--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনী বণ্ডক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত প্ৰথমবাৰলৈ বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ উচ্চতম ন্যায়ালয়ে বাতিল কৰিলেও নিৰ্বাচনী বণ্ডৰ সপক্ষে স্থিতি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে নিৰ্বাচনী বণ্ড বাতিল কৰাৰ বাবে আগত সময়ত সকলোৱে অনুশোচনা কৰিব লাগিব৷ নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহলৈ অহা ধনৰ উৎস সহজেই জনা যায় বুলি দাবী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলো ৰাজনৈতিক দলে নিৰ্বাচনত খৰচ কৰিব লাগিব। বিজেপিত থকাসকলেও কৰিব লাগিব৷ ভাৰতত নির্বাচনত ক’লা ধনৰ ব্যৱহাৰ সন্দর্ভত দীৰ্ঘদিনধৰি চর্চা চলি আহিছে৷ মই মাত্ৰ বিচাৰিছিলোঁ যে আমি এনে এটা ব্যৱস্থা আনিম য’ত নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰ বন্ধ হৈ যাব৷ সেইবাবে আমি এটা উপায় উলিয়ালোঁ। মই কোৱা নাই যে এয়াই একমাত্ৰ উপায়, কিন্তু আমি এটা পথ দেখুৱালোঁ।

মোদীয়ে লগতে দাবী কৰে, নিৰ্বাচনী বণ্ড প্ৰৱৰ্তনৰ বাবেই কোনটো দলক কোনে, কেতিয়া আৰু কিমান টকা দিছে সেই তথ্য সহজেই সমুখলৈ আহিছে৷ সেইকাৰণেই মই কওঁ যদি বিৰোধীয়ে সৎভাৱে চিন্তা কৰে, তেন্তে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে এদিন অনুশোচনা কৰিব লাগিব।

বিৰোধীৰ অভিযোগসমূহক অসত্য বুলি দাবী কৰি নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক দান দিয়া ৩ হাজাৰ সংগঠনৰ ভিতৰত মাত্ৰ ২৬ সংগঠনৰহে ইডিৰ তদন্ত চলি আছে। এই ২৬টাৰ ভিতৰত ১৬টা কোম্পানীয়ে ইডি অভিযান আৰম্ভ হোৱাৰ পিছত নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। এই ১৬টা সংগঠনে আগবঢ়োৱা ধনৰ ভিতৰত মাত্ৰ ৩৭ শতাংশহে চান্দা হিচাপে বিজেপিৰ তহবিললৈ গৈছিল। বাকী ৬৩ শতাংশ অনুদান বিৰোধী দলসমূহে লাভ কৰে। ফলত নৰেন্দ্ৰ মোদীয়েও দাবী কৰে যে কেন্দ্ৰীয় সংস্থাটোৰ ভয়ত সংগঠনসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে বুলি বিৰোধীয়ে কৰা অভিযোগৰ কোনো ভিত্তি নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ