--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ  দেশত ১৮ বছৰ বয়সক প্ৰাপ্তবয়স্ক বয়স বুলি গণ্য কৰা হয়। কিন্তু কেৰালাৰ এখন বিশ্ববিদ্যালয়ে দাবী কৰিছে যে এই বয়সত ল’ৰা-ছোৱালীক "সম্পূৰ্ণ স্বাধীনতা" দিয়া উচিত নহয়। কিয়নো ১৮ বছৰ নহয়, ২৫  বছৰৰ আগতে কোনো ল’ৰা-ছোৱাসম্পূৰ্ণৰূপে পৰিপক্ক হৈ নুঠে। বিশ্ববিদ্যালয়খনে উচ্চ ন্যায়ালয়ত এই তথ্য সদৰি কৰে৷  ইপিনে ভাৰতৰ প্ৰচলিত আইনৰ বিৰুদ্ধে বিশ্ববিদ্যালয় খনে কৰা মন্তব্যই বেছ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

নিশা ৯.৩০ বজাৰ পিছত কেৰালাৰ কোজিকোডৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছোৱালীৰ হোষ্টেলৰ পৰা কাকো বাহিৰলৈ যাবলৈ অনুমতি দিয়া ন’হব বুলি অলপতে এটা নিৰ্দেশ দিয়া হৈছিল৷  এজন শিক্ষাৰ্থীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়লৈ গৈছিল। মহাবিদ্যালয়খন কেৰালা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। এই ক্ষেত্ৰত বিশ্ববিদ্যালয় খনে ন্যায়াধীশ দেৱন ৰামচন্দ্ৰনৰ বিচাৰপীঠত  এনে যুক্তি উপস্থাপন কৰে।

বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিয়ে আদালতত কয় , "কোনো কাৰণ নোহোৱাকৈ হোষ্টেলৰ গেট খোলা ৰখাটো সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে নে নোৱাৰে  সেই বিষয়ত সঠিক বৈজ্ঞানিক গৱেষণা অবিহনে মন্তব্য কৰা টান । বহু অধ্যয়নে দেখুৱাইছে যে কৈশোৰত পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যু, ড্ৰাগছৰ ব্যৱহাৰ, আত্মহত্যা আৰু হত্যাৰ প্ৰৱণতা আদি অধিক হয়। সেয়ে ল’ৰা-ছোৱালীক ১৮ বছৰ বয়সতে সম্পূৰ্ণ স্বাধীনতা দিয়াটো অতি বিপজ্জনক।২৫ বছৰতহে পৰিপক্কতা আহে৷" 

আবেদনকাৰীয়ে এইটোও দাবী কৰিছিল যে জৰুৰী প্ৰয়োজন হ'লেও তেওঁলোকক নিশা ৯.৩০ বজাৰ পিছত বাহিৰলৈ  যাবলৈ অনুমতি দিয়া নহয়। এই দাবী নাকচ কৰি বিশ্ববিদ্যালয়খনে কয় যে যদি জৰুৰী প্ৰয়োজন হয় কৰ্তৃপক্ষই বিষয়টো বিবেচনা কৰিব। হোষ্টেল আৰু মহাবিদ্যালয়সমূহত অনুশাসন বজাই ৰখাটোও গুৰুত্বপূৰ্ণ বুলি প্ৰতিনিধিগৰাকীয়ে কয়। তেওঁ  স্পষ্ট কৰি দিয়ে  যে হোষ্টেলখন কোনো  হোটেল নহয় যে তাত হোটেলৰ দৰে সেৱা পোৱাৰ আশা কৰিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু