--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰিছে জুই।

ডিজিটেল ডেস্কঃ হাজোত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। হাজোৰ নতুন দিহিনাত ইমৰান আলী নামৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ। জুইৰ ফলত ঘৰখন ৰূপে ধ্বংস হয়।


শহুৰেকৰ পৰিয়ালৰ লোকে জ্বলাই দিলে ইমৰান আলীৰ বাসগৃহ। ইমৰান আলীয়ে নিজৰ পত্নীক হত্যাৰ সন্দেহত পত্নীৰ মাতৃগৃহৰ লোকে সংঘটিত কৰিলে এই কাণ্ড।


আজি পুৱাৰ ভাগত বিহ পান কৰি ইমৰান আলীৰ পত্নী আনোৱাৰা বেগমে কৰিছিল আত্মহত্যা। এই আত্মহত্যাক হত্যাৰ সন্দেহ কৰি আনোৱাৰাৰ পৰিয়ালে জোঁৱায়েকৰ ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে বাসগৃহ।


ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰিছে জুই।


উপস্থিত হয় হাজো আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল। এতিয়া হাজো আৰক্ষীৰ তদন্ততহে ওলাব আচল ৰহস্য কি কাৰণত বিহ পান কৰিলে তিনি সন্তানৰ মাতৃ আনোৱাৰা বেগমে? এই বিহ পান কাৰ্যত আছে নেকি স্বামী ইমৰাণ আলীৰ প্ৰৰোচনা? ঘৰ জ্বলাই দিয়াৰ অধিকাৰ কোনে দিলে ইমৰানৰ শহুৰৰ পৰিয়ালক এই প্ৰশ্ন স্থানীয় ৰাইজৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ