--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীয়ে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে আজিও যুঁজি আছে৷ অৱশ্যে পূৰ্বৰ তুলনাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ক’ভিডৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই৷ ভেকচিনৰ উদ্ভাৱনৰ পাছত বিশ্ববাসীয়েও এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অধিক শক্তি পালে৷ ইতিমধ্যে ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালি ল’বলৈ সক্ষম হৈছে৷

দেশৰ চিকিৎসক বিশেষজ্ঞসকলেও সদায়েই ক’ৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে৷ শেহতীয়াকৈ ভাৰতৰ চিকিৎসা শাস্ত্ৰই দেশবসীলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে৷ ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ.) ক’ভিড ১৯ চিকিৎসাৰ বাবে ‘ম’লনুপিৰাভিৰ’ নামৰ এবিধ বিশেষ ঔষধ প্ৰস্তুত কৰি উলিয়াইছে৷এই ঔষধবিধ বিশেষকৈ প্ৰাপ্তবয়স্কসকলৰ মাজৰ যিসকল লোকে ক’ভিড ১৯ ৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত হৈ স্বাস্থ্যজনিত সমস্যাত ভুগে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব৷

এই বিশেষ ঔষধবিধ ব্যৱহাৰে মানুহক নিশ্চিত মৃত্যুমুখৰ পৰা ৮৯% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে৷ চি.এছ.আই.আৰ. মুৰব্বী ড০ ৰাম বিশ্বকৰ্মাই দেশৰ সংবাদ মাধ্যমৰ আগত জনাই যে, ‘ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ এই ঔষধবিধ যথেষ্ট ফলদায়ক হ’ব আৰু এই ঔষধক লৈ আমি যথেষ্ট আশাবাদী৷ অতি শীঘ্ৰে এই ঔষধবিধে আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ পাছতে দেশৰ সাধাৰণ নাগৰিকৰ বাবে ঔষধবিধ উপলদ্ধ হ’ব৷

ঔষধবিধক লৈ এতিয়াও পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে আৰু আগন্তুক এমাহৰ ভিতৰত ঔষধবিধে স্বীকৃতি পাব৷ সংস্থাটোৱে ইতিমধ্যে ঔষধবিধ প্ৰস্তুত কৰিবলৈ ৫ টা ঔষধ কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে৷ তদুপৰি ঔষধবিধ প্ৰস্তুতকাৰী আন কেইবাটাও কোম্পানীক সংস্থাটোৱে ভৱিষ্যতে অনুজ্ঞাপত্ৰ দিয়াৰ সম্ভাৱনা আছে৷ ঔষধবিধ ভাৰতীয় বজাৰতো কম মূল্যতে উপলদ্ধ হ’ব বুলি সংস্থাটোৱে জানিবলৈ দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক