--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা অভিষেক বচ্চনে প্ৰায়ে বলিষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰে। ব্ৰেথ, ধূম ৪, হাউচফুল ৫, ডাষ্টবিনৰ দৰে বহু ছবি আৰু ৱেব চিৰিজ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এতিয়া যেন অভিষেকে অভিনয়ৰ সমান্তৰালকৈ ৰাজনীতিত কেৰিয়াৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। খবৰ অনুসৰি অভিষেক শীঘ্ৰে পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে।

ভাৰত সমাচাৰৰ প্ৰতিবেদন অনুসৰি অতি সোনকালে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে অভিষেক বচ্চন। প্ৰতিবেদন অনুসৰি ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিষেকে। দেউতাক অমিতাভ বচ্চনৰ দৰে প্ৰয়াগৰাজৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

অৱশ্যে এতিয়ালৈকে অভিষেক বচ্চন আৰু সমাজবাদী পাৰ্টিয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

উল্লেখযোগ্য যে অভিনয়ৰ পৰা বিৰতি লোৱাৰ পাছত বিগ বি অমিতাভ বচ্চনে কিছুদিনৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৮৪ চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল যদিও ১৯৮৭ চনৰ জুলাই মাহত পদত্যাগ কৰিছিল। আনহাতে জয়া বচ্চন প্ৰথমবাৰৰ বাবে ২০০৪-২০০৬ চনত সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত ২০১৮ চনত ৰাজ্যসভাৰ সদস্য হয়।

স্মৰ্তৱ্য যে, অভিষেক বচ্চনক শেষবাৰৰ বাবে দেখা গৈছিল “দচৱী” ছবিত যমী গৌতমৰ সৈতে। এই ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল। অভিষেক বচ্চনৰ অভিনয়ক এই ছবিখনত অতিশয় প্ৰশংসা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ