--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা অভিষেক বচ্চনে প্ৰায়ে বলিষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰে। ব্ৰেথ, ধূম ৪, হাউচফুল ৫, ডাষ্টবিনৰ দৰে বহু ছবি আৰু ৱেব চিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এতিয়া যেন অভিষেকে অভিনয়ৰ সমান্তৰালকৈ ৰাজনীতিত কেৰিয়াৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। খবৰ অনুসৰি অভিষেক শীঘ্ৰে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে।

ভাৰত সমাচাৰৰ প্ৰতিবেদন অনুসৰি অতি সোনকালে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে অভিষেক বচ্চন। প্ৰতিবেদন অনুসৰি ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিষেকে। দেউতাক অমিতাভ বচ্চনৰ দৰে প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

অৱশ্যে এতিয়ালৈকে অভিষেক বচ্চন আৰু সমাজবাদী পাৰ্টিয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

উল্লেখযোগ্য যে অভিনয়ৰ পৰা বিৰতি লোৱাৰ পাছত বিগ বি অমিতাভ বচ্চনে কিছুদিনৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৮৪ চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল যদিও ১৯৮৭ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল। আনহাতে জয়া বচ্চন প্ৰথমবাৰৰ বাবে ২০০৪-২০০৬ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত ২০১৮ চনত ৰাজ্যসভাৰ সদস্য হয়।

স্মৰ্তৱ্য যে, অভিষেক বচ্চনক শেষবাৰৰ বাবে দেখা গৈছিল “দচৱী” ছবিত যমী গৌতমৰ সৈতে। এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল। অভিষেক বচ্চনৰ অভিনয়ক এই ছবিখনত অতিশয় প্ৰশংসা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু