--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতক চৌপাশৰ পৰা আগুৰি ধৰি ব্যাপক ৰণচালি ৰঙা চীনৰ। লাডাখ আৰু অৰুণাচল সীমান্তত নিজ সেনাক অত্যাধুনিকভাৱে সুসষ্টম কৰি তোলা চীনৰ লক্ষ্য এতিয়া সাগৰীয় এলেকাদি ভাৰতক আগুৰি ধৰাৰ। এই পৰিকল্পনাৰে ৰঙা চীনে এতিয়া ব্যৱহাৰ কৰিছে ভাৰতৰ বৈৰীৰাষ্ট্র পাকিস্তানক। পাকিস্তানৰ নৌ সেনাক অত্যাধুনিক কৰি ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্য চীনৰ। চীনৰ ঋণৰ বোজাত কোঙা হৈ পৰা পাকিস্তানেও আখৰে আখৰে পালন কৰি গৈছে ৰঙা চীনৰ ভাৰত বিৰোধী সকলো নিৰ্দেশনা।

ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰত ভাৰতৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈকে চীনে শেহতীয়াকৈ পাকিস্তানক অৰ্পণ কৰিলে এখন অত্যাধুনিক যুদ্ধ জাহাজ পি এন এছ টাঘ্ৰিল। এই যুদ্ধ জাহাজখনৰ জৰিয়তে আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰত তহল দিব পাকিস্তানী নৌ সেনাই। ভাৰতৰ অত্যাধুনিক যুদ্ধ জাহাজসমূহৰ সন্মুখত অৱস্থান ল’ব পি এন এছ টাঘ্ৰিলে। এনেদৰে পাকিস্তানী নৌ সেনাৰ ৰূপত আৰৱ সাগৰত ভাৰতৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব দৰাচলতে চীনৰ নৌ সেনাই। গুৰুত্বপূৰ্ণ যে পি এন এছ টাঘ্ৰিল সকলো দিশৰে পৰা সুসজ্জিত। যুদ্ধ জাহাজখনৰ পৰা দীৰ্ঘ দূৰত্বৰ মিছাইল নিক্ষেপ কৰাৰ ব্যৱস্থা আছে। তদুপৰি জলগৰ্ভৰেও অস্ত্ৰ নিক্ষেপৰ সুবিধা আছে। আছে অত্যাধুনিক ৰাডাৰ ব্যৱস্থাও। চীনে ৰপ্তানি কৰা সৰ্ববৃহৎ যুদ্ধ জাহাজখনেই হৈছে পি এন এছ টাঘ্ৰিল।


ইফালে, যুদ্ধ জাহাজখন পাই উৎফুল্লিত পাকিস্তান চৰকাৰ। ভাৰতীয় নৌ সেনাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশাবাদী পাক চৰকাৰ তথা নৌ সেনা। এই যুদ্ধ জাহাজখন পাকিস্তানক অৰ্পণ কৰাৰ সময়তে পাকিস্তানৰ সৈতে অত্যাধুনিক JF-71 যুজাৰু বিমানো নিৰ্মাণ কৰি আছে চীনে। মুঠতে, পাকিস্তানক লগত লৈ ভাৰতৰ বিৰুদ্ধে সম্পূৰ্ণ ৰণচালি এতিয়া ৰঙা চীনৰ। অৱশ্যে চীন ইয়াতেই ক্ষান্ত থকা নাই।

ভাৰতক সাগৰেদি আগুৰি ধৰাৰ পৰিকল্পনাৰে শ্ৰীলংকাতো এতিয়া এটা জাহাজ বন্দৰ নিৰ্মাণ কৰি আছে ৰঙা চীনে। ভাৰতৰ আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ কাষেদিও মাজে সময়ে তহল দিছে চীনৰ যুদ্ধ জাহাজে। এনেদৰেই চীন আৰু পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে যৌথ প্ৰত্যাহ্বান ভাৰতৰ সেনাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। অৱশ্যে, ইয়াৰ মোকাবিলা কৰিবলৈও সম্পূৰ্ণ প্ৰস্তুত হৈ আছে বুলি ঘোষণা কৰিছে ভাৰতীয় সেনাই। চীনৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতিত সৰ্বতোপ্ৰকাৰেৰে সহযোগিতা আগবঢ়াইছে আমেৰিকা, জাপান, অষ্ট্রেলিয়াই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক