--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা বছৰ টি-২০ বিশ্বকাপৰ পূৰ্বে আন এক বিশ্বকাপ অনুষ্ঠিত হ’ব। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিলে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ সূচী। ভাৰতে তাৰ ২৪ ঘণ্টাৰ ভিতৰতে দলটো ঘোষণা কৰে। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিব উদয় চাহাৰানে।

১৯ জানুৱাৰী, ২০২৪ৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ। ইয়াৰ পূৰ্বে ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলটোৱে ২৯ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় শৃংখলাত অংশগ্ৰহণ কৰিব। এই ৱাৰ্ম আপ প্ৰতিযোগিতাৰ বাবে ইংলেণ্ড তৃতীয় দল।

ভাৰতৰ ৰাষ্ট্ৰীয় জুনিয়ৰ বাছনি সমিতিয়ে মঙলবাৰে এই প্ৰতিযোগিতা দুখনৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত এই প্ৰতিযোগিতাতো খিতাপ জয়ৰ অন্যতম প্ৰতিদ্বন্দ্বী। 'ক' গ্ৰুপত ভাৰতৰ লগতে বাংলাদেশ, আয়াৰলেণ্ড আৰু আমেৰিকা আছে।

ছাহাৰান নেতৃত্বাধীন ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলৰ উপ-অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে সৌমী কুমাৰ পাণ্ডেক। চাৰিজন ক্ৰিকেটাৰক ষ্টেণ্ডবাই হিচাপে ৰখা হৈছে। ২০ জানুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল।

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দল : অৰ্শিন কুলকাৰ্ণী, আদৰ্শ সিং, ৰুদ্ৰ ময়ুৰ পেটেল, শচীন ধাস, প্ৰিয়ংশু মলিয়া, মুছিৰ খান, উদয় চাহাৰন (অধিনায়ক), আৰাভেলী অবনিশ ৰাও (উইকেটকীপাৰ), সৌমি কুমাৰ পাণ্ডে (উপ অধিনায়ক), মুৰুগান অভিষেক, ইনেশ মহাজন (উইকেটকীপাৰ), ধনুশ গৌড়া, আৰাধ্যা শুক্লা, ৰাজ লিম্বানী আৰু নমন তিৱাৰী।

ষ্টেণ্ড বাই: দ্বীগবিজয় পেটেল, জয়ন্ত গোৱাত, পি ভিগনেশ আৰু কিৰণ চোৰমালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক