--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধন -সম্পত্তি ক্ষন্তেকীয়া। সেই কথাকেই উপলব্ধি কৰি গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ ২০০ কোটি টকাৰ সম্পত্তি দান কৰিবলৈ সাজু হৈছে। ধনী ব্যৱসায়ীজনৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ এজন জৈনধৰ্মী লোক ।  ভৱেশ আৰু তেওঁৰ পত্নীয়ে এক অনুষ্ঠানক তেওঁলোকৰ সম্পূৰ্ণ সম্পত্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০২২ চনত দম্পতীহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰই জৈনধৰ্মীসকলৰ  সান্নিয়া ছত্ৰলৈ গৈছিল। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁলোকে তেওঁলোকৰ কন্যা  আৰু পুত্ৰৰ  কৰ্মত  অনুপ্ৰাণিত হৈ সকলো সম্পত্তি দান কৰাৰ সিদ্ধান্ত লয়।ভবেশ গুজৰাটৰ হিম্মতনগৰৰ এজন ব্যৱসায়ী। তেওঁ নিৰ্মাণখণ্ডৰ  ব্যৱসায়ৰ সৈতে  জড়িত । তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। তেওঁ সেই সকলো   সম্পত্তি দান কৰিব । তেওঁলোক দুয়োএতিয়া সন্ন্যাসীৰ দৰে  জীৱন যাপন কৰিব।  তেওঁলোকে সম্পত্তি দান কৰাৰ  আনুষ্ঠানিকতা ২২  এপ্ৰিলত সম্পন্ন  কৰাৰ কথা আছে। 

সেই দিনাৰ পৰাই ভৱেশ আৰু তেওঁৰ পত্নীয়ে সকলো সাংসাৰিক  সম্পৰ্ক ছিন্ন কৰিব। তেওঁলোকে বস্তুবাদী চিন্তাধাৰাও এৰিব পেলাব । দীক্ষা লোৱাৰ পিছত  তেওঁলোকে সমগ্ৰ ভাৰতত খালি ভৰিৰে ভ্ৰমণ কৰিব আৰু কেৱল ভিক্ষা কৰি জীয়াই থাকিব  । জৈন ধৰ্মত দীক্ষাৰ অৰ্থ হৈছে বিলাসিতা পৰিহাৰ কৰা।যোৱা বছৰ, গুজৰাটৰ এজন কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে একে ধৰণৰ পদক্ষেপ লৈছিল।

 ইয়াৰ পূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ধনী ব্যৱসায়ী সুমিত ৰাঠৌৰ আৰু পত্নী অনামিকাই ১০০ কোটি টকাৰ সম্পত্তি দান কৰি সংবাদ শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ তিনি বছৰীয়া ছোৱালীজনীক ককা-আইতাকৰ সৈতে এৰি তেওঁলোকে ভিক্ষাৰ  পাত্ৰ লৈ ৰাস্তাত নামিছিল । ভৱেশ আৰু তেওঁৰ পত্নীয়েও একেই পথকে  অনুসৰণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ