--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ অঞ্চলৰ পৰা আহিছে এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ। তথ্য অনুসৰি লেহৰ পৰা পূব লাডাখলৈ যোৱা এখন ব্যক্তিগত বাছ ২০০ মিটাৰ দ খাৱৈত পৰিছে। বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। একে সময়তে ২২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তাতেই চিকিৎসাধীন হৈ আছে। 

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি লেহৰ ডাৰবুক অঞ্চলত বাছখন খাৱৈত পৰাৰ ঘটনা সংঘটিত হৈছে। ইয়াত বাছখন পূব লাডাখ অভিমুখে গৈ আছিল যদিও দুৰ্ঘটনাৰ সন্মুখীন হৈ ২০০ মিটাৰ দ খাৱৈত বাগৰি পৰে। আহত একাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক চিকিৎসাৰ বাবে জিলা চিকিৎসালয় এছ এন এম লেহলৈ লৈ যোৱা হৈছে। 

লেহৰ উপ আয়ুক্ত সন্তোষ সুখদেৱে কয় যে বাছখনত বিবাহ অনুষ্ঠানলৈ যোৱা বিদ্যালয়ৰ কৰ্মচাৰী আছিল। তেওঁ জনোৱা মতে, এই সময়ছোৱাত বাছখন ডাৰবুক অঞ্চলৰ খাৱৈত পৰি যায়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোকে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়, য’ত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। হেলিকপ্টাৰৰ সহায়ত ২২ জন আহতক লেহৰ এছ এন এম হাস্পতাল আৰু আৰ্মী হাস্পতাললৈ লৈ যোৱা হয়। সুখদেৱে কয় যে আহত দুজনৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন