--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীসকলে শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰি সমগ্ৰ খেলপথাৰখনত এক দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে। কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু প্ৰজ্ঞা পাৰমিতাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা উক্ত অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় জিলা আয়ুক্ত দেৱাশীষ শর্মাই।

ডিজিটেল ডেস্ক : এক ঐতিহাসিক বিৰল ক্ষণৰ সাক্ষী হৈ ৰ'ল বুধবাৰে নগাঁও জিলা ক্রীড়া সংস্থাৰ খেলপথাৰ (নুৰুল আমিন ষ্টেডিয়াম)। 


কালি পুৱাই ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি সুধাকণ্ঠৰ কালজয়ী গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহান উদ্দেশ্যেৰে নগাঁও জিলা প্রশাসনৰ উদ্যোগত নগাঁও ক্রীড়া সংস্থাৰ খেলপথাৰ (নুৰুল আমিন ষ্টেডিয়াম) ত জিলাখনৰ ৬৩খন শিক্ষানুষ্ঠান (বিশ্ববিদ্যালয়,মহাবিদ্যালয় আৰু বিদ্যালয়)ৰ প্ৰায় ১৭,০০০ সংখ্যক শিক্ষার্থীয়ে সমস্বৰে হাত চাপৰিৰে পৰিৱেশন কৰে সুধাকণ্ঠৰ চিৰসেউজ গীত মানুহে মানুহৰ বাবে। 


ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীসকলে শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰি সমগ্ৰ খেলপথাৰখনত এক দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে। কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু প্ৰজ্ঞা পাৰমিতাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা উক্ত অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় জিলা আয়ুক্ত দেৱাশীষ শর্মাই। 


অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে ভাষণত বিশ্ববিশ্রুত জনতাৰ শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ গীতসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নগাঁও জিলা আয়ুক্তগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি, সমাজৰ সকলোকে বিশেষকৈ নৱপ্ৰজন্মক সুধাকণ্ঠৰ যুগমীয়া সৃষ্টি গীতসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত এনেদৰে আগভাগ ল'বলৈ আহ্বান জনায়। 


ৰাজ্যবাসীৰ লগতে সমগ্ৰ জিলাবাসীৰ বাবে অতি গৌৰৱময় ক্ষণ হিচাপে প্রতিষ্ঠিত হৈ কালিৰ এই অনুষ্ঠানে ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত স্থান লাভ কৰে। ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছৰ কলকাতাস্থিত কাৰ্যালয়ৰ বিচাৰক সুনিতা কেডিয়াৰ নেতৃত্বত অহা পর্যবেক্ষকৰ দলে সমগ্ৰ গীতৰ অনুষ্ঠানটো নিৰীক্ষণ কৰি পৰিৱেশনৰ অন্তত জিলা আয়ুক্তগৰাকীৰ হাতত 'ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছ'ত নাম অন্তর্ভুক্তিৰ প্ৰমাণপত্ৰ অর্পণ কৰে। 


উল্লেখযোগ্য যে কালিৰ এই গৌৰৱময় অনুষ্ঠানটো ৰাজ্যখনৰ বিশিষ্ট ছাউণ্ড ইঞ্জিনীয়াৰ দিগন্ত শৰ্মাৰ তত্ত্বাৱধানত সুন্দৰভাৱে পৰিচালিত হয়। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, কলিয়াবৰ সম জিলাৰ সম আয়ুক্ত ৰাজ বৰুৱা, নগাঁও পৌৰসভাৰ পৌৰপতি, উপ-সভাপতি, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট অভিনেত্রী বীণা বান্ধৱতী, জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল, সহকাৰী আয়ুক্তসকল,চক্র বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলকে প্রমুখ্য কৰি বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, গণ্যমান্য ব্যক্তি আৰু অগণন স্থানীয় লোক উপস্থিত থাকে। 


অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিক্ষার্থী, শিক্ষক- শিক্ষয়িত্রী, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যৱসায়ী সংস্থা, স্বেচ্ছাসেবী সংগঠনৰ বিষয়ববীয়া, সংবাদসেৱীসকল আৰু জিলাবাসী ৰাইজক নগাঁও জিলা প্রশাসনে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য