--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসম চৰকাৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য বিজড়িত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক সামৰি এক স্মৃতি উদ্যান হিচাপে গঢ়ি তোলাৰ প্ৰকল্প গ্রহণ কৰিছে। এই বৃহৎ প্ৰকল্পৰ অংশস্বৰূপে হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহটোও সামৰি লোৱা হৈছে।

ডিজিটেল ডেস্ক : আধুনিক অসমীয়া কবিতাক জনমুখী কৰি সৰ্বস্তৰৰ গ্ৰহণযোগ্য হোৱাকৈ কোনো আঁৰ-বেৰ নৰখাকৈ উপযোগী কৰি তোলা সাধকসকলৰ মাজৰে অন্যতম এজন 'সুগন্ধি পখিলা'ৰ কবি হীৰেন ভট্টাচার্য।


যিগৰাকী কবি আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ এটা দশকৰ পাছতো আজিও আপোনভোলা 'হীৰুদা'ৰূপেই গুণমুগ্ধৰ মাজত সেউজীয়া সপোন এটাৰ দৰেই সজীৱ হৈ আছে। এনে এগৰাকী সৰ্বস্তৰৰ গ্ৰহণযোগ্য কবিৰ জীৱনচৰ্যা জীয়াই ৰখাৰ ক্ষেত্ৰত অসম চৰকাৰেও সম্প্রতি ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে।


কবিগৰাকীৰ জন্মদিনটোতে কবিগৰাকীৰ স্মৃতি সংৰক্ষণ কৰি কবিগৰাকীৰ স্মৃতি সংৰক্ষণ কৰি ৰখাৰ বাবে চৰকাৰী প্ৰচেষ্টাৰ প্ৰতি নিষ্ঠা সহকাৰে অগ্রণী ভূমিকা গ্রহণ কৰি অহা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে সোমবাৰে সামাজিক মাধ্যমৰ জৰিয়তে অনুভৱ ব্যক্ত কৰি কয় যে অসমীয়া সাহিত্যক নিজস্ব কাব্য সুষমাৰে চহকী কৰি থৈ যোৱা মহীৰূহ কবিজনে ১৯৩২চনত আজিৰ দিনটোতে যোৰহাটৰ বৰভেটা অঞ্চলত জন্মগ্রহণ কৰিছিল। এফালে অতি সহজ প্রকাশ অথচ আনফালে সূক্ষ্ম ব্যঞ্জনাৰে ভৰপূৰ তেওঁৰ কাব্য সৃষ্টিসমূহ আছিল গভীৰ জীৱনবোধৰ বহিঃপ্রকাশ।


এটা খেয়ালি মন আৰু বিৰল প্ৰতিভাৰ সংযোগত হীৰুদাৰ ব্যক্তিত্ব হৈ পৰিছিল আকর্ষণীয়। সেই আকর্ষণীয় ব্যক্তিত্ব আৰু অতুলনীয় কাব্য সুষমাৰে হীৰেন ভট্টাচাৰ্যই আজিও আমাৰ হৃদয় আন্দোলিত কৰি ৰাখিছে। এনে সময়তে আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ সুদক্ষ নেতৃত্বত অসম চৰকাৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য বিজড়িত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক সামৰি এক স্মৃতি উদ্যান হিচাপে গঢ়ি তোলাৰ প্ৰকল্প গ্রহণ কৰিছে। এই বৃহৎ প্ৰকল্পৰ অংশস্বৰূপে হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহটোও সামৰি লোৱা হৈছে।


নিশ্চিতভাৱে বৰেণ্য কবিগৰাকীৰ জন্মক্ষেত্ৰই কেন্দ্ৰীয় কাৰাগৰৰ প্ৰকল্পটোক অনন্য মাত্ৰা প্ৰদান কৰিব। যোৰহটীয়া হিচাপে আমি গৌৰৱান্বিত যে হীৰুদাৰ জন্ম আৰু শৈশৱ অতিবাহিত হৈছিল যোৰহাটত। সেয়ে আশা ৰাখিছোঁ, যোৰহাটবাসীৰ সহযোগত আৰু অসম চৰকাৰৰ উদ্যোগত হীৰেন ভট্টাচাৰ্যৰ এটা সুন্দৰ স্মৃতিক্ষেত্র জন্মগৃহটোক কেন্দ্র কৰি বাস্তৱায়িত হৈ উঠিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ