--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইমান দিনে আপুনিও নিশ্চয় এইকথাই জানি আহিছে যে, ভাৰতে স্বাধীনতা লাভ কৰিছে ১৯৪৭চনৰ ১৫ আগষ্টত। সৰুৰে পৰা স্কুলৰ পাঠ্যক্ৰমত সেই কথা পঢ়িও আহিছে। পিছে যদি সেয়াই যদি আপুনি শিকি বা শিকাই আহিছে তেন্তে এতিয়াৰপৰা অভ্যাস সলনি কৰিবৰ হ’ল। কিয়নো ভাৰতে ১৯৪৭চনত স্বাধীনতা পোৱা কথাটো হেনো মিছা। ভাৰতে স্বাধীনতা পাইছিল ২০১৪চনতহে। এইকথা পিছে আমি কোৱা নাই। কোনো আধুনিক ইতিহাসবিদেও কোৱা নাই। কৈছে ‘কণ্ট্ৰ’ভাৰচী কুইন’ কংগনা ৰাণাৱতে।

আজিকালি নিজৰ ছবিৰ সাফল্যৰ বাবে কমেই চৰ্চাত থকা কংগনা কিন্তু তুমুল চৰ্চাত থাকে নানা বিতৰ্কিত মন্তব্য, শাসকীয় দলৰ প্ৰতি অন্ধ আনুগত্য প্ৰকাশ কৰি কৰা অপ্ৰীতিকৰ মন্তব্য, বিদ্ৰোহী কৃষকক সন্ত্ৰাসবাদী আখ্যা দিয়া আৰু বলীউডৰ সহকৰ্মীসকলক নানা ধৰণে আক্ৰমণ কৰাৰ জৰিয়তে। এইবাৰ দেশৰ স্বাধীনতা সম্পৰ্কত মন্তব্য কৰি নতুন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে কংগনাই। তেওঁৰ মতে দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল ২০১৪চনতহে। ‘টাইমছ’ৰ এখন সন্মিলনত শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰা কংগনাই কৰা মন্তব্যই এতিয়া তুমুল আলোড়ন সৃষ্টি কৰিছে।


‘টাইমছ’ৰ সন্মিলনখনত অংশগ্ৰহণ কৰি কংগনাই কয়, ‘১৯৪৭চনত দেশে প্ৰকৃততে স্বাধীনতা পোৱা নাছিল। পাইছিল ভিক্ষা। দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ২০১৪চনত।’ অনুষ্ঠানটোত তেওঁ কৰা মন্তব্যই তাৎক্ষণিকভাৱে দৰ্শকৰ সঁহাৰি লাভ কৰে যদিও ইয়াক লৈ সূত্ৰপাত হয় তুমুল বিতৰ্কৰ। শাসকীয় দলক সন্তুষ্ট কৰিবলৈ সততে চেষ্টা চলাই অহা কংগনাই এইবাৰ সকলো সীমা পাৰ হৈ দেশৰ মুক্তিযুঁজাৰুসকলকে অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰা কথাটোৱে এতিয়া সকলোকে ক্ষুব্ধ কৰি তুলিছে। ২০১৪চনত প্ৰধানমন্ত্ৰী মোদী প্ৰথম দেশ শাসনলৈ আহিছিল। তাকে ইংগিত কৰি এই বিতৰ্কিত মন্তব্য কৰিছে কংগনাই। কংগনাক বহুতেই চাতুকাৰ বুলি অভিহিত কৰি তুলাধুনা দিছে ছ’চিয়েল মিডিয়াত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক