--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ এগৰাকী মাতৃৰ নিষ্ঠুৰ কাণ্ডই জোকাৰি গৈছে আমেৰিকা। আ-অলংকাৰৰ লোভত মাতৃয়ে গ’লে চৰম সিদ্ধান্ত।কোলা শুৱনি কৰা শিশুটিৰ প্ৰতি মাতৃৰ পাশৱিক আচৰণে উদঙাইছে আগৰণুৱা আমেৰিকাৰ প্ৰকৃত ৰূপ । ‘নৈৰ সমান ব’ব কোন আইৰ সমান হ’ব কোন?’ কথাষাৰ যেন এতিয়া গোকাট মিছা কথা! কথাষাৰৰ মৰ্মাৰ্থ থাকিলেও বা শুনিবলৈ শুৱলা হ’লেও বাস্তৱ প্ৰেক্ষাপটৰ সাময়িক এক ঘটনাই সকলোৰে চকু কপালত তুলিছে। আচৰিত যেন লাগিলেও, মাতৃৰ মমতাৰ আঁচলতে নিৰাপত্তাহীনতাত ভুগিছে এটি শিশু। এগৰাকী মাতৃৰ হীন কাৰ্যই উগ্বিগ্ন কৰি তুলিছে সচেতন মহলক। ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশৰ এগৰাকী মহিলাই ধন আৰু অলংকাৰৰ লোভত তেওঁৰ ১৩বছৰীয়া কন্যাক বিক্ৰী কৰাৰ বাতৰি পোহৰলৈ আহিছে।

সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পোৱাৰ লগে লগে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। উল্লেখ্য যে, ২০০০ ডলাৰ আৰু সোণৰ অলংকাৰৰ লোভত নিজ কন্যাক মাতৃয়ে জি কিউ ইয়া নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰিছে মহিলাগৰাকীয়ে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সৰব হৈ পৰিছে সচেতন মহল। মহিলাগৰাকীৰ এই অপৰাধৰ বাবে কাউণ্টিত শিশু বিক্ৰীৰ গোচৰো ৰুজু কৰা হৈছে। ‘দ্যা জাৰ্নেল গেজেট’ত প্ৰকাশ পোৱা মতে আৰক্ষীয়ে কিশোৰীগৰাকীক ক্ৰয় কৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে ১৩বছৰীয়া কিশোৰীগৰাকীক ২৭বছৰীয়া লোকজনৰ সৈতে বিয়াও পাতি দিয়ে বুলি পোহৰলৈ আহিছে। অৱশ্যে, এই অপৰাধৰ বাবে মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক