--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। ভাৰতীয় দলৰ বাহিৰেও আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছৰ উপৰিও ৰোহিত শৰ্মাই আই পি এলত ডেকান চাৰ্জাৰ্ছ হায়দৰাবাদৰ হৈ পূৰ্বে খেলিছে। ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে ৫ বাৰকৈ আই পি এল খিতাপ দখল কৰে। কিন্তু ৰোহিত শৰ্মাৰ নেট ৱৰ্থ জানেনে? 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰোহিত শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ২১৪ কোটি টকা। ভাৰতীয় অধিনায়কগৰাকীৰ মুম্বাইত আছে এটা বিলাসী এপাৰ্টমেণ্ট। এই বিলাসী এপাৰ্টমেণ্টটোৰ খৰচ প্ৰায় ৩০ কোটি। ইয়াৰ বাহিৰেও ৰোহিত শৰ্মাৰ হাতত আছে প্ৰায় ৬-৭ কোটি টকাৰ বিলাসী গাড়ী। বহু কোম্পানীত বিনিয়োগ কৰাৰ উপৰিও ৰোহিত শৰ্মাই ৰিয়েল এষ্টেটতো বিনিয়োগ কৰে আৰু বহু ব্ৰেণ্ডৰ বিজ্ঞাপন দিয়ে। কিন্তু ৰোহিত শৰ্মাৰ তুলনাত ক’ত আছে বিৰাট কোহলী? বিৰাট কোহলীৰ সম্পত্তি কিমান?

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে এইগৰাকী খেলুৱৈৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০৫০ কোটি টকা। ভাৰতীয় দলৰ বাহিৰেও বিৰাট কোহলীয়ে আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে। লগতে বিৰাট কোহলীয়ে বিজ্ঞাপনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। আনহাতে, বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। লগতে বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবে ৮.৯ কোটি টকা লয়। আনহাতে বিৰাট কোহলীয়ে ফেচবুকত এটা পোষ্টৰ বাবে ২.৫ কোটি টকা লয়। এইদৰে উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলী সতীৰ্থ খেলুৱৈ ৰোহিত শৰ্মাতকৈ বহু আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু