--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰ টি-২০ বিশ্বকাপৰ পূৰ্বে আন এক বিশ্বকাপ অনুষ্ঠিত হ’ব। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিলে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ সূচী। ভাৰতে তাৰ ২৪ ঘণ্টাৰ ভিতৰতে দলটো ঘোষণা কৰে। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিব উদয় চাহাৰানে।

১৯ জানুৱাৰী, ২০২৪ৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। ইয়াৰ পূৰ্বে ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলটোৱে ২৯ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় শৃংখলাত অংশগ্ৰহণ কৰিব। এই ৱাৰ্ম আপ প্ৰতিযোগিতাৰ বাবে ইংলেণ্ড তৃতীয় দল।

ভাৰতৰ ৰাষ্ট্ৰীয় জুনিয়ৰ বাছনি সমিতিয়ে মঙলবাৰে এই প্ৰতিযোগিতা দুখনৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত এই প্ৰতিযোগিতাতো খিতাপ জয়ৰ অন্যতম প্ৰতিদ্বন্দ্বী। 'ক' গ্ৰুপত ভাৰতৰ লগতে বাংলাদেশ, আয়াৰলেণ্ড আৰু আমেৰিকা আছে।

ছাহাৰান নেতৃত্বাধীন ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে সৌমী কুমাৰ পাণ্ডেক। চাৰিজন ক্ৰিকেটাৰক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে। ২০ জানুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল।

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দল : অৰ্শিন কুলকাৰ্ণী, আদৰ্শ সিং, ৰুদ্ৰ ময়ুৰ পেটেল, শচীন ধাস, প্ৰিয়ংশু মলিয়া, মুছিৰ খান, উদয় চাহাৰন (অধিনায়ক), আৰাভেলী অবনিশ ৰাও (উইকেটকীপাৰ), সৌমি কুমাৰ পাণ্ডে (উপ অধিনায়ক), মুৰুগান অভিষেক, ইনেশ মহাজন (উইকেটকীপাৰ), ধনুশ গৌড়া, আৰাধ্যা শুক্লা, ৰাজ লিম্বানী আৰু নমন তিৱাৰী।

ষ্টেণ্ড বাই: দ্বীগবিজয় পেটেল, জয়ন্ত গোৱাত, পি ভিগনেশ আৰু কিৰণ চোৰমালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু