--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীয়ে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে আজিও যুঁজি আছে৷ অৱশ্যে পূৰ্বৰ তুলনাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ক’ভিডৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই৷ ভেকচিনৰ উদ্ভাৱনৰ পাছত বিশ্ববাসীয়েও এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অধিক শক্তি পালে৷ ইতিমধ্যে ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালি ল’বলৈ সক্ষম হৈছে৷

দেশৰ চিকিৎসক বিশেষজ্ঞসকলেও সদায়েই ক’ৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে৷ শেহতীয়াকৈ ভাৰতৰ চিকিৎসা শাস্ত্ৰই দেশবসীলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে৷ ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ.) ক’ভিড ১৯ চিকিৎসাৰ বাবে ‘ম’লনুপিৰাভিৰ’ নামৰ এবিধ বিশেষ ঔষধ প্ৰস্তুত কৰি উলিয়াইছে৷এই ঔষধবিধ বিশেষকৈ প্ৰাপ্তবয়স্কসকলৰ মাজৰ যিসকল লোকে ক’ভিড ১৯ ৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত হৈ স্বাস্থ্যজনিত সমস্যাত ভুগে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব৷

এই বিশেষ ঔষধবিধ ব্যৱহাৰে মানুহক নিশ্চিত মৃত্যুমুখৰ পৰা ৮৯% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে৷ চি.এছ.আই.আৰ. মুৰব্বী ড০ ৰাম বিশ্বকৰ্মাই দেশৰ সংবাদ মাধ্যমৰ আগত জনাই যে, ‘ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ এই ঔষধবিধ যথেষ্ট ফলদায়ক হ’ব আৰু এই ঔষধক লৈ আমি যথেষ্ট আশাবাদী৷ অতি শীঘ্ৰে এই ঔষধবিধে আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ পাছতে দেশৰ সাধাৰণ নাগৰিকৰ বাবে ঔষধবিধ উপলদ্ধ হ’ব৷

ঔষধবিধক লৈ এতিয়াও পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু আগন্তুক এমাহৰ ভিতৰত ঔষধবিধে স্বীকৃতি পাব৷ সংস্থাটোৱে ইতিমধ্যে ঔষধবিধ প্ৰস্তুত কৰিবলৈ ৫ টা ঔষধ কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে৷ তদুপৰি ঔষধবিধ প্ৰস্তুতকাৰী আন কেইবাটাও কোম্পানীক সংস্থাটোৱে ভৱিষ্যতে অনুজ্ঞাপত্ৰ দিয়াৰ সম্ভাৱনা আছে৷ ঔষধবিধ ভাৰতীয় বজাৰতো কম মূল্যতে উপলদ্ধ হ’ব বুলি সংস্থাটোৱে জানিবলৈ দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক