--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট মডেলৰ বাবে নহয় এইবাৰ জালনোটৰ বাবেহে প্ৰেক্ষাপটত গুজৰাট৷ ২০১৬ চনত বিমুদ্ৰাকৰণৰ পাছত প্ৰৱৰ্তন কৰা ২০০০ টকীয়া নোটখন আছিল এখন বৃহৎ নোট।কিন্তু এই বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০টকীয়া নোটখনক পৰ্যায়ক্ৰমে বন্ধ কৰি দিছে, তথাপিও নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে দিয়া তথ্যনুসৰি দেশত ২০০০ টকীয়া ভুৱা নোট জব্দ কৰাত আগবাঢ়ি আছে গুজৰাট।


এনচিআৰবিৰ ক্ৰাইম ইন ইণ্ডিয়া-২০২২ প্ৰতিবেদনত প্ৰকাশ পাইছে যে যোৱা বছৰ গুজৰাটত ২০০০ টকাৰ সৰ্বাধিক ১১.২৮ লাখ জাল নোট জব্দ কৰা হৈছে, যিটো ২০০০ টকীয়া নোটৰ মুঠ ৰাষ্ট্ৰীয় জব্দৰ ৯৮%।ইয়াৰ পাছত দ্বিতীয় স্থানত আছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, ২০২২ চনত ২০০০ টকীয়া ৭৩,২৫৩ টা ভুৱা নোট জব্দ কৰাৰ বিপৰীতে গুজৰাটৰ চুবুৰীয়া ৰাজ্য ৰাজস্থানত ১৩,৬৫৩ খন নোট জব্দ কৰি তাৰ পাছত স্থান লাভ কৰিছে।


গুজৰাটে বিভিন্ন মূল্যৰ সামগ্ৰিকভাৱে মুদ্ৰা জব্দৰ ক্ষেত্ৰতো আগবাঢ়ি আছে, যাৰ পৰিমাণ দেশত জব্দ হোৱা প্ৰায় ৭৩%। তথ্য অনুসৰি ৰাজ্যখনত দেশজুৰি ৪২.০৭ লাখ জাল নোটৰ মুঠ ৩০.৬৪ লাখ জব্দ কৰা হৈছে।জব্দ কৰা নোটসমূহৰ ভিতৰত ১০ টকা, ২০ টকা, ৫০ টকা, ১০০ টকা, ২০০ টকা, বিমুদ্ৰাকৃত ৫০০,১০০০ টকাকে ধৰি বিভিন্ন মূল্যৰ নোট আছে৷আৰু ২০০০ টকীয়া নোট।


উল্লেখ্য যে, গুজৰাটত ২০২২ চনৰ ডিচেম্বৰ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।অৱশ্যে এনচিআৰবিয়ে উপস্থাপন কৰা তথ্যসমূহ ৰাজ্যিক বিধানসভাত ভাগ কৰা তথ্যৰ পৰা পৃথক। চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰশ্ন ঘণ্টাৰ সময়ত কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ২০২১ আৰু ২০২২ চনত ৰাজ্যখনত ভুৱা মুদ্ৰা জব্দৰ সৈতে জড়িত ২৬টা গোচৰৰ কথা উল্লেখ কৰিছিল।২০২১ চনত ৯টা গোচৰত ২০৮৬টা জাল মুদ্ৰা নোট উদ্ধাৰ কৰা হৈছে, আনহাতে কংগ্ৰেছৰ বিধায়ক অনন্তকুমাৰ পেটেলৰ এক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰী পেটেলে ২০২২ চনত ১৭টা গোচৰত ১৪,১৬৫টা জব্দ কৰিছিল বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক