--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন (CAA)-ৰ নিয়মসমূহ এতিয়াও প্ৰস্তুত কৰা হোৱা নাই। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে মঙলবাৰে সংসদক এই বিষয়ে অৱগত কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ বাবে সংসদৰ পৰা ৬ মাহৰ অতিৰিক্ত সময় বিচাৰিছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ৯ জানুৱাৰী,২০২২ লৈ এই সময়সীমা বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ জাননী সন্দৰ্ভত লোকসভাত প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদৰী কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুত কৰিছেনে নাই? জাননী জাৰীৰ বাবে অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে নেকি? যদি কৰিছে তেতিয়া হ’লে নিয়মবোৰ কি? যদি প্ৰস্তুত কৰা নাই তেনেহ’লে ইয়াৰ কাৰণ কি?’ সাংসদগৰাকীৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত গৃহ-মন্ত্ৰণালয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনক ১২-১২-২০১৯ তাৰিখে জাননী প্ৰেৰণ কৰা হৈছিল। ২০২০ চনত, ই আইনৰ ৰূপ পাইছিল। কিন্তু লোকসভা আৰু ৰাজ্যসভা কমিটীয়ে আইনখনৰ নিয়ম প্ৰস্তুত কৰিবলৈ জানুৱাৰী, ২০২২লৈকে সময় বিচাৰিছে।


উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত উত্থাপন কৰিছিল। এই আইনৰ অধীনত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আইনখনক লৈ তীব্ৰ প্ৰতিবাদৰ সূত্ৰপাত হৈছিল সমগ্ৰ ভাৰতবৰ্ষত। বিৰোধী দলেও এই আইনখনৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশ্যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে দেশত আইনৰ ৰূপ লোৱাৰ পাছতে মাৰণ ভাইৰাছ কৰ’নাৰ প্ৰৱেশ ঘটিছিল, সেয়েহে চৰকাৰে আইনখন প্ৰণয়ন কৰিবলৈ শেহতীয়াকৈ দীঘলীয়া সময় বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু