--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ। ভাৰতীয় দলৰ পৰা বহু দূৰত, আনকি মুম্বাইৰ ছিনিয়ৰ দলতো সুযোগ নাপাইছিল। কিন্তু তেতিয়াৰ পৰাই ৰোহিত শৰ্মাই এখন বিলাসী গাড়ী কিনাৰ সপোন দেখিছিল। ৰাস্তাৰ কাষত জাৰ্মান কোম্পানী এখনৰ গাড়ী দেখি ইমানেই ভাল পাইছিল যে ডাঙৰ হ’লে এখন কিনিবলৈ প্ৰতিজ্ঞা কৰিছিল। শৈশৱৰ প্ৰশিক্ষক দীনেশ লাডে এনে তথ্য প্ৰকাশ কৰে।

ৰোহিতে মাত্ৰ মুম্বাইৰ ১৯ বছৰ অনুৰ্ধ দলত স্থান লাভ কৰিছিল। এদিন অনুশীলন কৰিবলৈ যাওঁতে এখন বিলাসী গাড়ী দেখি ৰৈ গ’ল। তেওঁ কাষৰ কোচজনক ক’লে যে এতিয়া নহ’লে ভৱিষ্যতে এদিন এনে এখন গাড়ী কিনিব। মুম্বাই, আই পি এল আৰু ভাৰতীয় দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলাৰ পিছত ৰোহিত শৰ্মাই নিজৰ সপোন পূৰণ কৰিলে। এতিয়া তেওঁৰ গেৰেজত কেৱল সেই গাড়ীখনেই নহয়, অধিক বিলাসী গাড়ীও আছে।

দীনেশে কয়, “আমি এটা ঠাইত থিয় হৈ আছিলো। তাত এখন মাৰ্চিডিজ গাড়ী ৰখাই থোৱা আছিল। সেই সময়ত ৰোহিতে ১৯ বছৰ অনুৰ্ধ দলত কষ্টেৰে সুযোগ পাইছিল। হঠাতে মোক সুধিলে, ‘ছাৰ, মোৰ বাবে এই গাড়ীখন কিনা সম্ভৱনে?’ মই ক’লোঁ, ‘আপুনি এতিয়াও একো খেলা নাই।’ এতিয়াই মাৰ্চিডিজ এখন কিনিব বিচাৰিছা নেকি?’ ৰোহিতে তেতিয়া আত্মবিশ্বাসেৰে ক’লে, এদিন এনেকৈ গাড়ী কিনিব। আজি তেওঁৰ বহুত গাড়ী আছে। কিন্তু ভাবি চাওক সেই সময়ত কিমান আত্মবিশ্বাসী আছিল। সি ঠিকেই জানিছিল যে আজি সি এনেকুৱা ঠাই পাব পাৰে।"

বৰ্তমান ইংলেণ্ডৰ ছিৰিজ খেলত ব্যস্ত ৰোহিত। তেওঁৰ দলটো আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ