--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান দিনে আপুনিও নিশ্চয় এইকথাই জানি আহিছে যে, ভাৰতে স্বাধীনতা লাভ কৰিছে ১৯৪৭চনৰ ১৫ আগষ্টত। সৰুৰে পৰা স্কুলৰ পাঠ্যক্ৰমত সেই কথা পঢ়িও আহিছে। পিছে যদি সেয়াই যদি আপুনি শিকি বা শিকাই আহিছে তেন্তে এতিয়াৰপৰা অভ্যাস সলনি কৰিবৰ হ’ল। কিয়নো ভাৰতে ১৯৪৭চনত স্বাধীনতা পোৱা কথাটো হেনো মিছা। ভাৰতে স্বাধীনতা পাইছিল ২০১৪চনতহে। এইকথা পিছে আমি কোৱা নাই। কোনো আধুনিক ইতিহাসবিদেও কোৱা নাই। কৈছে ‘কণ্ট্ৰ’ভাৰচী কুইন’ কংগনা ৰাণাৱতে।

আজিকালি নিজৰ ছবিৰ সাফল্যৰ বাবে কমেই চৰ্চাত থকা কংগনা কিন্তু তুমুল চৰ্চাত থাকে নানা বিতৰ্কিত মন্তব্য, শাসকীয় দলৰ প্ৰতি অন্ধ আনুগত্য প্ৰকাশ কৰি কৰা অপ্ৰীতিকৰ মন্তব্য, বিদ্ৰোহী কৃষকক সন্ত্ৰাসবাদী আখ্যা দিয়া আৰু বলীউডৰ সহকৰ্মীসকলক নানা ধৰণে আক্ৰমণ কৰাৰ জৰিয়তে। এইবাৰ দেশৰ স্বাধীনতা সম্পৰ্কত মন্তব্য কৰি নতুন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে কংগনাই। তেওঁৰ মতে দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল ২০১৪চনতহে। ‘টাইমছ’ৰ এখন সন্মিলনত শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰা কংগনাই কৰা মন্তব্যই এতিয়া তুমুল আলোড়ন সৃষ্টি কৰিছে।


‘টাইমছ’ৰ সন্মিলনখনত অংশগ্ৰহণ কৰি কংগনাই কয়, ‘১৯৪৭চনত দেশে প্ৰকৃততে স্বাধীনতা পোৱা নাছিল। পাইছিল ভিক্ষা। দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ২০১৪চনত।’ অনুষ্ঠানটোত তেওঁ কৰা মন্তব্যই তাৎক্ষণিকভাৱে দৰ্শকৰ সঁহাৰি লাভ কৰে যদিও ইয়াক লৈ সূত্ৰপাত হয় তুমুল বিতৰ্কৰ। শাসকীয় দলক সন্তুষ্ট কৰিবলৈ সততে চেষ্টা চলাই অহা কংগনাই এইবাৰ সকলো সীমা পাৰ হৈ দেশৰ মুক্তিযুঁজাৰুসকলকে অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰা কথাটোৱে এতিয়া সকলোকে ক্ষুব্ধ কৰি তুলিছে। ২০১৪চনত প্ৰধানমন্ত্ৰী মোদী প্ৰথম দেশ শাসনলৈ আহিছিল। তাকে ইংগিত কৰি এই বিতৰ্কিত মন্তব্য কৰিছে কংগনাই। কংগনাক বহুতেই চাতুকাৰ বুলি অভিহিত কৰি তুলাধুনা দিছে ছ’চিয়েল মিডিয়াত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক