--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতক চৌপাশৰ পৰা আগুৰি ধৰি ব্যাপক ৰণচালি ৰঙা চীনৰ। লাডাখ আৰু অৰুণাচল সীমান্তত নিজ সেনাক অত্যাধুনিকভাৱে সুসষ্টম কৰি তোলা চীনৰ লক্ষ্য এতিয়া সাগৰীয় এলেকাদি ভাৰতক আগুৰি ধৰাৰ। এই পৰিকল্পনাৰে ৰঙা চীনে এতিয়া ব্যৱহাৰ কৰিছে ভাৰতৰ বৈৰীৰাষ্ট্র পাকিস্তানক। পাকিস্তানৰ নৌ সেনাক অত্যাধুনিক কৰি ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্য চীনৰ। চীনৰ ঋণৰ বোজাত কোঙা হৈ পৰা পাকিস্তানেও আখৰে আখৰে পালন কৰি গৈছে ৰঙা চীনৰ ভাৰত বিৰোধী সকলো নিৰ্দেশনা।

ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰত ভাৰতৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈকে চীনে শেহতীয়াকৈ পাকিস্তানক অৰ্পণ কৰিলে এখন অত্যাধুনিক যুদ্ধ জাহাজ পি এন এছ টাঘ্ৰিল। এই যুদ্ধ জাহাজখনৰ জৰিয়তে আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰত তহল দিব পাকিস্তানী নৌ সেনাই। ভাৰতৰ অত্যাধুনিক যুদ্ধ জাহাজসমূহৰ সন্মুখত অৱস্থান ল’ব পি এন এছ টাঘ্ৰিলে। এনেদৰে পাকিস্তানী নৌ সেনাৰ ৰূপত আৰৱ সাগৰত ভাৰতৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব দৰাচলতে চীনৰ নৌ সেনাই। গুৰুত্বপূৰ্ণ যে পি এন এছ টাঘ্ৰিল সকলো দিশৰে পৰা সুসজ্জিত। যুদ্ধ জাহাজখনৰ পৰা দীৰ্ঘ দূৰত্বৰ মিছাইল নিক্ষেপ কৰাৰ ব্যৱস্থা আছে। তদুপৰি জলগৰ্ভৰেও অস্ত্ৰ নিক্ষেপৰ সুবিধা আছে। আছে অত্যাধুনিক ৰাডাৰ ব্যৱস্থাও। চীনে ৰপ্তানি কৰা সৰ্ববৃহৎ যুদ্ধ জাহাজখনেই হৈছে পি এন এছ টাঘ্ৰিল।


ইফালে, যুদ্ধ জাহাজখন পাই উৎফুল্লিত পাকিস্তান চৰকাৰ। ভাৰতীয় নৌ সেনাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি আশাবাদী পাক চৰকাৰ তথা নৌ সেনা। এই যুদ্ধ জাহাজখন পাকিস্তানক অৰ্পণ কৰাৰ সময়তে পাকিস্তানৰ সৈতে অত্যাধুনিক JF-71 যুজাৰু বিমানো নিৰ্মাণ কৰি আছে চীনে। মুঠতে, পাকিস্তানক লগত লৈ ভাৰতৰ বিৰুদ্ধে সম্পূৰ্ণ ৰণচালি এতিয়া ৰঙা চীনৰ। অৱশ্যে চীন ইয়াতেই ক্ষান্ত থকা নাই।

ভাৰতক সাগৰেদি আগুৰি ধৰাৰ পৰিকল্পনাৰে শ্ৰীলংকাতো এতিয়া এটা জাহাজ বন্দৰ নিৰ্মাণ কৰি আছে ৰঙা চীনে। ভাৰতৰ আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ কাষেদিও মাজে সময়ে তহল দিছে চীনৰ যুদ্ধ জাহাজে। এনেদৰেই চীন আৰু পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে যৌথ প্ৰত্যাহ্বান ভাৰতৰ সেনাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। অৱশ্যে, ইয়াৰ মোকাবিলা কৰিবলৈও সম্পূৰ্ণ প্ৰস্তুত হৈ আছে বুলি ঘোষণা কৰিছে ভাৰতীয় সেনাই। চীনৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতিত সৰ্বতোপ্ৰকাৰেৰে সহযোগিতা আগবঢ়াইছে আমেৰিকা, জাপান, অষ্ট্রেলিয়াই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক