--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ এগৰাকী মাতৃৰ নিষ্ঠুৰ কাণ্ডই জোকাৰি গৈছে আমেৰিকা। আ-অলংকাৰৰ লোভত মাতৃয়ে গ’লে চৰম সিদ্ধান্ত।কোলা শুৱনি কৰা শিশুটিৰ প্ৰতি মাতৃৰ পাশৱিক আচৰণে উদঙাইছে আগৰণুৱা আমেৰিকাৰ প্ৰকৃত ৰূপ । ‘নৈৰ সমান ব’ব কোন আইৰ সমান হ’ব কোন?’ কথাষাৰ যেন এতিয়া গোকাট মিছা কথা! কথাষাৰৰ মৰ্মাৰ্থ থাকিলেও বা শুনিবলৈ শুৱলা হ’লেও বাস্তৱ প্ৰেক্ষাপটৰ সাময়িক এক ঘটনাই সকলোৰে চকু কপালত তুলিছে। আচৰিত যেন লাগিলেও, মাতৃৰ মমতাৰ আঁচলতে নিৰাপত্তাহীনতাত ভুগিছে এটি শিশু। এগৰাকী মাতৃৰ হীন কাৰ্যই উগ্বিগ্ন কৰি তুলিছে সচেতন মহলক। ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশৰ এগৰাকী মহিলাই ধন আৰু অলংকাৰৰ লোভত তেওঁৰ ১৩বছৰীয়া কন্যাক বিক্ৰী কৰাৰ বাতৰি পোহৰলৈ আহিছে।

সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পোৱাৰ লগে লগে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। উল্লেখ্য যে, ২০০০ ডলাৰ আৰু সোণৰ অলংকাৰৰ লোভত নিজ কন্যাক মাতৃয়ে জি কিউ ইয়া নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰিছে মহিলাগৰাকীয়ে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সৰব হৈ পৰিছে সচেতন মহল। মহিলাগৰাকীৰ এই অপৰাধৰ বাবে কাউণ্টিত শিশু বিক্ৰীৰ গোচৰো ৰুজু কৰা হৈছে। ‘দ্যা জাৰ্নেল গেজেট’ত প্ৰকাশ পোৱা মতে আৰক্ষীয়ে কিশোৰীগৰাকীক ক্ৰয় কৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে ১৩বছৰীয়া কিশোৰীগৰাকীক ২৭বছৰীয়া লোকজনৰ সৈতে বিয়াও পাতি দিয়ে বুলি পোহৰলৈ আহিছে। অৱশ্যে, এই অপৰাধৰ বাবে মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক