--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ অঞ্চলৰ পৰা আহিছে এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। তথ্য অনুসৰি লেহৰ পৰা পূব লাডাখলৈ যোৱা এখন ব্যক্তিগত বাছ ২০০ মিটাৰ দ খাৱৈত পৰিছে। বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। একে সময়তে ২২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তাতেই চিকিৎসাধীন হৈ আছে। 

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি লেহৰ ডাৰবুক অঞ্চলত বাছখন খাৱৈত পৰাৰ ঘটনা সংঘটিত হৈছে। ইয়াত বাছখন পূব লাডাখ অভিমুখে গৈ আছিল যদিও দুৰ্ঘটনাৰ সন্মুখীন হৈ ২০০ মিটাৰ দ খাৱৈত বাগৰি পৰে। আহত একাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক চিকিৎসাৰ বাবে জিলা চিকিৎসালয় এছ এন এম লেহলৈ লৈ যোৱা হৈছে। 

লেহৰ উপ আয়ুক্ত সন্তোষ সুখদেৱে কয় যে বাছখনত বিবাহ অনুষ্ঠানলৈ যোৱা বিদ্যালয়ৰ কৰ্মচাৰী আছিল। তেওঁ জনোৱা মতে, এই সময়ছোৱাত বাছখন ডাৰবুক অঞ্চলৰ খাৱৈত পৰি যায়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোকে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়, য’ত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। হেলিকপ্টাৰৰ সহায়ত ২২ জন আহতক লেহৰ এছ এন এম হাস্পতাল আৰু আৰ্মী হাস্পতাললৈ লৈ যোৱা হয়। সুখদেৱে কয় যে আহত দুজনৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ