NDA নেতৃত্বই প্ৰেৰণ কৰিছে বৈঠকত অংশগ্ৰহণৰ নিয়ন্ত্ৰণ পত্ৰ। 

আনহাতে, ১৮ জুলাইৰ বৈঠকত অংশগ্ৰহণৰ বাবে NDAৰ নেতৃত্বই বহুকেইটা  ৰাজনৈতিক দললৈ বৈঠকত অংশগ্ৰহণৰ আমন্ত্ৰণ জনাইছে। ২০২৪ৰ পূৰ্বে চৰ্চালৈ অহা NDAৰ এই নতুন সহযোগী দলকেইটা হৈছে- শিৱসেনাৰ সিন্দে গোট, NCPৰ অজিত পাৱাৰ গোট, উত্তৰ প্ৰদেশৰ চুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টী, অন্ধ্ৰপ্ৰদেশৰ জনসেনা পাৰ্টী, বিহাৰৰ  LJP(R), লোক সমতা পাৰ্টী, ঝাৰখণ্ডৰ আজসু, তামিল মনিলা কংগ্ৰেছ তথা IMKMKৰ ৰাজনৈতিক দল। তেনেস্থলত, ১৮ জুলাই পূৰ্বৰ আৰু নতুন সহযোগীৰ উপস্থিতিৰে ২০২৪ৰ পূৰ্বে শক্তি প্ৰদৰ্শনৰ দিশে অগ্ৰসৰ হৈছে NDA নেতৃত্ব। এফালে বিৰোধীৰ নতুন ৰণচালি, আনফালে NDAৰ নতুন শক্তি আহৰণ। যিয়ে আকৰ্ষণীয় কৰি তুলিব ২০২৪ৰ লোকসভাৰ ৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ