--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফ ডি চি হ’ল এনেবোৰ ঔষধ যিবোৰ নিৰ্দিষ্ট অনুপাতত দুটা বা তাতকৈ অধিক ঔষধ মিহলাই প্ৰস্তুত কৰা হয়। বৰ্তমান এনে ঔষধ বৃহৎ পৰিসৰত ব্যৱহাৰ কৰা হৈছে। এইবোৰক ককটেল ঔষধ বুলিও কোৱা হয়।

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে জ্বৰ, চৰ্দি, এলাৰ্জী আৰু বিষৰ বাবে ব্যৱহাৰ কৰা ১৫৬ টা ফিক্সড ড’জ কম্বিনেচন (এফ ডি চি) ঔষধ  । এতিয়া এই ঔষধবোৰ বজাৰত বিক্ৰী নহ’ব। চৰকাৰে কয় যে এই ঔষধসমূহ স্বাস্থ্যৰ বাবে সংকটজনক হ’ব পাৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যোৱা ১২ আগষ্টত জাৰি কৰা অধিসূচনা অনুসৰি চৰকাৰে ফাৰ্মা কোম্পানীয়ে প্ৰস্তুত কৰা বিষৰ ঔষধ হিচাপে Aceclofenac 50 mg + Paracetamol 125 mg টেবলেট ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

নিষিদ্ধ এফডিচিসমূহৰ ভিতৰত মেফেনামিক এচিড + পেৰাচিটামল ইনজেকচন, চেটিৰিজিন এইচচিএল + পেৰাচিটামল + ফেনাইলেফ্ৰিন এইচচিএল, লেভ’চেটিৰিজিন + ফেনিলেফ্ৰিন এইচচিএল + পেৰাচিটামল, পেৰাচিটামল + ক্ল’ৰফেনিৰামাইন মেলেট + ফেনাইল প্ৰ’পেন’লামাইন আৰু কেমাইলফিন ডাইহাইড্ৰ’ক্লৰাইড ২৫ মিলিগ্ৰাম + পেৰাচিটামল ৩০০ মিলিগ্ৰামও অন্তৰ্ভুক্ত।

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে পেৰাচিটামল, ট্ৰেমাডল, টেৰিন আৰু কেফেইনৰ সংমিশ্ৰণ নিষিদ্ধ কৰিছে। ট্ৰেমাডল এবিধ বিষ নিৰাময়কাৰী ঔষধ। অধিসূচনা অনুসৰি স্বাস্থ্য মন্ত্ৰালয়ে এফ ডি চিৰ ঔষধৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে বুলি ধৰা পেলাইছে। আনহাতে ইয়াতকৈ নিৰাপদ বিকল্প উপলব্ধ। এই বিষয়টোৰ তদন্ত কেন্দ্ৰই নিযুক্তি দিয়া এক বিশেষজ্ঞ সমিতিয়ে কৰে।

ড্ৰাগ টেকনিকেল এডভাইজাৰী ব’ৰ্ডেও এই এফডিচিসমূহ পৰীক্ষা কৰি এই এফডিচিসমূহ অপকাৰী বুলি পৰামৰ্শ দিয়ে। অধিসূচনাৰ মতে, এফ ডি চিৰ পৰা বিপদ হ’ব পাৰে। জনস্বাৰ্থত এই এফ ডি চি সমূহ নিৰ্মাণ, বিক্ৰী বা বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই তালিকাত কিছুমান ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ ইতিমধ্যে বহু ঔষধ নিৰ্মাতাই বন্ধ কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন