--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ  দেশত ১৮ বছৰ বয়সক প্ৰাপ্তবয়স্ক বয়স বুলি গণ্য কৰা হয়। কিন্তু কেৰালাৰ এখন বিশ্ববিদ্যালয়ে দাবী কৰিছে যে এই বয়সত ল’ৰা-ছোৱালীক "সম্পূৰ্ণ স্বাধীনতা" দিয়া উচিত নহয়। কিয়নো ১৮ বছৰ নহয়, ২৫  বছৰৰ আগতে কোনো ল’ৰা-ছোৱাসম্পূৰ্ণৰূপে পৰিপক্ক হৈ নুঠে। বিশ্ববিদ্যালয়খনে উচ্চ ন্যায়ালয়ত এই তথ্য সদৰি কৰে৷  ইপিনে ভাৰতৰ প্ৰচলিত আইনৰ বিৰুদ্ধে বিশ্ববিদ্যালয় খনে কৰা মন্তব্যই বেছ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

নিশা ৯.৩০ বজাৰ পিছত কেৰালাৰ কোজিকোডৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছোৱালীৰ হোষ্টেলৰ পৰা কাকো বাহিৰলৈ যাবলৈ অনুমতি দিয়া ন’হব বুলি অলপতে এটা নিৰ্দেশ দিয়া হৈছিল৷  এজন শিক্ষাৰ্থীয়ে আদেশটোক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়লৈ গৈছিল। মহাবিদ্যালয়খন কেৰালা স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। এই ক্ষেত্ৰত বিশ্ববিদ্যালয় খনে ন্যায়াধীশ দেৱন ৰামচন্দ্ৰনৰ বিচাৰপীঠত  এনে যুক্তি উপস্থাপন কৰে।

বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধিয়ে আদালতত কয় , "কোনো কাৰণ নোহোৱাকৈ হোষ্টেলৰ গেট খোলা ৰখাটো সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে নে নোৱাৰে  সেই বিষয়ত সঠিক বৈজ্ঞানিক গৱেষণা অবিহনে মন্তব্য কৰা টান । বহু অধ্যয়নে দেখুৱাইছে যে কৈশোৰত পথ দুৰ্ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যু, ড্ৰাগছৰ ব্যৱহাৰ, আত্মহত্যা আৰু হত্যাৰ প্ৰৱণতা আদি অধিক হয়। সেয়ে ল’ৰা-ছোৱালীক ১৮ বছৰ বয়সতে সম্পূৰ্ণ স্বাধীনতা দিয়াটো অতি বিপজ্জনক।২৫ বছৰতহে পৰিপক্কতা আহে৷" 

আবেদনকাৰীয়ে এইটোও দাবী কৰিছিল যে জৰুৰী প্ৰয়োজন হ'লেও তেওঁলোকক নিশা ৯.৩০ বজাৰ পিছত বাহিৰলৈ  যাবলৈ অনুমতি দিয়া নহয়। এই দাবী নাকচ কৰি বিশ্ববিদ্যালয়খনে কয় যে যদি জৰুৰী প্ৰয়োজন হয় কৰ্তৃপক্ষই বিষয়টো বিবেচনা কৰিব। হোষ্টেল আৰু মহাবিদ্যালয়সমূহত অনুশাসন বজাই ৰখাটোও গুৰুত্বপূৰ্ণ বুলি প্ৰতিনিধিগৰাকীয়ে কয়। তেওঁ  স্পষ্ট কৰি দিয়ে  যে হোষ্টেলখন কোনো  হোটেল নহয় যে তাত হোটেলৰ দৰে সেৱা পোৱাৰ আশা কৰিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক