--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। ভাৰতীয় দলৰ বাহিৰেও আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছৰ উপৰিও ৰোহিত শৰ্মাই আই পি এলত ডেকান চাৰ্জাৰ্ছ হায়দৰাবাদৰ হৈ পূৰ্বে খেলিছে। ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে ৫ বাৰকৈ আই পি এল খিতাপ দখল কৰে। কিন্তু ৰোহিত শৰ্মাৰ নেট ৱৰ্থ জানেনে? 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰোহিত শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ২১৪ কোটি টকা। ভাৰতীয় অধিনায়কগৰাকীৰ মুম্বাইত আছে এটা বিলাসী এপাৰ্টমেণ্ট। এই বিলাসী এপাৰ্টমেণ্টটোৰ খৰচ প্ৰায় ৩০ কোটি। ইয়াৰ বাহিৰেও ৰোহিত শৰ্মাৰ হাতত আছে প্ৰায় ৬-৭ কোটি টকাৰ বিলাসী গাড়ী। বহু কোম্পানীত বিনিয়োগ কৰাৰ উপৰিও ৰোহিত শৰ্মাই ৰিয়েল এষ্টেটতো বিনিয়োগ কৰে আৰু বহু ব্ৰেণ্ডৰ বিজ্ঞাপন দিয়ে। কিন্তু ৰোহিত শৰ্মাৰ তুলনাত ক’ত আছে বিৰাট কোহলী? বিৰাট কোহলীৰ সম্পত্তি কিমান?

ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে এইগৰাকী খেলুৱৈৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০৫০ কোটি টকা। ভাৰতীয় দলৰ বাহিৰেও বিৰাট কোহলীয়ে আই পি এলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে। লগতে বিৰাট কোহলীয়ে বিজ্ঞাপনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। আনহাতে, বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। লগতে বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ বাবে ৮.৯ কোটি টকা লয়। আনহাতে বিৰাট কোহলীয়ে ফেচবুকত এটা পোষ্টৰ বাবে ২.৫ কোটি টকা লয়। এইদৰে উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলী সতীৰ্থ খেলুৱৈ ৰোহিত শৰ্মাতকৈ বহু আগবাঢ়ি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক