--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধন -সম্পত্তি ক্ষন্তেকীয়া। সেই কথাকেই উপলব্ধি কৰি গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ ২০০ কোটি টকাৰ সম্পত্তি দান কৰিবলৈ সাজু হৈছে। ধনী ব্যৱসায়ীজনৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ এজন জৈনধৰ্মী লোক ।  ভৱেশ আৰু তেওঁৰ পত্নীয়ে এক অনুষ্ঠানক তেওঁলোকৰ সম্পূৰ্ণ সম্পত্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই জৈনধৰ্মীসকলৰ  সান্নিয়া ছত্ৰলৈ গৈছিল। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁলোকে তেওঁলোকৰ কন্যা  আৰু পুত্ৰৰ  কৰ্মত  অনুপ্ৰাণিত হৈ সকলো সম্পত্তি দান কৰাৰ সিদ্ধান্ত লয়।ভবেশ গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণখণ্ডৰ  ব্যৱসায়ৰ সৈতে  জড়িত । তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। তেওঁ সেই সকলো   সম্পত্তি দান কৰিব । তেওঁলোক দুয়োএতিয়া সন্ন্যাসীৰ দৰে  জীৱন যাপন কৰিব।  তেওঁলোকে সম্পত্তি দান কৰাৰ  আনুষ্ঠানিকতা ২২  এপ্ৰিলত সম্পন্ন  কৰাৰ কথা আছে। 

সেই দিনাৰ পৰাই ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো সাংসাৰিক  সম্পৰ্ক ছিন্ন কৰিব। তেওঁলোকে বস্তুবাদী চিন্তাধাৰাও এৰিব পেলাব । দীক্ষা লোৱাৰ পিছত  তেওঁলোকে সমগ্ৰ ভাৰতত খালি ভৰিৰে ভ্ৰমণ কৰিব আৰু কেৱল ভিক্ষা কৰি জীয়াই থাকিব  । জৈন ধৰ্মত দীক্ষাৰ অৰ্থ হৈছে বিলাসিতা পৰিহাৰ কৰা।যোৱা বছৰ, গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে একে ধৰণৰ পদক্ষেপ লৈছিল।

 ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাঠৌৰ আৰু পত্নী অনামিকাই ১০০ কোটি টকাৰ সম্পত্তি দান কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ তিনি বছৰীয়া ছোৱালীজনীক ককা-আইতাকৰ সৈতে এৰি তেওঁলোকে ভিক্ষাৰ  পাত্ৰ লৈ ৰাস্তাত নামিছিল । ভৱেশ আৰু তেওঁৰ পত্নীয়েও একেই পথকে  অনুসৰণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু