--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নন্দিনী কাশ্যপৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সকলোৱে উজাৰিলে ক্ষোভ কাৰণ দুৰ্ঘটনাত পতিত হোৱা ছামিউলৰ প্ৰতি সামান্যতমো মানৱীয়তা দেখুওৱা নাছিল নন্দিনীয়ে।

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ গাড়ীৰ তীব্ৰ গতিত চিৰদিনলৈ প্ৰাণ হেৰুৱালে চফল ডেকা ছামিউল হকে। জীৱনৰ মাত্ৰ ২১টা বসন্ত গৰকিছিলেহে ছামিউলে। ইঞ্জিনীয়াৰ হোৱাৰ প্ৰবল হেঁপাহ আছিল যুৱকজনৰ। ঘৰখনেও ছামিউলক লৈ দেখিছিল অলেখ সপোন। কিন্তু সকলোবোৰ থানবান কৰি দিলে নন্দিনীয়ে। তীব্ৰ গতিৰে গাড়ী চলাই আহি অভিনেত্ৰীগৰাকীয়ে প্ৰাণ ললে ছামিউলৰ। 


নন্দিনী কাশ্যপৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সকলোৱে উজাৰিলে ক্ষোভ কাৰণ দুৰ্ঘটনাত পতিত হোৱা ছামিউলৰ প্ৰতি সামান্যতমো মানৱীয়তা দেখুওৱা নাছিল নন্দিনীয়ে। 


ছামিউলে মৃত্যুক সাবটি লোৱাৰ পাছতে যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক।


কালি নিশা হোৱাৰ বাবে আটক কৰি পানবজাৰ মহিলা থানাত ৰখা হৈছিল নন্দিনীক। বুধবাৰে ৰাতিপুৱাৰ ভাগতে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক, যিহেতু সূৰ্য অস্ত যোৱাৰ পিছত মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সেই থানাৰ অন্তৰ্গত judicial magistrateৰ অনুমতি লাগে।


পাণবজাৰ মহিলা থানাতে জেৰা কৰা হ'ব অভিনেত্ৰী গৰাকীক। অৱশ্যে বৰ্তমানো গোচৰটোত সংযোজিত ধাৰাৰ কথা অৱগত কৰা নাই আৰক্ষীয়ে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ