--°C
Loading...
Listen to Article
2 min read
80%

বাংগালুৰু : আজি বাসবৰাজ বোম্মাইয়ে কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে। মঙলবাৰে বাংগালুৰুৰ এখন ব্যক্তিগত হোটেলত দলীয় বৈঠকৰ পাছত বোম্মাইক ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। বাংগালুৰুৰ ৰাজভৱনৰ ‘গ্লাছ হাউছ’ত অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলটে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় বোম্মাইক। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে আজি সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।

বিজেপিৰ জ্যেষ্ঠ বিধায়ক আৰ অশোকে কয় যে, কৰ্ণাটকৰ ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ সামৰণি পৰাৰ পাছতে মঙলবাৰে সন্ধিয়া বিধায়কসকলৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি বোম্মাইৰ বাবে বাংগালুৰুৰ পৰা নতুন দিল্লীলৈ এখন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য, দুবছৰীয়া কাৰ্যকালৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পাই পদত্যাগ কৰিছিল। য়েডিয়ুৰাপ্পাৰ মন্ত্ৰীসভাত তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল। বাসবৰাজ বোম্মাই হৈছে ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী জনতা দলৰ নেতা এছ আৰ বোম্মাইৰ পুত্ৰ। ২০০৮ চনত তেওঁ জনতা দল ইউনাইটেডৰ পৰা বিজেপিত যোগ দিয়ে। এই পদবী লাভৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোম্মাইয়ে কয় যে, তেওঁ কেতিয়াও এনে প্ৰত্যাশা ৰখা নাছিল আৰু তেওঁ কেৱল কঠিন পৰিশ্ৰমৰ ওপৰতে বিশ্বাস ৰাখিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ