--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী আইন (CAA)-ৰ নিয়মসমূহ এতিয়াও প্ৰস্তুত কৰা হোৱা নাই। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে মঙলবাৰে সংসদক এই বিষয়ে অৱগত কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ বাবে সংসদৰ পৰা ৬ মাহৰ অতিৰিক্ত সময় বিচাৰিছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে। কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ৯ জানুৱাৰী,২০২২ লৈ এই সময়সীমা বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুতৰ জাননী সন্দৰ্ভত লোকসভাত প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদৰী কৰে যে, ‘কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম প্ৰস্তুত কৰিছেনে নাই? জাননী জাৰীৰ বাবে অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে নেকি? যদি কৰিছে তেতিয়া হ’লে নিয়মবোৰ কি? যদি প্ৰস্তুত কৰা নাই তেনেহ’লে ইয়াৰ কাৰণ কি?’ সাংসদগৰাকীৰ প্ৰশ্নৰ প্ৰত্যুত্তৰত গৃহ-মন্ত্ৰণালয়ে কয় যে, নাগৰিকত্ব সংশোধনী আইনক ১২-১২-২০১৯ তাৰিখে জাননী প্ৰেৰণ কৰা হৈছিল। ২০২০ চনত, ই আইনৰ ৰূপ পাইছিল। কিন্তু লোকসভা আৰু ৰাজ্যসভা কমিটীয়ে আইনখনৰ নিয়ম প্ৰস্তুত কৰিবলৈ জানুৱাৰী, ২০২২লৈকে সময় বিচাৰিছে।


উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত উত্থাপন কৰিছিল। এই আইনৰ অধীনত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ হিন্দু, শিখ, জৈন, খ্ৰীষ্টান, বৌদ্ধ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আইনখনক লৈ তীব্ৰ প্ৰতিবাদৰ সূত্ৰপাত হৈছিল সমগ্ৰ ভাৰতবৰ্ষত। বিৰোধী দলেও এই আইনখনৰ প্ৰবল বিৰোধিতা কৰিছিল। অৱশ্যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে দেশত আইনৰ ৰূপ লোৱাৰ পাছতে মাৰণ ভাইৰাছ কৰ’নাৰ প্ৰৱেশ ঘটিছিল, সেয়েহে চৰকাৰে আইনখন প্ৰণয়ন কৰিবলৈ শেহতীয়াকৈ দীঘলীয়া সময় বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ