--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ বিশ্বকাপত ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব। যদিও, আগতে এই মেচৰ তাৰিখ ১৫ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু পাছত পুনৰ সলনি কৰা হৈছিল। ভাৰত-পাকিস্তানৰ খেলৰ বাহিৰেও ৮খন খেলৰ সূচী সলনি কৰা হৈছে। আইচিচিৰ নতুন সূচী অনুসৰি অহা ১০ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত খেল অনুষ্ঠিত হ’ব। একে সময়তে ১০ অক্টোবৰত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত খেলখনো অনুষ্ঠিত হ’ব। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব ইংলেণ্ড আৰু বাংলাদেশৰ মাজত খেলখন অনুষ্ঠিত হ’ব। আনহাতে পাকিস্তান আৰু শ্ৰীলংকাৰ খেল দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হ’ব।

একে সময়তে ১২ অক্টোবৰত দিনৰ ২ বজাৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব খেলখন। আনহাতে ১৩ অক্টোবৰত মুখামুখি হ’ব নিউজিলেণ্ড আৰু বাংলাদেশৰ দল। ভাৰতৰ সময় অনুসৰি বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব দুয়োখন দলৰ খেল।১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত-পাকিস্তান দল। এই খেলখন দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব। আনহাতে ১৫ অক্টোবৰত দিনৰ ২ বজাৰ পৰা ইংলেণ্ড আৰু আফগানিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব।

অহা ১১ নৱেম্বৰত অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। ভাৰতীয় সময় অনুসৰি পুৱা ১০.৩০ বজাৰ পৰা অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ খেল অনুষ্ঠিত হ’ব। এই দিনটোত অৰ্থাৎ ১১ নৱেম্বৰত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। এই খেলখন দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব। একে সময়তে ইয়াৰ বাহিৰেও ১২ নৱেম্বৰত ভাৰতীয় দলৰ সন্মুখত হ’ব নেদাৰলেণ্ডৰ প্ৰত্যাহ্বান। ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত ভাৰতৰ সময় অনুসৰি দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব এই খেলখন।












FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু