--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত আজি সংঘটিত হয়  এক ভয়ংকৰ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থী কঢ়িয়াই নিয়া দুখনকৈ স্কুল বাছে নিয়ন্ত্ৰণ হেৰুৱাই  দ’  খাৱৈত বাগৰি পৰাৰ ফলত  কমেও ২০ গৰাকী ছাত্ৰী-ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে৷ নিহৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ । দুৰ্ঘটনাটোত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷ । আহতসকলক  সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

বুধবাৰে  মণিপুৰৰ নুন জিলাত সংঘটিত হয়  এই  শোকাৱহ দুৰ্ঘটনাটো । জানিব পৰা মতে  বাছ দুখনে  থুম্বলনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবে  লৈ গৈছিল। বাছ দুখন য়াৰিপোকৰ পৰা খাউপাম জিলালৈ গৈ আছিল। বিষ্ণুপুৰ-খুপম পথত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ  বাছ দুখনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। বাছ দুখন লংচাই টুবং গাঁৱৰ ওচৰৰ এটা খাৱৈত বাগৰি পৰা বুলি খবৰ আহিছে৷ 


ঘটনাস্থলীতে কমেও ২০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ  মৃত্যু হয়। বহু কেইগৰাকী শিক্ষাৰ্থীক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷  দুৰ্ঘটনাটোৰ  তদন্ত আৰম্ভ কৰা হৈছে।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক