--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ। ভাৰতীয় দলৰ পৰা বহু দূৰত, আনকি মুম্বাইৰ ছিনিয়ৰ দলতো সুযোগ নাপাইছিল। কিন্তু তেতিয়াৰ পৰাই ৰোহিত শৰ্মাই এখন বিলাসী গাড়ী কিনাৰ সপোন দেখিছিল। ৰাস্তাৰ কাষত জাৰ্মান কোম্পানী এখনৰ গাড়ী দেখি ইমানেই ভাল পাইছিল যে ডাঙৰ হ’লে এখন কিনিবলৈ প্ৰতিজ্ঞা কৰিছিল। শৈশৱৰ প্ৰশিক্ষক দীনেশ লাডে এনে তথ্য প্ৰকাশ কৰে।

ৰোহিতে মাত্ৰ মুম্বাইৰ ১৯ বছৰ অনুৰ্ধ দলত স্থান লাভ কৰিছিল। এদিন অনুশীলন কৰিবলৈ যাওঁতে এখন বিলাসী গাড়ী দেখি ৰৈ গ’ল। তেওঁ কাষৰ কোচজনক ক’লে যে এতিয়া নহ’লে ভৱিষ্যতে এদিন এনে এখন গাড়ী কিনিব। মুম্বাই, আই পি এল আৰু ভাৰতীয় দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলাৰ পিছত ৰোহিত শৰ্মাই নিজৰ সপোন পূৰণ কৰিলে। এতিয়া তেওঁৰ গেৰেজত কেৱল সেই গাড়ীখনেই নহয়, অধিক বিলাসী গাড়ীও আছে।

দীনেশে কয়, “আমি এটা ঠাইত থিয় হৈ আছিলো। তাত এখন মাৰ্চিডিজ গাড়ী ৰখাই থোৱা আছিল। সেই সময়ত ৰোহিতে ১৯ বছৰ অনুৰ্ধ দলত কষ্টেৰে সুযোগ পাইছিল। হঠাতে মোক সুধিলে, ‘ছাৰ, মোৰ বাবে এই গাড়ীখন কিনা সম্ভৱনে?’ মই ক’লোঁ, ‘আপুনি এতিয়াও একো খেলা নাই।’ এতিয়াই মাৰ্চিডিজ এখন কিনিব বিচাৰিছা নেকি?’ ৰোহিতে তেতিয়া আত্মবিশ্বাসেৰে ক’লে, এদিন এনেকৈ গাড়ী কিনিব। আজি তেওঁৰ বহুত গাড়ী আছে। কিন্তু ভাবি চাওক সেই সময়ত কিমান আত্মবিশ্বাসী আছিল। সি ঠিকেই জানিছিল যে আজি সি এনেকুৱা ঠাই পাব পাৰে।"

বৰ্তমান ইংলেণ্ডৰ ছিৰিজ খেলত ব্যস্ত ৰোহিত। তেওঁৰ দলটো আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু