ডিজিটেল ডেস্ক : ২ কিশোৰীৰ ঘটিল সলিল সমাধি। গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু।
সোনাপুৰৰ ছামিনা খাতুন (১২) আৰু বঙাইগাঁৱৰ আকতাৰা খাতুন (১৩) ৰ মৃত্যু হয় ।
আকতাৰা খাতুন ছামিনা খাতুনৰ গৃহত আলহী খাবলৈ আহিছিল।
পুৱা প্ৰায় ১১ বজাত দুয়ো গা ধুৱলৈ গৈছিল।
সোনাপুৰৰ জিনাৰী নৈত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি লয় ২ কিশোৰীয়ে।
স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়ো কিশোৰীৰ মৃতদেহ।
ইতিমধ্যেই মৰনৈ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।