--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ ঘটনাই দেশজুৰি তোলপাৰ সৃষ্টি কৰিযোৱাৰ পাছতে, আন এক খবৰে চৰ্চা লাভ কৰিছে। কলকাতাৰ অপৰাধীৰ দৰে বিকৃত মানসিকতাৰ এজন অটোচালকে দুগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰৰ কৰাৰ তথ্য পোহৰলৈ আহিছে।
 
কলকাতাৰ চিকিৎসকগৰাকীৰ লগত যি হৈছিল, ছাত্ৰী দুগৰাকীৰ লগতো তেনে ব্যৱহাৰ কৰাৰ ভাবুকি প্ৰদান কৰে অটো চালকজনে।অটো চালকজনে  এই মন্তব্য কৰাৰ লগে লগে ছাত্ৰীদুগৰাকীয়ে অটো চালকজনৰ ওপৰত আক্ৰমণ কৰাৰ লগে লগে।স্থানীয় লোকসকলেও প্ৰহাৰ কৰে অটো চালকজনক। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
 
প্ৰাপ্ত তথ্য অনুসৰি নাগপুৰৰ পাৰ্দী থানাৰ সমীপত ঘটানোটো সংঘটিত হৈছিল। ছাত্ৰী দুয়োগৰাকীয়ে অট’ত গৈ থাকোতে উচ্চস্বৰ কথা পাতি আছিল। চালক জনে উচ্চস্বৰত কথা পাতিবলৈ বধা দিয়াত বিতৰ্কৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। চালক জনে ছাত্ৰীদুগৰাকীৰ ওচৰত ক্ষমা খুজাৰ পাছতে পৰিস্থিতি শাম কাটে। ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে৷

এনে ঘটনাৰ পৰিসাপ্তি ঘটিব নে? শিক্ষা,প্ৰযুক্তি আদিৰ প্ৰসাৰৰ পিছতো মানৱ সমাজত এনে মানসিকতা পৰিতাপৰ বিষয়। প্ৰশ্ন হয় কঠোৰ আইন বলৱৎ কৰিলেই ধৰ্ষণ তথা নিৰ্যাতনৰ দৰে অপৰাধ নিৰ্মূল হ’ব নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন